কৃত্ৰিম বুদ্ধিমত্তা (AI) প্ৰযুক্তিৰ বাবে প্ৰয়োজনীয় উন্নত চিপৰ সৰবৰাহ কৰা বিশ্বৰ অন্যতম বৃহৎ প্ৰযুক্তি প্ৰতিষ্ঠান Nvidiaৰ CEO হিচাপে দায়িত্ব এৰিছে জেনছেন হুয়াঙে। ৪.২ ট্ৰিলিয়ন ডলাৰ বজাৰ মূল্যৰ কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য বৃহস্পতিবাৰে আমেৰিকাৰ বজাৰ মুকলি হোৱাৰ পিছতে প্ৰায় ১০ শতাংশ হ্ৰাস পায়।
বৃহস্পতিবাৰে কোম্পানীটোৱে জ্যেষ্ঠ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি অহা এগৰাকী বিষয়াক অন্তৱৰ্তীকালীন CEO হিচাপে নিযুক্তি দিয়ে। একে সময়তে কোম্পানীটোৱে প্ৰথমবাৰৰ বাবে ব’ৰ্ডৰ অধ্যক্ষ হিচাপে হাৰ্ভে চি জ’নছক নিযুক্তি দিয়ে। যোৱা তিনিটা দশক ধৰি তেওঁ বিনিয়োগকাৰী হিচাপে কাম কৰি আহিছে।
বুধবাৰে নিশা Nvidiaৰ ব’ৰ্ডে জেনছেন হুয়াঙক পদৰ পৰা আঁতৰোৱাৰ সন্দৰ্ভত আলোচনা কৰিবলৈ বৈঠকত মিলিত হৈছিল। কথিত চীনা চোৰাংচোৱা সংস্থাৰ সৈতে হুয়াঙৰ সম্পৰ্কৰ অভিযোগক কেন্দ্ৰ কৰি আমেৰিকাৰ তদন্তকাৰী সংস্থা FBI, আমেৰিকান কংগ্ৰেছ আৰু কেলিফৰ্ণিয়াস্থিত প্ৰযুক্তি প্ৰতিষ্ঠানটোৱে পৃথকে পৃথকে তদন্ত আৰম্ভ কৰিছে। ইয়াৰ উপৰি Nvidiaৰ বিৰুদ্ধে শ্বেয়াৰহোল্ডাৰসকলৰ এটা গোটে শ্ৰেণীভিত্তিক গোচৰ (Class-action lawsuit) ৰুজু কৰিছে।
অভিযোগ অনুসৰি, কথিত চীনা চোৰাংচোৱা সংস্থাৰ সৈতে জড়িত এলিছ হুয়াং নামৰ মহিলাগৰাকী ছিংগাপুৰস্থিত Megaspeed নামৰ প্ৰতিষ্ঠানটোৰ প্ৰাক্তন কাৰ্যবাহী বিষয়া। Megaspeed হৈছে দক্ষিণ-পূব এছিয়াত Nvidiaৰ অন্যতম প্ৰধান ব্যৱসায়িক অংশীদাৰ। ২০২৩ চনত প্ৰতিষ্ঠা হোৱা এই প্ৰতিষ্ঠানটোৱে চীনৰ কোম্পানীসমূহক ৪.৮ বিলিয়ন ডলাৰ মূল্যৰ উন্নত Nvidia চিপ লাভ কৰাত সহায় কৰিছিল নেকি, সেই সন্দৰ্ভতো তদন্ত চলি আছে।
এই প্ৰেমৰ সম্পৰ্কৰ অভিযোগে আমেৰিকাত ৰাষ্ট্ৰীয় নিৰাপত্তাক লৈ উদ্বেগ বৃদ্ধি কৰিছে। উল্লেখ্য যে, চীনৰ সামৰিক বাহিনী, চোৰাংচোৱা সংস্থা অথবা বিভিন্ন কোম্পানীয়ে উন্নত প্ৰযুক্তিৰ চিপ ব্যৱহাৰ কৰিব পাৰে বুলি আশংকা কৰি আমেৰিকাই চীনলৈ চিপ ৰপ্তানিৰ ক্ষেত্ৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰি আহিছে।
৬৩ বছৰীয়া জেনছেন হুয়াং Nvidiaৰ সহ-প্ৰতিষ্ঠাপক, সভাপতি আৰু মুখ্য কাৰ্যবাহী বিষয়া। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ঘনিষ্ঠ সহযোগী হিচাপে পৰিচিত হুয়াঙে চীনলৈ চিপ ৰপ্তানিৰ ক্ষেত্ৰত আমেৰিকাৰ নিষেধাজ্ঞা শিথিল কৰাৰ পোষকতা কৰি আহিছিল।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।