নিউজ ডেস্ক : অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমৰ এটা তেল শোধনাগাৰত বিস্ফোৰণ। বিস্ফোৰণৰ ফলত শোধনাগাৰটোত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। অতি কম সময়ৰ ভিতৰতে জুই দ্ৰুতগতিত বিয়পি পৰে। জুইৰ লগতে ধোঁৱাই সমগ্ৰ অঞ্চলটো আৱৰি ধৰে। এই বিস্ফোৰণৰ ঘটনাক লৈ অঞ্চলটোৰ বাসিন্দাসকলৰ মাজত আতংকৰ সৃষ্টি হয়।
উল্লেখ্য যে, ঘটনাস্থলীৰ কেইবাটাও ভিডিঅ’ ছ’চিয়েল মিডিয়াত বিয়পি পৰে। অৱশ্যে সেই ভিডিঅ’বোৰৰ সত্যতা নিৰূপণ কৰা হোৱা নাই। ভিডিঅ’বোৰত বিস্ফোৰণৰ ফলত তেল শোধনাগাৰটোৰ ভয়ংকৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।
স্থানীয় সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, সোমবাৰে নিশাৰ ভাগত হঠাতে তেল শোধনাগাৰটোত বিস্ফোৰণ সংঘটিত হয়। প্ৰচণ্ড শব্দত কঁপি উঠে সমগ্ৰ অঞ্চলটো। প্ৰথম অৱস্থাত স্থানীয় লোকসকলেও কি ঘটিছে সেয়া বুজিব পৰা নাছিল। বিস্ফোৰণৰ শব্দ শুনি ঘৰৰ পৰা ওলাই আহি তেওঁলোকে দেখে যে তেল শোধনাগাৰটো জুইৰ ভয়ংকৰ শিখাই আগুৰি ধৰিছে। ক্ৰমাৎ জুইৰ তীব্ৰতা বৃদ্ধি পাবলৈ ধৰে। ঘটনাস্থলীৰ পৰা কুণ্ডলী পকাই ধোঁৱা ওলাই অহা দেখা যায়।
তথ্য অনুসৰি, বিশাখাপট্টনমৰ গাজুৱাকা ঔদ্যোগিক অঞ্চলত অৱস্থিত ‘হিন্দুস্তান পেট্ৰ’লিয়াম কৰ্প’ৰেচন লিমিটেড’ৰ তেল শোধনাগাৰত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। শোধনাগাৰটোৰ আভ্যন্তৰীণ অগ্নিনিৰ্বাপক ব্যৱস্থাৰ জৰিয়তে প্ৰথমে জুই নিৰ্বাপণৰ চেষ্টা কৰা হয়। খবৰ পোৱাৰ লগে লগে চহৰখনৰ বিভিন্ন প্ৰান্তৰ পৰা অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হয়। সতৰ্কতামূলক ব্যৱস্থা হিচাপে অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে অঞ্চলটোৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰা হয়। লগতে শোধনাগাৰটোৰ কৰ্মচাৰীসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হয় বুলি জানিব পৰা গৈছে।
কি কাৰণত বিস্ফোৰণটো সংঘটিত হ’ল, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। লগে লগে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়া হশ্র। বিশাখাপট্টনমৰ আৰক্ষী আয়ুক্ত শঙ্খব্ৰত বাগচীয়ে কয়, “এই বিস্ফোৰণ আৰু অগ্নিকাণ্ডৰ ঘটনাত কোনো লোক হতাহত হোৱা নাই।”

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।