Saturday, 07 November 2026
লগইন
ব্ৰেকিং

প্ৰধানমন্ত্ৰী মোদীৰ ১৫ বছৰীয়া নাটক অন্ত!

ভোট চুৰিত লিপ্ত প্ৰধানমন্ত্ৰী-ৰাহুল গান্ধী

নিউজ ডেক্স : বলিউডৰ জনপ্ৰিয় ছবি Mr. India আপুনি চাইছে নে ? ছবিখনত 'মোগাম্বো' নামৰ এটা চৰিত্ৰ আছে । সেই চৰিত্ৰটোৰ জৰিয়তে নাট্যকাৰে কোৱাইছিল 'মোগাম্বো খুশ হুয়া' বুলি । ৰীল নহয় এইবাৰ ৰিয়েলত 'মোগাম্বো' ওলাইছে ।

এইবাৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীক 'মোগাম্বো' বুলি আখ্যা দিয়ে । শনিবাৰে চেন্নাইত ‘ছাত্ৰো কী গুঞ্জ’ শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদীক 'মোগাম্বো মোদী' বুলি সম্বোধন কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ।

ৰাহুল গান্ধীয়ে ভাষণ প্ৰসংগত কয়,"ভাৰতৰ গণতন্ত্ৰ ধ্বংস কৰিছে বিজেপিয়ে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ বিৰুদ্ধে কৰা অপৰাধৰ বাবে শাস্তি ভুগিব লাগিব । প্ৰধানমন্ত্ৰীয়ে 'ভোট চুৰি' কাৰ্যত লিপ্ত হৈছে ।"

গান্ধীয়ে লগতে কয়, "প্ৰধানমন্ত্ৰী মোদীয়ে কণ্ঠৰোধ কৰিছে সাধাৰণ জনতাৰ । যাৰ বাবে দিল্লীত বন্ধ কৰি দিলে । আৰক্ষীয়ে ছাত্ৰ-ছাত্ৰীক প্ৰহাৰ কৰিছিল । বিজেপিয়ে নিজৰ গুণ্ডাবাহিনীকো মুকলি কৰি দিছিল প্ৰতিবাদকাৰীৰ মাজত ।"

গান্ধীয়ে কয়, "প্ৰধানমন্ত্ৰী মোদীয়ে বুজি পোৱা নাই যে, তেওঁৰ যে খেল খতম হৈছে । যোৱা ১৫ বছৰ ধৰি তেওঁ যি নাটক কৰি আহিছে, সেই নাটকৰ অন্ত পৰিছে। আমি নিশ্চিত কৰিম যে মোদীয়ে দেশৰ বিৰুদ্ধে কৰা অপৰাধৰ বাবে উচিত মূল্য ভৰিব লাগিব ।"

প্ৰয়াত অমৰীশ পুৰীয়ে অভিনয় কৰা জনপ্ৰিয় বলীউডী ছবি ‘মিষ্টাৰ ইণ্ডিয়া’ৰ খলনায়ক মোগাম্বো সৈতে প্ৰধানমন্ত্ৰীগৰাকীক তুলনা কৰি তেওঁ লগতে কয় যে,"মোগাম্বো মোদীয়ে ভাৰতৰ গণতন্ত্ৰ ধ্বংস কৰিছে । ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকলৈ ভয় কৰিব নালাগে। সংবিধান আৰু গণতন্ত্ৰক আক্ৰমণ কৰা সকলোকে ন্যায়ৰ কাঠগড়ালৈ অনা হ’ব ।"

গান্ধীয়ে লগতে অভিযোগ কৰে যে প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে তামিল সংস্কৃতি, ভাষা আৰু ইতিহাসৰ ওপৰত 'পূৰ্ণ পৰ্যায়ৰ আক্ৰমণ' চলাইছে। "অমিত শ্বাহে মুকলিকৈ কৈছে যে তামিলনাডুৰ ওপৰত হিন্দী জাপি দিয়া হ’ব । নতুন শিক্ষানীতিৰ জৰিয়তে হৈছে, য’ত এটা ত্ৰি-ভাষিক সূত্ৰ জাপি দিয়া হৈছে।"

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পৰিকল্পনাৰ জৰিয়তে তামিলনাডুবাসীক শাস্তি দিয়া হৈছে বুলি দাবী কৰি তেওঁ কয়, "আমি মোদীক তামিল সংস্কৃতি, ভাষা আৰু ইতিহাসক আক্ৰমণ কৰিবলৈ নিদিও ।"
##bigupdate #newsupdate #politicalnews #pmnarendramodi #rahulgandhi #congress #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।