দুৰ্ঘটনাস্থলীৰ চিচিটিভি ফুটেজত দেখা গৈছে যে এম্বুলেন্সখন সোঁফালৰ দ্ৰুত বেগী লেনত আছিল আৰু আন কেইবাখনো বাহন আন লেনবোৰত জমা হৈ আছিল । উল্লেখ্য যে, ৰাহুল গান্ধীয়ে আজি পুৱা লক্ষ্ণৌ বিমানবন্দৰত অৱতৰণ কৰিছিল। তাৰ পৰা তেওঁৰ কনভয়টো প্ৰায় ১৩৫ কিলোমিটাৰ দূৰৈৰ চুলতানপুৰৰ অভিমুখে যাত্ৰা আৰম্ভ কৰে। তেওঁলোক গন্তব্যস্থানৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ দূৰত থকা অৱস্থাতে এই দুৰ্ঘটনাটো সংঘটিত হয়।
অমিত শ্বাহ বিজেপিৰ সভাপতি হৈ থকাৰ সময়ত গান্ধীয়ে শ্বাহৰ বিৰুদ্ধে কৰা কথিত আপত্তিজনক মন্তব্যৰ সৈতে জড়িত এক মানহানিৰ গোচৰৰ সন্দৰ্ভত সোমবাৰে এখন বিশেষ সাংসদ-বিধায়ক (MP-MLA) আদালতত হাজিৰ হোৱাৰ কথা আছিল। আদালতে আজি এই গোচৰৰ ৰায়দান কৰাৰ সম্ভাৱনা থকাৰ বাবে ৰায় ঘোষণাৰ সময়ত কংগ্ৰেছ সাংসদগৰাকীৰ শাৰীৰিক উপস্থিতিৰ প্ৰয়োজন আছিল ।
এই মানহানিৰ গোচৰটো ২০১৮ চনৰ ৪ আগষ্টৰ, যেতিয়া চুলতানপুৰ জিলা সমবায় বেংকৰ প্ৰাক্তন অধ্যক্ষ তথা বিজেপি নেতা বিজয় মিশ্ৰই অমিত শ্বাহৰ সন্দৰ্ভত কৰা মন্তব্যক লৈ গান্ধীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছিল । ২০১৮ চনৰ কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ পূৰ্বে বেংগালুৰুত এক নিৰ্বাচনী প্ৰচাৰ ৰেলীৰ সময়ত এই মন্তব্য কৰিছিল গান্ধীয়ে ।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।