নিউজ ডেস্ক : দিল্লীৰ ৰামলীলা ময়দানত অনুষ্ঠিত INDIA মিত্ৰজোঁটৰ বিশাল সমাৱেশত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সকীয়নি প্ৰদান কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ প্ৰসংগ উত্থাপন কৰি গান্ধীয়ে কয়, “জ্ঞানেশ কুমাৰৰ পিছত আমি আপোনাৰ ওচৰলৈ আহিম।”
একেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকো সকীয়নি প্ৰদান কৰে ৰাহুল গান্ধীয়ে। তেওঁ কয়, “মোদী ক’লৈকো যাব নোৱাৰে।” লগতে এই দুয়োগৰাকী নেতাক বিৰোধী পক্ষই ৰেহাই নিদিয়ে বুলিও মন্তব্য কৰে গান্ধীয়ে।
নিৰ্বাচনী তালিকাৰ পৰা ভোটাৰৰ নাম কৰ্তন কৰাৰ অভিযোগকো তীব্ৰ সমালোচনা কৰে ৰাহুল গান্ধীয়ে। তেওঁ এই কাৰ্যক ‘দেশবিৰোধী’ আৰু ‘ৰাষ্ট্ৰদ্ৰোহ’ বুলি অভিহিত কৰে। এই ঘটনাক ‘অতি বিৰলৰ ভিতৰত বিৰল’ (Rarest of Rare) ঘটনা আখ্যা দি ভোটাৰৰ নাম কৰ্তনৰ অভিযোগক লৈ উদ্বেগ প্ৰকাশ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।
আনহাতে, মুছলমানসকলৰ দেশপ্ৰেমক লৈ প্ৰশ্ন উত্থাপন কৰা লোকসকলক প্ৰত্যুত্তৰ দিয়ে নেচনেল কনফাৰেন্সৰ সভাপতি ফাৰুক আব্দুল্লাই। তেওঁ কয় যে মুছলমানসকলক প্ৰায়ে পাকিস্তানী বুলি অভিহিত কৰা হয়। বিজেপি আৰু আৰ এছ এছক উদ্দেশ্যি আব্দুল্লাই কয় যে দেশৰ বাবে মুছলমানসকলে নিজৰ তেজ দিছে আৰু ভৱিষ্যতেও দেশৰ বাবে তেজ দিবলৈ প্ৰস্তুত থাকিব।
ইফালে, সমাজবাদী পাৰ্টিৰ সভাপতি অখিলেশ যাদৱে নিৰ্বাচনী তালিকাৰ পৰা ভোটাৰৰ নাম কৰ্তন কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁৰ অভিযোগ অনুসৰি, ২০১৯ চনৰ নিৰ্বাচনত ভোটদান কৰা বহু লোকে ২০২২ চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিব পৰা নাছিল। কাৰণ তেওঁলোকৰ নাম নিৰ্বাচনী তালিকাৰ পৰা কৰ্তন কৰা হৈছিল।
ৰামলীলা ময়দানৰ সমাৱেশত ভাষণ দি অখিলেশ যাদৱে কয় যে সমাজবাদী পাৰ্টিয়ে এই সন্দৰ্ভত নিৰ্বাচন আয়োগৰ ওচৰত আনুষ্ঠানিকভাৱে শপতনামা দাখিল কৰি অভিযোগসমূহৰ বিষয়ে অৱগত কৰিছিল। কিন্তু সেই সময়ত আয়োগে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। অৱশ্যে, এই বিষয়টোক লৈ জনসাধাৰণে প্ৰতিবাদী কণ্ঠ উত্থাপন কৰাৰ পিছতহে নিৰ্বাচন আয়োগে কিছু ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰা বুলি মন্তব্য কৰে তেওঁ।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।