এই ঘটনাৰ পিছতে নাবালক পুত্ৰই নিজেই আৰক্ষীলৈ ফোন কৰি মাতৃক হত্যা কৰাৰ কথা জনাইছিল। ফোন কলটোৰ পিছতেই আৰক্ষী এপাৰ্টমেণ্টটোত উপস্থিত হয় আৰু ফ্লেটৰ ভিতৰৰ পৰা গীতা ভাগচন্দনী নামৰ মহিলাগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰে। ঘটনাস্থলীত আৰক্ষীৰ ফিল্ড ইউনিটকো মাতি পঠিওৱা হয়। দলটোৱে ফ্লেটটো পৰীক্ষা কৰি বিভিন্ন জৰুৰী প্ৰমাণ সংগ্ৰহ কৰে। আৰক্ষীয়ে হত্যাকাণ্ডত ব্যৱহাৰ কৰিব পৰা সন্দেহজনক সামগ্ৰীসমূহৰ লগতে অন্যান্য প্ৰমাণ পৰীক্ষা কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। লগতে ঘটনাৰ প্ৰকৃত কাৰণ আৰু কাজিয়াৰ সঠিক পৰিস্থিতি জানিবৰ বাবে নাবালক পুত্ৰক জিম্মাত লৈ সোধ-পোছো আৰম্ভ কৰিছে আৰক্ষীয়ে।
উল্লেখ্য যে, মৃত মহিলাগৰাকীৰ স্বামী ৰাকেশে আৰক্ষীৰ ওচৰত প্ৰদান কৰা তথ্য অনুসৰি, কেইবাবছৰ ধৰি তেওঁলোকৰ পুত্ৰৰ চিকিৎসা চলি আছিল। কিছুদিনৰ পৰা অভিযুক্ত নাবালক পুত্ৰজনে পৃথক ভাড়াঘৰত বাস কৰি আহিছিল। পিতৃৰ ভাষ্য অনুসৰি, বৃহস্পতিবাৰে পুত্ৰজনে মাতৃক লগ পাবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। ইয়াৰ পিছত তেওঁ গীতাৰ ভিজন এপাৰ্টমেণ্টৰ ফ্লেটলৈ আহিছিল। সেই সময়তে কোনো এটা বিষয়ক লৈ মাতৃ-পুত্ৰৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় আৰু পিছলৈ এই আক্ৰমণৰ ঘটনা সংঘটিত হয়।
ঘটনাৰ পিছতে আৰক্ষীয়ে নাবালকজনৰ জিম্মাত লৈ সোধ-পোছ অব্যাহত ৰাখিছে। হত্যাকাণ্ডৰ আঁৰৰ কাৰণ, ঘটনাৰ সম্পূৰ্ণ ৰহস্য কি?, ঘটনাৰ সৈতে আন কোনো ব্যক্তি জড়িত আছে নেকি?, এই সকলো বিষয়ত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। আনহাতে, মৰণোত্তৰ পৰীক্ষাৰ বাবে মহিলাগৰাকীৰ মৃতদেহ প্ৰেৰণ কৰা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰাৰ পিছত আৰু তদন্তত লাভ কৰা তথ্যৰ ভিত্তিত পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।