Saturday, 07 November 2026
লগইন
ব্ৰেকিং

ভাৰত-পাকিস্তান সীমান্তৰ ওচৰৰ এটা ৰে'লপথত ভয়াৱহ বিস্ফোৰণৰ সন্দেহ

ভাৰত-পাকিস্তান সীমান্তৰ ওচৰৰ এটা ৰে'লপথত ভয়াৱহ বিস্ফোৰণ !

নিউজ ডেস্ক : ৰাজস্থানৰ ভাৰত-পাকিস্তান সীমান্তৰ ৰে'ললাইনত সংঘটিত হোৱা এক তীব্ৰ বিস্ফোৰণৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। মঙলবাৰে মাজ নিশা শ্ৰীগংগানগৰ জিলাৰ অনুপগড় আৰু সুৰতগড়ৰ মাজৰ ৰে'ললাইনত এই বিস্ফোৰণটো সংঘটিত হয়।

তথ্য অনুসৰি, বিস্ফোৰণৰ শব্দ ২০০ মিটাৰ দূৰলৈকে শুনা গৈছিল। বিস্ফোৰণৰ তীব্ৰতাত ৰে'ল লাইনৰ তলত গাঁতৰ সৃষ্টি হৈছে। খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত সন্ত্ৰাসবাদ বিৰোধী শাখা, CID, ডগ স্কোয়াড আৰু ৰে'ল সুৰক্ষা বাহিনী উপস্থিত হয়। ৰে'ল সূত্ৰৰ খবৰ অনুসৰি, বিস্ফোৰণৰ ৪৫ মিনিট আগতেই এখন যাত্ৰীবাহী ৰে'ল সেই লাইনেৰে পাৰ হৈ গৈছিল ।

মঙলবাৰে ৰাতি ২ বজাত ৰে'ল সুৰক্ষা বাহিনীৰ (RPF) এটা দলে ঘটনাস্থলীৰ আশে-পাশে তালাচী চলায়। কোনো বিস্ফোৰক সামগ্ৰী পুতি থোৱা আছে নেকি, তাক পৰীক্ষা কৰি চোৱা হয়। শ্ৰীগংগানগৰৰ আৰক্ষী অধীক্ষক হৰিশংকৰে জনায় যে, ৰে'লৰ স্লিপাৰ ক্ষতিগ্ৰস্ত হৈছে। ফৰেনছিক দলে ঘটনাস্থলী আৰু বিস্ফোৰকৰ নমুনা পৰীক্ষা কৰি চাইছে। অৱশ্যে এই ঘটনাৰ সৈতে কোনো সন্ত্ৰাসবাদীৰ সম্পৰ্ক আছে নে নাই, সেয়া এতিয়াও স্পষ্ট হোৱা নাই বুলি দাবী কৰা হৈছে।

আৰক্ষীয়ে দাবী কৰে যে, এই ঘটনাৰ সৈতে কেইদিনমান পূৰ্বে উদ্ধাৰ হোৱা চাৰে সাত কেজি RDX ৰ কোনো সংযোগ নাই। অৱশ্যে সন্দেহ কৰা হৈছে যে এক বৃহৎ কূটাঘাতমূলক কাৰ্যৰ পৰিকল্পনা কৰা হৈছিল। যাত্ৰীবাহী ৰে’লপথচ্যুত কৰাৰ পৰিকল্পনা আছিল। এই ঘটনাৰ সৈতে কোন জড়িত, সেই বিষয়ে ৰে’ল সুৰক্ষা বাহিনী (RPF) আৰু সন্ত্ৰাসবাদ বিৰোধী শাখাই (ATS) তদন্ত অব্যাহত ৰাখিছে।
##suspectedexplosion # AnupgarhSuratgarhrailway #Rajasthanexplosion #Rajasthanblast

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।