Saturday, 07 November 2026
লগইন
ব্ৰেকিং

পিছুৱাই দিয়া হৈছে প্ৰস্তাৱ কৰা 'ৰাজহুৱা অপসাৰণ প্ৰক্ৰিয়া'

শুক্ৰবাৰ নহয়, শনিবাৰে হ'ব

নিউজ ডেস্ক : INDIA ব্ল'কে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰস্তাৱ কৰা ৰাজহুৱা অপসাৰণ প্ৰক্ৰিয়া পিছুৱাই দিয়া হৈছে । নতুন দিল্লীৰ প্ৰতিকূল বতৰৰ বাবে শনিবাৰে বিয়লিলে (৩১ অক্টোবৰ, ২০২৬) শুকুৰবাৰে (৩০ অক্টোবৰ)লৈ পিছুৱাই দিছে ৷ সংবাদ মাধ্যমক সম্বোধন কৰি লোকসভাৰ বিৰোধী দলপতি (LoP) তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে জ্যেষ্ঠ দলীয় নেতাসকলৰ অসুবিধা হ’ব পাৰে বুলি বিবেচনা কৰি সৰ্বসন্মতিক্ৰমে এই পিছুৱাই দিয়াৰ সিদ্ধান্ত লোৱা হৈছে ।

INDIA মিত্ৰজোঁটৰ ১ নৱেম্বৰৰ সমাৱেশ সন্দৰ্ভত গান্ধীয়ে কয় যে গৃহমন্ত্ৰীয়ে “অন্য ৰাজ্যৰ মানুহক দিল্লীত প্ৰৱেশ কৰাত বাধা দিবলৈ সাধ্যমানে চেষ্টা কৰিছে”। “কিন্তু অপেক্ষা কৰক আৰু চাওক কিমান মানুহ আহে। ৰাইজৰ মাজত প্ৰচণ্ড ক্ষোভ আৰু আৱেগিক যন্ত্ৰণা আছে। লাখ লাখ মানুহক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে ৷ আদানী, আম্বানী, মোদী, শ্বাহ আৰু ভাগৱতক সহায় কৰিবলৈ তেওঁলোকৰ ভোট চুৰি কৰা হৈছে,”— তেওঁ লগতে কয় ।

গান্ধীয়ে লগতে কয়,"১ নৱেম্বৰৰ সমাৱেশটো এটা একক অনুষ্ঠান, ইয়াক একাধিক প্ৰতিবাদ হিচাপে আয়োজন কৰা হোৱা নাই। মমতা বেনাৰ্জীৰ প্ৰতিনিধিত্ব কৰা ৰাজ্যসভাৰ সাংসদ ডেক অ’ব্ৰায়েনে কয় যে INDIA মিত্ৰজোঁট একত্ৰিত । আমি সকলোৱে একেলগে আছো বুলি দৃঢ়তাৰে প্ৰকাশ কৰি তেওঁ ছাত্ৰ-ছাত্ৰী আৰু নাগৰিক সমাজৰ সদস্যৰ পৰা আৰম্ভ কৰি গৃহিনীসকললৈকে সকলোকে ১ নৱেম্বৰৰ সমাৱেশত যোগ দিবলৈ আমন্ত্ৰণ জনায়। 

ৰাহুল গান্ধীৰ পিছত বক্তব্য আগবঢ়াই সমাজবাদী পাৰ্টীৰ ধৰ্মেন্দ্ৰ যাদৱে হিন্দীত এই বাৰ্তা প্ৰেৰণ কৰে। তেওঁ কয় যে পিছুৱাই দিয়া ‘ৰাজহুৱা ইম্পীচমেণ্ট’ ৩১ অক্টোবৰৰ বিয়লি প্ৰায় ৩ বজাত অনুষ্ঠিত হ’ব। বিৰোধী দলসমূহ “একত্ৰিত” বুলি উল্লেখ কৰি তেওঁ উত্তৰ প্ৰদেশৰ MLC আসনত বিজেপিৰ পৰাজয়ৰ কথা সোঁৱৰাই দিয়ে। সমাজৰ সকলো স্তৰৰ মানুষকে INDIA মিত্ৰজোঁটৰ ১ নৱেম্বৰৰ সমাৱেশত যোগ দিবলৈ আমন্ত্ৰণ জনাই ৰাহুল গান্ধীয়ে কয় যে গৃহমন্ত্ৰী অমিত শ্বাহে দিল্লীৰ সমাৱেশত যোগ দিব বিচৰা অন্য ৰাজ্যসমূহ — উত্তৰ প্ৰদেশ, হাৰিয়ানা, ৰাজস্থান, তেলেংগানা, পঞ্জাৱ — ৰ মানুহক বাধা দিবলৈ “সাধ্যমানে চেষ্টা” কৰিছে। “এতিয়া আপোনালোকে চাওক ৰামলীলা মৈদানত কি হয় ।"
##bigupdate #newsupdate #india #gyaneshkumar #politicalnews #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।