Saturday, 07 November 2026
লগইন
ব্ৰেকিং

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিশ্ববাসীৰ বাবে ‘আশাৰ কিৰণ’ : প্ৰধানমন্ত্ৰী টাস্ক

আশাৰ কিৰণ মোদী !

নিউজ ডেস্ক : বৃহস্পতিবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পোলেণ্ডৰ প্ৰধানমন্ত্ৰী ড’নাল্ড টাস্কৰ মাজত দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হয় । বৈঠকৰ পাছতে পোলেণ্ডৰ প্ৰধানমন্ত্ৰী টাস্কে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিশ্বৰ অনিশ্চয়তাৰ মাজত এটা “আশাৰ কিৰণ” বুলি উল্লেখ কৰে । লগতে তেওঁক এজন বন্ধু বুলি মাতিবলৈ পাই গৌৰৱবোধ কৰা বুলি উল্লেখ কৰে নেতাগৰাকীয়ে ।
ইয়াৰ লগতে তেওঁ ভাৰত আৰু পোলেণ্ডৰ মাজত কোনো স্বাৰ্থৰ সংঘাত নথকাৰ কথা উল্লেখ কৰে । কিয়নো দুয়োখন দেশে নিজৰ কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰিবলৈ চেষ্টা চলাইছে ।

ইফালে ইউক্ৰেইন আৰু পশ্চিম এছিয়াত শান্তি ঘূৰাই আনিবলৈ কৰা প্ৰতিটো অৰ্থপূৰ্ণ প্ৰচেষ্টাক ভাৰতে সমৰ্থন কৰি যাব বুলি বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পোলেণ্ডৰ প্ৰধানমন্ত্ৰী ডোনাল্ড টাস্কক সহমত প্ৰকাশ কৰে । ইউক্ৰেইনৰ সংঘাত অন্ত পেলাবৰ বাবে বিশ্বজুৰি নতুনকৈ আৰম্ভ হোৱা প্ৰচেষ্টাৰ মাজতে টাস্ক বৰ্তমান তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হৈছে ।

আলোচনাৰ অন্তত সংবাদ মাধ্যমৰ আগত প্ৰদান কৰা এক বিবৃতিত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰত আৰু পোলেণ্ডৰ মাজত কৌশলগত অংশীদাৰিত্ব সম্প্ৰসাৰিত কৰিবলৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু দুয়ো পক্ষই সামগ্ৰিক সম্পৰ্ক অধিক শক্তিশালী কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "আমি প্ৰতিৰক্ষা, মহাকাশ আৰু পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত সম্পৰ্ক গভীৰ কৰাৰ বুজাপৰাত উপনীত হৈছো । আমি পোলেণ্ডৰ কোম্পানীসমূহক এই সকলোবোৰ কৌশলগত খণ্ডত ভাৰতৰ সৈতে সহ-উন্নয়ন আৰু সহ-উৎপাদনত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছো ।”

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ক্ৰমবৰ্ধমান দ্বিপাক্ষিক অৰ্থনৈতিক শক্তিয়ে ভাৰত-পোলেণ্ড অংশীদাৰিত্বৰ বাবে নতুন সুযোগৰ সৃষ্টি কৰিছে। ইয়াৰ উপৰি, ইউৰোপীয় ইউনিয়নৰ সৈতে নতুন দিল্লীৰ মুক্ত বাণিজ্য চুক্তিয়ে দুয়োখন দেশৰ মাজৰ অৰ্থনৈতিক সম্পৰ্কক আৰু অধিক সুদৃঢ় কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে ।

"ভাৰত আৰু পোলেণ্ড, দুয়োখন দেশে গণতান্ত্ৰিক মূল্যবোধ আৰু আইনৰ শাসনত বিশ্বাস কৰে। গোলকীয় শাসন প্ৰতিষ্ঠানসমূহক অধিক শক্তিশালী আৰু কাৰ্যকৰী কৰি তুলিবলৈ সংস্কাৰ অপৰিহাৰ্য বুলি আমি বিশ্বাস কৰো," তেওঁ কয়।
##bigupdate #newsupdate #pmmodi #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।