Saturday, 07 November 2026
লগইন
ব্ৰেকিং

NEET-PG, NEET-SSত পাৰ্চেণ্টজেৰ পৰিৱৰ্তে ৰেংক-ভিত্তিত নামভৰ্তিৰ ব্যৱস্থা

NEET-PG, NEET-SSত নামভৰ্তিৰ নতুন নিয়ম

নিউজ ডেস্ক : ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ (NMC)ৰ বিবেচনাধীন এক প্ৰস্তাৱ অনুসৰি, NEET-PG, NEET-SSৰ নামভৰ্তি প্ৰক্ৰিয়া বৰ্তমানৰ পাৰ্চেণ্টজ ভিত্তিক ব্যৱস্থাৰ পৰা এক ৰেংক-ভিত্তিক মেধা ব্যৱস্থালৈ সলনি হ’ব পাৰে । প্ৰস্তাৱিত ব্যৱস্থাৰ অধীনত, বৰ্তমানৰ পাৰ্চেণ্টেজ ভিত্তিক অৰ্হতাৰ চৰ্তৰ পৰিৱৰ্তে পৰীক্ষাত প্ৰাৰ্থীৰ প্ৰদৰ্শনৰ ভিত্তিত তেওঁলোকক ৰেংক প্ৰদান কৰা হ’ব ।

এই পৰিৱৰ্তনে স্নাতকোত্তৰ চিকিৎসা শিক্ষাত কাউঞ্চেলিং প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰি তুলিব আৰু খালী আসনসমূহ পূৰণ কৰিবলৈ বাৰে বাৰে কাট-অফ (cut-off) হ্ৰাস কৰাৰ প্ৰয়োজনীয়তা হ্ৰাস কৰিব বুলি আশা কৰা হৈছে। উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ ক্ৰমে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া ১২ জনীয়া এখন বিশেষজ্ঞ কমিটিয়ে দাখিল কৰা এক প্ৰতিবেদনত মঙলবাৰে, ৩ নৱেম্বৰত উচ্চতম ন্যায়ালয়ৰ সন্মুখত এই প্ৰস্তাৱ উত্থাপন কৰে। 

এনএমচিয়ে বৰ্তমান ইয়াৰ খচৰা নিয়মাৱলী প্ৰস্তুত কৰি আছে, যিটো চূড়ান্ত কৰাৰ পূৰ্বে অংশীদাৰসকলৰ মতামতৰ বাবে প্ৰেৰণ কৰা হ’ব। প্ৰতিবেদন অনুসৰি, ২০২৭ চনৰ পৰা এই নতুন ব্যৱস্থা প্ৰৱৰ্তন হ’ব পাৰে। অৱশ্যে, ইয়াক কাৰ্যকৰী কৰাৰ সময়সীমা আৰু সবিশেষ তথ্য এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত কৰা হোৱা নাই ।

কাট-অফ হ্ৰাস কৰাক লৈ উদ্বেগ

স্নাতকোত্তৰ চিকিৎসা পাঠ্যক্ৰমৰ খালী আসনসমূহ পূৰণ কৰিবলৈ নীট-পিজিৰ অৰ্হতা অৰ্জনৰ কাট-অফ বাৰে বাৰে হ্ৰাস কৰাক লৈ সৃষ্টি হোৱা উদ্বেগৰ পাছতে এই প্ৰস্তাৱিত পৰিৱৰ্তন অনা হৈছে। নিট-পিজি ২০২৫ বৰ্ষৰ কাউঞ্চেলিং প্ৰক্ৰিয়াৰ তৃতীয় ৰাউণ্ডৰ বাবে, নেচনেল ব’ৰ্ড অৱ এক্সামিনেশ্যন ইন মেডিকেল ছায়েন্সেছ (NBEMS)-এ ২০২৬ চনৰ ১৩ জানুৱাৰীত জাৰি কৰা এটা জাননীৰ জৰিয়তে অৰ্হতাৰ পাৰ্চেণ্টেজ হ্ৰাস কৰিছিল।

সংশোধিত কাট-অফসমূহ আছিল

সাধাৰণ/ইডব্লিউএছ (General/EWS): ৫০ সংখ্যক পাৰ্চেণ্টাইল (২৭৬ নম্বৰ)ৰ পৰা ৭ম পাৰ্চেণ্টাইল (১০৩ নম্বৰ)লৈ।
সাধাৰণ পিডব্লিউবিডি (General PwBD): ৪৫ সংখ্যক পাৰ্চেণ্টাইল (২৫৫ নম্বৰ)ৰ পৰা ৫ম পাৰ্চেণ্টাইল (৯০ নম্বৰ)লৈ।
এছচি/এছটি/অ’বিচি (SC/ST/OBC - পিডব্লিউবিডি প্ৰাৰ্থীসহ): ৪০ সংখ্যক পাৰ্চেণ্টাইল (২৩৫ নম্বৰ)ৰ পৰা শূন্য পাৰ্চেণ্টাইল (মাইনছ ৪০ নম্বৰ)লৈ।

এইদৰে অস্বাভাৱিকভাৱে কাট-অফ হ্ৰাস কৰা কাৰ্য্যক পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱা হৈছিল। আবেদনকাৰীসকলে যুক্তি দৰ্শাইছিল যে অতি কম বা ঋণাত্মক নম্বৰ পোৱা প্ৰাৰ্থীক নামভৰ্তিৰ অনুমতি দিলে স্নাতকোত্তৰ চিকিৎসা শিক্ষাৰ গুণগত মান আৰু ৰোগীৰ সুৰক্ষাত ব্যাঘাত জন্মিব পাৰে।

বিশেষজ্ঞ কমিটিয়ে পৰামৰ্শ দিছে যে কাট-অফ কেতিয়াও এনে পৰ্যায়লৈ হ্ৰাস কৰিব নালাগে য’ত অতি বেয়া বা ঋণাত্মক নম্বৰ পোৱা প্ৰাৰ্থীও নামভৰ্তিৰ বাবে যোগ্য হৈ পৰে।

ৰেংক-ভিত্তিক ব্যৱস্থাৰ লাভালাভ

প্ৰস্তাৱিত ব্যৱস্থাৰ অধীনত, নিট-পিজি আৰু নিট-এছএছৰ ফলাফলত পাৰ্চেণ্টেজৰ পৰিৱৰ্তে প্ৰাৰ্থীৰ ৰেংক উল্লেখ থাকিব। 
এনএমচিয়ে বৰ্তমান এই পৰিৱৰ্তন আনিবলৈ নিয়মাৱলী প্ৰস্তুত কৰি আছে । বৰ্তমান সময়ত খালী আসন পূৰণৰ বাবে কাউঞ্চেলিং প্ৰক্ৰিয়া চলি থকাৰ মাজতে অৰ্হতাৰ পাৰ্চেণ্টাইল হ্ৰাস কৰিব পৰা যায়। কমিটিয়ে আশা কৰিছে যে ৰেংক-ভিত্তিক ব্যৱস্থাই বাৰে বাৰে কাট-অফ সংশোধন কৰাৰ প্ৰয়োজনীয়তা হ্ৰাস কৰিব আৰু নিৰ্ধাৰিত সময়ৰ ভিতৰত কাউঞ্চেলিং সম্পূৰ্ণ কৰাত সহায় কৰিব।
##NEETPG #NEETSS #AdmissionRules #NEETPGAdmission #rankbasedsystem

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।