সংস্থাটোৱে জানিবলৈ দিয়া মতে, সোণ-ৰূপ, ইলেক্ট্ৰনিকছ, বস্ত্ৰশিল্প, অটোম’বাইল, বাচন-বৰ্তন, মিঠাই আৰু উপহাৰ আদি খণ্ডক সামৰি কেৱল ধনতেৰছৰ দিনটোতেই সমগ্ৰ দিল্লীত প্ৰায় ২৫ হাজাৰ কোটি টকাৰ ব্যৱসায় হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে । এই সময়ছোৱা মহানগৰীৰ অৰ্থনীতিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ।
তেওঁলোকে দাবী কৰে, ৰামলীলা ময়দানৰ ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰতে চান্দনী চক, সদৰ বজাৰ, চাৱৰী বজাৰ, ভাগীৰথ প্ৰাসাদ, খাৰী বাওলি, নয়া বজাৰ, কৰোল বাগ, লাজপত ৰায় বজাৰ আৰু কাশ্মীৰ গেট আদিকে ধৰি প্ৰায় ২০খন ডাঙৰ পাইকাৰী আৰু খুচুৰা বজাৰ অৱস্থিত। এই বজাৰসমূহে সমগ্ৰ দেশলৈকে সামগ্ৰী যোগান ধৰে ।
১ নৱেম্বৰৰ সমাৱেশৰ বাবে পথ বন্ধ, মেট্ৰ’ ষ্টেচনত সম্ভাব্য বাধা আৰু নিৰাপত্তাজনিত কাৰণত যান-বাহন ডাইভাৰচন কৰিলে এই বজাৰসমূহৰ ব্যৱসায় ৩-৪ দিনৰ বাবে সম্পূৰ্ণ স্তব্ধ হৈ পৰাৰ আশংকা আছে। তদুপৰি, ৰামলীলা ময়দানৰ সমীপৱৰ্তী পুৰণি দিল্লী আৰু নতুন দিল্লী ৰে’ল ষ্টেচনেৰে প্ৰতিদিনে হাজাৰ হাজাৰ ক্ৰেতা আৰু ব্যৱসায়ী দিল্লীত প্ৰৱেশ কৰে। যানজঁটৰ আশংকাত অন্যান্য চহৰৰ ক্ৰেতাসকলে দিল্লীলৈ অহাটো বন্ধ কৰিলে স্থানীয় ব্যৱসায়ীসকল চৰম সমস্যাৰ সম্মুখীন হ'ব।
পত্ৰখনত চিটিআয়ে উল্লেখ কৰিছে যে কেন্দ্ৰীয় দিল্লী আৰু কনাট প্লেচকে ধৰি ইণ্ডিয়া গেটৰ আশে-পাশে থকা অঞ্চলসমূহত চলিত অক্টোবৰ মাহত বিভিন্ন প্ৰতিবাদ আৰু সমাৱেশৰ বাবে ইতিমধ্যে ব্যৱসায়ীসকলৰ প্ৰায় ৩ হাজাৰ কোটি টকাৰ লোকচান হৈছে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।