Saturday, 07 November 2026
লগইন
ব্ৰেকিং

মঙলবাৰে বন্ধ থাকিব ৰাজ্যৰ এইসমূহ অঞ্চল! অসম চৰকাৰৰে কৰিছে বৃহৎ ঘোষণা

অসম চৰকাৰৰে কৰিছে বৃহৎ ঘোষণা

৬ অক্টোবৰ অৰ্থাৎ মঙলবাৰে অনুষ্ঠিত হ'ব নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন। উপ-নিৰ্বাচনৰ বাবে সমগ্ৰ গাঁও লোকসভা সমষ্টিত অসম চৰকাৰে ৰাজহুৱা বন্ধ ঘোষণা কৰিছে। 
মঙলবাৰে বন্ধ থাকিব ৰাজ্যৰ এইসমূহ অঞ্চল! অসম চৰকাৰৰে কৰিছে বৃহৎ ঘোষণা
ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন (এ) বিভাগে জাৰি কৰা কাৰ্যবাহী নিৰ্দেশ মৰ্মে, ৬ অক্টোবৰ তাৰিখে ভোটগ্ৰহণৰ উদ্দেশ্যে সমষ্টিটোৰ অন্তৰ্গত বিভিন্ন প্ৰতিষ্ঠাসমূহ বন্ধ থাকিব।

Negotiable Instruments Act, 1881 ৰ ২৫ নং ধাৰাৰ অধীনত ঘোষণা কৰা এই বন্ধত নগাঁও সংসদীয় সমষ্টিৰ অন্তৰ্গত সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, পঞ্চায়তী ৰাজ অনুষ্ঠান, পৌৰ প্ৰশাসনৰ কাৰ্যালয়, শিক্ষানুষ্ঠান, ব্যৱসায়িক আৰু বাণিজ্যিক প্ৰতিষ্ঠান, বেংক, চাহ বাগিচা, উদ্যোগ আদি সম্পূৰ্ণৰূপে বন্ধ থাকিব।

ভোটাৰসকলে যাতে ভোটগ্ৰহণৰ দিনা নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে, সেই উদ্দেশ্যে এই ৰাজহুৱা বন্ধ ঘোষণা কৰা হৈছে।

অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ এই নিৰ্দেশনাৰ সৈতে সংগতি ৰাখি নিৰ্বাচনী প্ৰশাসনেও ভোটগ্ৰহণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে।
##bigupdate#newsupdate#reelection#nagaon#politicalupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।