নিউজ ডেস্ক : ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS)ৰ প্ৰধান মোহন ভাগৱতে মঙলবাৰে এক গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে। RSS প্ৰধানগৰাকীয়ে কয় যে, "ভাৰতক খণ্ডিত বা ধ্বংস কৰাৰ প্ৰচেষ্টা কেতিয়াও সফল নহ’ব। শাসন ব্যৱস্থা বা চৰকাৰ সলনি হ’লেই পৰিস্থিতি সলনি হ’ব বুলি ভবাটো ভুল, এনেকুৱা আগতেও কেতিয়াও হোৱা নাই আৰু ভৱিষ্যতেও নহয়।"
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে চলি থকা SIR অনিয়মৰ প্ৰতিবাদৰ মাজতে তেওঁ কয় যে, আন্দোলনে কোনো পৰিৱৰ্তন আনিব নোৱাৰে আৰু সমস্যাৰ সমাধান সমাজৰ ভিতৰৰ পৰাই আহে।
“ভাৰতবৰ্ষ তেওঁলোকৰ মূল লক্ষ্য কাৰণ ভাৰত আগবাঢ়িছে। এই অশুভ শক্তিবোৰে জানে যে যোৱা কেইটামান দশকত যিবোৰ নিৰ্ণায়ক নীতিৰে ভাৰত আগবাঢ়ি গৈছে, তাক তেওঁলোকে ব্যাহত কৰিব নোৱাৰে... তেওঁলোকে ভাৰত আৰু সংঘক উৎখাত (dismantle) কৰাৰ চেষ্টা চলাইছে।” নাগপুৰৰ বিজয়াদশমী উৎসৱত অংশগ্ৰহণ কৰি ভাগৱতে এইদৰে উল্লেখ কৰে।
লগতে তেওঁ সকীয়াই দিয়ে যে যেতিয়া প্ৰতিবাদসমূহ ৰাজনৈতিক বা উচটনিমূলক হয়, তেতিয়া ই উত্তেজনা, অৰাজকতা আৰু ব্যাহত জনশৃংখলাৰ সৃষ্টি কৰে।
'পশ্চিম দিশৰ পৰা ধুমুহা আহি আছে'
তথ্য অনুসৰি, RSS প্ৰধানগৰাকীয়ে কয়, “ভাৰতীয়সকলে সতৰ্ক হোৱাৰ প্ৰয়োজন আছে যে, এনে কিছুমান শক্তি সক্ৰিয় হৈ আছে যিবোৰে দেশখনক উন্নত হোৱাৰ পথৰ পৰা আঁতৰাই পঠিয়াব বিচাৰে। এয়া স্পষ্ট যে… বিশ্বত এনে বহু শক্তি আছে যিবোৰে ভাৰত পৰাজিত হোৱাটো বিচাৰে।”
“পশ্চিমৰ পৰা এটা ধুমুহা আহিছে যিয়ে সংস্কৃতি, ব্যৱস্থা আৰু নিৰাপত্তাক ঘৃণা কৰে… ই ইয়াক ধ্বংস কৰিব বিচাৰে”। সমাধান বিচাৰি উলিয়াবলৈ বুলি কৰা বিদেশী হস্তক্ষেপ আৰু ইয়াৰ জৰিয়তে ক্ষমতা সলনি কৰিবলৈ কৰা প্ৰচেষ্টাৰ যুক্তিৰ সমৰ্থনত তেওঁ ফ্ৰান্স, নেপাল আৰু বাংলাদেশৰ দৰে দেশৰ উদাহৰণ দাঙি ধৰে।
"ভাৰতত একাংশ লোক আছে যিসকলে এই শক্তিবোৰে কি বিচাৰে তাৰ প্ৰতিফলন ঘটায় যেন লাগে। ভাৰততো তেওঁলোকৰ মতামতৰ সপক্ষে কিছুমান লোক আছে, যাৰ বুদ্ধিমত্তা কম আৰু ক্ষমতাৰ প্ৰতি তৃষ্ণা আছে " বুলিও তেওঁ উল্লেখ কৰে।
প্ৰতিবাদৰ জৰিয়তে নহয়, বৰঞ্চ সমাজৰ অন্তৰ্ভাগৰ পৰাই যাতে সমস্যাসমূহৰ সমাধান আহে, তাক নিশ্চিত কৰিবলৈ আহ্বান জনাই তেওঁ সমাজক সজাগ হ’বলৈ আহ্বান জনায়।
চৰকাৰ সলনি বা শাসন পৰিৱৰ্তন
উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণে দিল্লীত ভোটাৰ তালিকাৰ SIR কথিত অনিয়মৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদসমূহ 'প্ৰকৃততে শাসন সলনিৰ বাবে এক যুঁজ' হৈ পৰিছে বুলি কৰা মন্তব্যই এক ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি কৰাৰ কেইদিনমান পিছতে মোহন ভাগৱতে এই মন্তব্য আগবঢ়াইছে।
"চৰকাৰে অভিযোগ কৰে যে, বিৰোধীয়ে ক্ষমতা সলনি কৰিব বিচাৰে, নিৰ্বাচন যাতে সঠিকভাৱে অনুষ্ঠিত হয় তাৰ বাবে আমি বৰ্তমান যুঁজি আছোঁ। কিন্তু যদি এইধৰণৰ নিৰ্দয়তা চলি থাকে, তেন্তে নিশ্চিতভাৱে শাসন সলনি হ’ব" বুলি বিগত সপ্তাহত ভূষণে উল্লেখ কৰে।
বিজেপিয়ে ইয়াৰ তীব্ৰ প্ৰত্যুত্তৰ দিয়ে, য’ত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নাম প্ৰকাশ নকৰা কিছুমান গোটৰ বিৰুদ্ধে দেশত ৰাজনৈতিক অস্থিৰতা সৃষ্টি কৰিবলৈ যুৱক-যুৱতীসকলক ব্যৱহাৰ কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰিছে। বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ চি আৰ কেশৱনেও শাসন সলনি কৰাৰ এই আহ্বানক তীব্ৰ সমালোচনা কৰি কয় যে, ভূষণৰ মন্তব্যই প্ৰমাণ কৰিলে যে CEC বিৰোধী প্ৰতিবাদ আছিল চৰকাৰ পতনৰ বাবে বিৰোধীৰ তথাকথিত গোপন এজেণ্ডাৰ এক "ধূম্ৰজাল" হে মাত্ৰ।
পৰিৱেশ বিজ্ঞান আৰু নৈতিকতাৰ মাজৰ ভাৰসাম্য
নাগপুৰত ভাষণ প্ৰসংগত RSS প্ৰধানগৰাকীয়ে কয় যে, ভাৰতে পথ প্ৰদৰ্শন কৰাৰ প্ৰয়োজন আছে আৰু উন্নয়নৰ এটা নতুন মাপকাঠী নিৰ্ধাৰণ কৰিব লাগে, যাৰ ফলত মানৱতাৰ কোনো ক্ষতি নহয়।
লগতে কয় যে, বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নতি হ'বই, কিন্তু তাৰ সমান্তৰালভাৱে পৰিৱেশ আৰু নৈতিকতাক যাতে আওকাণ কৰা নহয়, তাক নিশ্চিত কৰাৰ প্ৰয়োজন আছে। তেওঁ ভাৰতৰ বৈচিত্ৰ্যক সুৰক্ষিত কৰা আৰু সন্মান জনোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে আৰু উল্লেখ কৰে যে ধৰ্ম, ভাষা আৰু খাদ্যৰ পছন্দৰ ক্ষেত্ৰত বিভিন্ন বৈচিত্ৰ্য বিদ্যমান।
মোহন ভাগৱতে অলপতে নেপালত হোৱা বানপানীৰ প্ৰসংগ উল্লেখ কৰি এয়া উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যৰ মাজত থকা অমিল বা সংগতিহীনতাৰ এক স্পষ্ট উদাহৰণ বুলি উল্লেখ কৰে।
"কলিকাতাৰ ঘটনাটো আমাৰ নিজৰ ভুলৰ বাবেই হৈছে, কিন্তু নেপালত যি ঘটিছিল সেয়া আছিল এক প্ৰাকৃতিক দুৰ্যোগ" বুলি ভাগৱতে মন্তব্য কৰে। ইয়াৰ লগতে তেওঁ ভাৰত, নেপাল আৰু চীনক সামৰি লোৱা সমগ্ৰ হিমালয় অঞ্চলটোক সতৰ্ক কৰি দিয়ে আৰু কয় যে, উন্নয়নৰ ফলত এই অঞ্চলটোত সমস্যাৰ সৃষ্টি হৈছে।
"বহুত মানুহৰ প্ৰাণহানি হৈছে। আমি উন্নয়ন আৰু উন্নয়নৰ নামত যাতে মানুহৰ মৃত্যু নহয় , এই দুয়োটাৰ মাজত ভাৰসাম্য ৰাখিব লাগিব" বুলিও RSS প্ৰধান মোহন ভাগৱতে মন্তব্য কৰে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।