Saturday, 07 November 2026
লগইন
ব্ৰেকিং

অন্ত পৰিব অপেক্ষাৰ! ঘোষণা হ'ব এদিনীয়া বিশ্বকাপৰ কাৰ্যসূচী

ঘোষণা হ'ব এদিনীয়া বিশ্বকাপৰ কাৰ্যসূচী

২০২৭ বৰ্ষত দক্ষিণ আফ্ৰিকা, জিম্বাব'ৱে আৰু নামিবিয়াত ICC এদিনীয়া বিশ্বকাপ ২০২৭ অনুষ্ঠিত হ'ব। এতিয়াৰে পৰা সমগ্ৰ বিশ্বৰ ক্ৰিকেট অনুৰাগীসকলে প্ৰতিযোগিতাখনৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থকাৰ মাজতে এদিনীয়া বিশ্বকাপৰ সূচী প্ৰকাশক লৈ ডাঙৰ আপডেট আহিছে।

ক্ৰিকবাজৰ তথ্য অনুসৰি, অহা বৃহস্পতিবাৰ অৰ্থাৎ ১ অক্টোবৰত বিশ্বকাপৰ অন্যতম আয়োজক চহৰ কেপটাউনত আনুষ্ঠানিকভাৱে ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ চূড়ান্ত কাৰ্যসূচী প্ৰকাশ কৰা হ'ব। প্ৰতিযোগিতা আৰম্ভ হোৱাৰ এবছৰ আগতে কাউণ্টডাউন আৰম্ভ কৰাৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। একে সময়তে মেচসমূহৰ টিকট সম্পৰ্কীয় তথ্য আৰু টিকটৰ পঞ্জীয়ন প্ৰক্ৰিয়াও আৰম্ভ হ'ব।

ইয়াৰ পূৰ্বে লাভ কৰা তথ্য অনুসৰি, ২০২৭ চনৰ এদিনীয়া বিশ্বকাপ ২ অক্টোবৰ শনিবাৰে, গান্ধী জয়ন্তীৰ দিনা আৰম্ভ হ'ব। দক্ষিণ আফ্ৰিকাৰ সৈতে মহাত্মা গান্ধীৰ সম্পৰ্কৰ কথা সকলোৰে জ্ঞাত। সেই অনুসৰি, জাতিৰ পিতাক সন্মান জনোৱাৰ উদ্দেশ্যে ICCৰ তৰফৰ পৰা এই উদ্যোগ গ্ৰহণ কৰা হৈছে। ইফালে প্ৰতিযোগিতাখনৰ মেগা ফাইনেল ২০২৭ বৰ্ষৰ ২১ নৱেম্বৰ, দেওবাৰে অনুষ্ঠিত হ'ব।

প্ৰাপ্ত তথ্য অনুসৰি, বিশ্বকাপৰ যোগ্যতা অৰ্জনৰ কাট-অফ তাৰিখ অনুসৰি অহা বুধবাৰৰ ভিতৰত ২০২৭ চনৰ এদিনীয়া বিশ্বকাপত অংশগ্ৰহণ কৰিবলগীয়া ১৪ টা দলৰ ভিতৰত ৮ টা দল চূড়ান্ত কৰা হ'ব। সহ-আয়োজক হিচাপে দক্ষিণ আফ্ৰিকা আৰু জিম্বাব'ৱেই পোনপটীয়াকৈ খেলাৰ সুযোগ লাভ কৰিছে। ইয়াৰ বিপৰীতে বাকী ৮ টা দলে ICC এদিনীয়া ৰেংকিঙৰ ভিত্তিত পোনপটীয়াকৈ যোগ্যতা অৰ্জন কৰিব।

প্ৰতিযোগিতাখনৰ বাকী ৪ টা স্থান কোৱালিফায়াৰ পৰ্বৰ সহায়ত পূৰণ কৰা হ'ব। প্ৰতিযোগিতাৰ মূল সূচীত এই দলসমূহক কোৱালিফায়াৰ ১, কোৱালিফায়াৰ ২, কোৱালিফায়াৰ ৩ আৰু কোৱালিফায়াৰ ৪ হিচাপে উল্লেখ কৰা থাকিব। দক্ষিণ আফ্ৰিকা আৰু জিম্বাব'ৱেৰ লগতে প্ৰতিযোগিতাৰ অন্যতম সহ আয়োজক দেশ হৈছে নামিবিয়াও । অৱশ্যে প্ৰতিযোগিতাখনত নামিবিয়াই পোনপটীয়াভাৱে খেলাৰ বিষয়টো এতিয়াও চূড়ান্ত হোৱা নাই।
##newsupdate#bigupdate#sportsnews#worldcup2027#latestnews

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।