Thursday, 05 November 2026
লগইন
ব্ৰেকিং

ৰাহুল গান্ধী, নিৰ্বাচন আয়োগলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ

কঠোৰ উচ্চতম ন্যায়ালয়

নিউজ ডেস্ক: সোমবাৰে বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে উচ্চতম ন্যায়ালয়তলৈ কৰা সমদল আৰু ইয়াৰ চৌহদত কৰা প্ৰতিবাদৰ সন্দৰ্ভত বৃহস্পতিবাৰে কঠোৰ মন্তব্য কৰিছিল উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে ।

ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তই ৰাহুল গান্ধীৰ উচ্চতম ন্যায়ালয়লৈ কৰা সমদলৰ প্ৰসংগ উল্লেখ কৰি কয়, "কোনেও ন্যায়পালিকাক ভয় দেখুৱাব নোৱাৰে ।"

উচ্চতম ন্যায়ালয়ে ৰাহুল গান্ধী আৰু অন্যান্য ইণ্ডিয়া (INDIA) মিত্ৰজোঁটৰ নেতাসকলে SIR আৰু নিৰ্বাচন আয়োগৰ কাৰ্যকলাপৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি দাখিল কৰা আবেদনসমূহৰ শুনানি গ্ৰহণ কৰে কঠোৰ মন্তব্য কৰে ন্যায়াধীশে ।

আদালতে নিৰ্বাচন আয়োগ, মুখ্য নিৰ্বাচন আয়ুক্ত (CEC) আৰু আন দুজন নিৰ্বাচন আয়ুক্তলৈ জাননী জাৰি কৰে, লগতে স্পষ্ট কৰি দিয়ে যে জাননী জাৰি কৰাৰ অৰ্থ এইটো নহয় যে ৰাজনৈতিক নেতাসকলৰ আচৰণক ক্ষমা কৰি দিয়া হৈছে ।

মুখ্য ন্যায়াধীশ সূৰ্য কান্তই উল্লেখ কৰে, "আমি জাননী জাৰি কৰিম কিন্তু পৰৱৰ্তী শুনানিৰ দিনা তেওঁৰ আচৰণ কেনেকুৱা আছিল সেই বিষয়ে জানিব বিচাৰিম ।"

ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা আৰু অধিবক্তা গৌৰৱ ভাটিয়াই উচ্চতম ন্যায়ালয়ত হোৱা এই প্ৰতিবাদৰ বিষয়টো উত্থাপন কৰাৰ পিছতে আদালতৰ পৰা এই কঠোৰ মন্তব্য প্ৰদান কৰে ।

ভাটিয়াই আঙুলিয়াই দিয়ে যে, "এই আদালতত চলি থকা গোচৰক লৈ ৰাজনৈতিক সমদল উলিওৱাটো গ্ৰহণযোগ্য নহয়। উচ্চতম ন্যায়ালয়ত যি ঘটিল, সেয়া ঘটিব নালাগিছিল।"

এই সময়তে মুখ্য ন্যায়াধীশে কয়: "কোনেও ন্যায়পালিকাক ভয় দেখুৱাব নোৱাৰে।" এই প্ৰতিবাদ আৰু সমদল আদালতৰ ওপৰত চাপ সৃষ্টি কৰাৰ এক প্ৰয়াস আছিল বুলি ভাটিয়াই কৰা দাবীৰ সন্দৰ্ভত মুখ্য ন্যায়াধীশে এই প্ৰয়াসক "দুৰ্বল" বুলি অভিহিত কৰে।
##bigupdate #newsupdate #politicalnews #rahulgandhi #electioncommission #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।