Thursday, 05 November 2026
লগইন

মহাৰাষ্ট্ৰত NCP ক লৈ চলি থকা জল্পনা-কল্পনাৰ মাজতে গৃহমন্ত্ৰীৰে বৈঠক ৫ নেতাৰ

গৃহমন্ত্ৰীৰ সৈতে NCP ৰ বৈঠক

নিউজ ডেস্ক : মহাৰাষ্ট্ৰৰ এনচিপিৰ অন্তৰ্দ্বন্দ্ব আৰু একত্ৰীকৰণক লৈ চলি থকা জল্পনা-কল্পনাৰ মাজতেই সোমবাৰে পুৱা প্ৰফুল্ল পেটেল, সুনীল তত্কৰে, ছগন ভুজবল, দিলীপ ৱালচে পাটিল, ধনঞ্জয় মুণ্ডেৰ দৰে প্ৰভাৱশালী নেতাসকলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে। সূত্ৰ অনুসৰি, প্ৰয়াত অজিতৰ পত্নী তথা মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী সুনেত্ৰা পাৱাৰ আৰু তেওঁৰ পুত্ৰ তথা এনচিপিৰ ৰাজ্যসভাৰ সাংসদ পাৰ্থ পাৱাৰক বাদ দি শৰদ পাৱাৰৰ নেতৃত্বাধীন এনচিপি ৰ সৈতে পুনৰ একত্ৰিত হোৱাৰ 'সম্ভাৱনা'ক লৈ এই বৈঠকত আলোচনা কৰা হয়।

বিগত কেইবামাহ ধৰি প্ৰয়াত অজিতৰ পত্নী সুনেত্ৰাৰ সৈতে প্ৰফুল্ল-ছগনহঁতৰ মতবিৰোধক লৈ মহাৰাষ্ট্ৰৰ ৰাজনীতিত জল্পনা-কল্পনা চলি আছে। সূত্ৰৰ খবৰ অনুসৰি, দলৰ এটা অংশই শৰদ গোটৰ সৈতে একত্ৰিত হৈ বিজেপি নেতৃত্বাধীন NDA মিত্ৰজোঁটত চামিল হোৱাৰ সপক্ষে। কিন্তু ইয়াত আপত্তি আছে সুনেত্ৰা আৰু তেওঁৰ পুত্ৰ পাৰ্থৰ। ঘটনাক লৈ দেওবাৰে দিল্লীৰ ৰামলীলা মৈদানত বিজেপি বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ সভাত ‘ভাষণ বিভ্ৰাট’ৰ পিছতেই এন চি পি ৰ নেতাসকলৰ সৈতে বৈঠকত বহিল গৃহমন্ত্ৰী অমিত শ্বাহ।

এই সভাত CPILM লিবাৰেশ্যনৰ সাধাৰণ সম্পাদক দীপংকৰ ভট্টাচাৰ্য আৰু দলৰ ছাত্ৰ সংগঠন ‘আইছা’ৰ নেত্ৰী নেহা বৰা দুয়োজনেই ভাষণ দিয়াৰ সুযোগ লাভ কৰে। কিন্তু শৰদ পাৱাৰৰ কন্যা তথা এনচিপি সাংসদ সুপ্ৰিয়া চুলে আৰু উদ্ধৱ ঠাকৰেপন্থী শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতক ‘সময়ৰ অভাৱৰ’ বাবে ভাষণ দিবলৈ দিয়া হোৱা নাই। যাৰ বাবে ইতিমেধ্যেই মহাৰাষ্ট্ৰৰ বিৰোধী মিত্ৰজোঁট ‘মহাবিকাশ আঘাড়ী’ৰ ভিতৰচৰাত অসন্তুষ্টিৰ সৃষ্টি হোৱা দেখা গৈছে।

এই সন্দৰ্ভত উল্লেখ্য যে, ২০২৩ চনত শৰদ পাৱাৰৰ ভতিজাক অজিত পাৱাৰে ৰাষ্ট্ৰবাদী কংগ্ৰেছ দলৰ বেছিভাগ বিধায়কক নিজৰ ফাললৈ আনি বিজেপিৰ মিত্ৰদল হৈ পৰিছিল। আনকি তেওঁ ককায়েক শৰদ পাৱাৰে গঠন কৰা দলটোৰ নাম আৰু নিৰ্বাচনী প্ৰতীক 'ঘড়ী'ও নিজৰ দখললৈ আনিছিল। চলিত বৰ্ষৰ জানুৱাৰী মাহত এক বিমান দুৰ্ঘটনাত অজিত পাৱাৰৰ মৃত্যু হোৱাৰ পিছত, তেওঁৰ পত্নী সুনেত্ৰা পাৱাৰক এনচিপিৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত কৰা হয়। ইয়াৰ উপৰিও তেওঁ মহাৰাষ্ট্ৰৰ মিত্ৰজোঁট চৰকাৰৰ অন্যতম উপ-মুখ্যমন্ত্ৰীও হয়।

তথ্য অনুসৰি, বিগত কেইবামাহত বিভিন্ন বিষয়ত প্ৰফুল্ল, ছগন, সুনীলৰ লগতে দলৰ প্ৰথম শাৰীৰ নেতাৰ এটা ডাঙৰ অংশৰ সৈতে সুনেত্ৰাৰ মতবিৰোধ হোৱা বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে। আনকি, দুয়োটা এনচিপি একত্ৰিত কৰাৰ প্ৰস্তাৱতো সুনেত্ৰাৰ সন্মতি নাই বুলি জল্পনা-কল্পনা চলিছে। এই পৰিস্থিতিত শ্বাহৰ সৈতে প্ৰফুল্লহঁতৰ বৈঠকে সমগ্ৰ বিষয়টোক এক 'অন্য মাত্ৰা' প্ৰদান কৰিছে। অৱশ্যে অজিতপন্থী এনচিপিৰ মুখপাত্ৰ উমেশ পাটিলে দলীয় কোন্দলৰ সম্ভাৱনা নাকচ কৰি কয়, ‘‘এই বৈঠক পূৰ্বনিৰ্ধাৰিত আছিল। দলৰ ভিতৰত কোনো মতবিৰোধ নাই। মহাৰাষ্ট্ৰত মিত্ৰজোঁটৰ ঐক্য সুদৃঢ় কৰাৰ লক্ষ্যৰেই আলোচনা হৈছে।’’

সূত্ৰৰ খবৰ অনুসৰি, সংসদৰ আগন্তুক শীতকালীন অধিৱেশনত আসন পুনৰ বিন্যাস কৰি লোকসভাৰ আসনৰ সংখ্যা ৫৪৩ খনৰ পৰা ৮১৬ খনলৈ বৃদ্ধি কৰি মহিলা সংৰক্ষণ কাৰ্যকৰী কৰাৰ লক্ষ্যৰে পুনৰ সংবিধান সংশোধনী বিধেয়ক অনা হ'ব পাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে বিচাৰিছে যে এই বিধেয়কখন গৃহীত কৰাৰ ক্ষেত্ৰত শৰদ পাৱাৰৰ NCP বা DMK ৰ দৰে দলসমূহে সহায় কৰিবলৈ মান্তি হ'লে, তেওঁলোকে যেন লোকসভাত উপস্থিত থাকি ভোটদান কৰি সমৰ্থন আগবঢ়ায়।

এনে পৰিস্থিতিত লোকসভাত সুনেত্ৰাৰ দলৰ একমাত্ৰ সাংসদজন হ'ল সুনীল। আনহাতে, শৰদৰ এনচিপিৰ আঠগৰাকী সাংসদ আছে। ইফালে, সুনেত্ৰাই NDA এৰিলেও মহাৰাষ্ট্ৰৰ সংসদীয় পাটিগণিত অনুসৰি বিজেপি-শ্বিন্দে সেনা চৰকাৰ চলি থাকিব পাৰিব। ফলস্বৰূপে, বিজেপিৰ ওচৰত শৰদৰ গুৰুত্ব বৃদ্ধি পাইছে বুলি ৰাজনৈতিক পৰ্যবেক্ষকসকলৰ এটা অংশই ধাৰণা কৰিছে।
##bigupdate #newsupdate #politicalnews #ncp #amitshah #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।