নিউজ ডেস্ক : কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ফোন হেক কৰা বা টেপ কৰা হৈছে নেকি ? শুকুৰবাৰে কংগ্ৰেছ নেতা গান্ধীয়ে ভয়ংকৰ অভিযোগ উত্থাপন কৰে । তেওঁ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে তেওঁৰ ফোন টেপ কৰাৰ অভিযোগ উত্থাপন কৰে। এই চোৰাংচোৱা নিৰীক্ষণৰ বিষয়ে প্ৰধানমন্ত্ৰী মোদী নিজেও অৱগত বুলি দাবী কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।
ইয়াৰ লগতে তেওঁ পুনৰবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাজহুৱা বিতৰ্কৰ বাবে প্ৰত্যাহ্বান জনায় । কংগ্ৰেছে এক্সত প্ৰকাশ কৰা এটা ভিডিঅ’ত ৰাহুল গান্ধীয়ে কয়, "প্ৰধানমন্ত্ৰী এই বিষয়ে অৱগত, কাৰণ তেওঁ মোৰ ফোন টেপ কৰাইছে ।"
কংগ্ৰেছ নেতাগৰাকীয়ে কয়, "যি নহওক, চিন্তাৰ কোনো কাৰণ নাই। মোৰ সৈতে বিতৰ্ক কৰিবলৈ আহোঁতে আপুনিও এটা টেলিপ্ৰম্পটাৰ লৈ আহিব পাৰে আৰু আপোনাৰ পছন্দৰ এজন বিচাৰকো বহুৱাব পাৰে।"
তেওঁ লগতে কয়, "মাত্ৰ বিতৰ্কলৈ আহক, সেয়াই যথেষ্ট। দেশবাসীয়ে জানিব বিচাৰে—প্ৰকৃত দেশদ্ৰোহী কোন ? মই বাৰে বাৰে এই কথাটো কৈ আহিছো । মোৰ কথা মনত ৰাখিব, প্ৰধানমন্ত্ৰী যদি মোৰ সৈতে বিতৰ্ক কৰিবলৈ আহে, তেন্তে তেওঁৰ ৰাজনৈতিক কেৰিয়াৰৰ অন্ত পৰিব।"
গান্ধীয়ে লগতে কয়," তেওঁ এই কথা জানে আৰু ময়ো জানো। তেওঁ মোক বাৰে বাৰে দেশবিৰোধী বুলি অভিহিত কৰি আহিছে। মই দেশবাসীক দেখুৱাব বিচাৰো প্ৰকৃততে কোন দেশবিৰোধী, কোন কাৰ নিয়ন্ত্ৰণত আছে আৰু কেতিয়াৰ পৰা আছে। এই সত্য তেওঁ জানে।"

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।