আৰক্ষীৰ সূত্ৰ অনুসৰি, নিকোল অঞ্চলৰ দেৱাস্য স্কুলৰ ওচৰৰ ফুটপাথত বহি কেইগৰাকীমান লোকে জিৰণি লৈ আছিল। সেই সময়তে এখন তীব্ৰবেগী টয়োটা ফৰচুনাৰ গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই পোনপটীয়াভাৱে ফুটপাথত উঠি তেওঁলোকক মহতিয়াই নিয়ে। দুৰ্ঘটনাটোৰ ফলত পুনমবেন নাগৱাড়িয়া আৰু তেওঁৰ ১৫ বছৰীয়া পুত্ৰ সাগৰ নাগৱাড়িয়াৰ থিতাতে মৃত্যু হয়। এই শোকাৱহ ঘটনাত কাৰ্তিক বাচোৱা আৰু তেওঁৰ পত্নী স্নেহলবেন গুৰুতৰভাৱে আহত হয়। তেওঁলোকক ততাতৈয়াকৈ উদ্ধাৰ কৰি স্থানীয় হাস্পতালত ভৰ্তি কৰোৱা হয়।
ঘটনাটোৰ ঠিক পিছতেই গাড়ীৰ চালক বিৰলভাই সবজীভাই চৌধুৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। গাড়ীখনত তালাচী চলাই তদন্তকাৰীসকলে ছয়টা নোখোলা বিয়েৰৰ কেন উদ্ধাৰ কৰে। দুৰ্ঘটনাৰ সময়ত চালকজন সুৰাসক্ত আছিল নেকি আৰু তেওঁৰ তেজত এলকহলৰ মাত্ৰা কিমান আছিল, তাৰ প্ৰমাণৰ বাবে চিকিৎসা পৰীক্ষাৰ নিৰ্দেশ দিয়া হৈছে।
তথ্য অনুসৰি,অভিযুক্ত চালকৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ একাধিক ধাৰাৰ অধীনত অনিচ্ছাকৃতভাৱে মৃত্যু ঘটোৱা, তীব্ৰ বেগত গাড়ী চলোৱা আৰু গুৰুতৰভাৱে আঘাত কৰাৰ অভিযোগত আৰক্ষীয়ে গোচৰ ৰুজু কৰে। ইয়াৰোপৰি, বিপজ্জনক আৰু মদ্যপায়ী অৱস্থাত গাড়ী চলোৱাৰ বাবে মটৰ বাহন আইনৰ প্ৰাসংগিক ধাৰাৰ অধীনতো গোচৰ তৰা হৈছে। যিহেতু গুজৰাটত সুৰা নিষিদ্ধ, সেয়েহে গাড়ীখনৰ পৰা বিয়েৰ উদ্ধাৰ হোৱা ঘটনাৰ সন্দৰ্ভত নিকোল থানাত ‘গুজৰাট প্ৰহিবিচন এক্ট’ৰ অধীনত এটা সুকীয়া গোচৰো ৰুজু কৰা হৈছে।
আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰা হৈছে আৰু ঘটনাস্থলীৰ পৰা নমুনা সংগ্ৰহ কৰা হৈছে। তদন্তকাৰীসকল ফৰেনছিক ৰিপৰ্টৰ বাবে অপেক্ষাত আছে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।