Saturday, 21 November 2026
লগইন

ইন্দিৰা গান্ধীক হত্যাৰ পাছত কি অৱস্থাৰ সৃষ্টি হৈছিল ৰাজীৱ আৰু ছোনিয়াৰ ?

ছোনিয়াৰ আত্মজীৱনীনে খলখনি সৃষ্টি কৰিছে

নিউজ ডেস্ক : কংগ্ৰেছে নেত্ৰী ছোনিয়া গান্ধীয়ে ৮০ দশকত কি কি ঘটনাৰ সন্মুখীন হৈছিল ? এই কথা প্ৰকাশ কৰিছে তেওঁৰ আত্মজীৱনী 'Belonging: A Journey of Love' ত উল্লেখ কৰিছে । বিশেষকৈ ১৯৮৪ চনৰ ৩১ অক্টোবৰৰ ঘটনাৰ কথা উল্লেখ কৰিছে ।

৩১ অক্টোবৰৰ ঘটনাৰ সন্দৰ্ভত গান্ধীয়ে লিখে,”সেইদিনা পুৱা দিল্লীৰ প্ৰধানমন্ত্ৰীৰ বাসগৃহত মই আছিল এগৰাকী তৰুণী পত্নী আৰু মাতৃ। তেওঁ গা ধুবলৈ লওঁতেই বাগিচাত গুলীৰ শব্দ শুনিবলৈ পাইছিলো ।”

তেওঁৰ শাহুৱেক তথা ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী তেতিয়া কাষৰ এটা অট্টালিকাত থকা নিজৰ কাৰ্যালয়লৈ বুলি ওলাই গৈছিলহে । তাৰ কিছু মুহূৰ্তৰ পাছতেই সেই বছৰৰ আৰম্ভণিতে ভাৰতীয় সেনাই শিখ ধৰ্মাৱলম্বীসকলৰ পবিত্ৰ উপাসনাস্থলী অমৃতসৰৰ স্বৰ্ণ মন্দিৰত চলোৱা অভিযানৰ প্ৰতিশোধ হিচাপে তেওঁৰেই দুজন শিখ দেহৰক্ষীয়ে তেওঁক হত্যা কৰে।

সেই শব্দটো ফটকা ফুটাৰ দৰে আছিল, কিন্তু অলপ "বেলেগ" ধৰণৰ আছিল। ল’ৰা-ছোৱালীহালৰ প্ৰতিপাল কৰা আইতাগৰাকীয়ে হিতাহিত জ্ঞান হেৰুৱাই বাথৰুমৰ দুৱাৰত ঢকিয়াবলৈ ধৰিলে আৰু বাগিচাৰ ফালে আঙুলিয়াই দিলে।

ছোনিয়াই খোজকঢ়া বাটটোৰ ফালে দৌৰি গ’ল। এখন বগা এম্বেছাডৰ গাড়ী লাহে লাহে তেওঁৰ ফালে আগবাঢ়ি আহিছিল। গাড়ীখনৰ ভিতৰত ইন্দিৰা তেজেৰে ৰাঙলী হৈ পৰি আছিল, তেওঁৰ শাৰীখন তেজেৰে তুমৰলি হৈ আছিল, চকু দুটা মেল খাই আছিল আৰু ছোনিয়াই মনত পেলোৱা মতে তেওঁৰ মুখত এক আচৰিত হোৱাৰ ভাৱ আছিল।

"মাম্মী, মাম্মী," বুলি তেওঁ মাতিবলৈ চেষ্টা কৰিছিল। কিন্তু মুখৰ পৰা কোনো শব্দ ওলোৱা নাছিল। চিকিৎসালয়ত তেওঁ ঘণ্টাৰ পাছত ঘণ্টা ধৰি অপেক্ষা কৰিছিল আৰু অৱশেষত এজন চিকিৎসকে মূৰ জোকাৰি তেওঁ যিটো কথালৈ ভয় কৰি আছিল সেই অশুভ সংবাদটো দিলে।

এই দুৰ্যোগ তাতেই শেষ হোৱা নাছিল। পশ্চিম বংগৰ এখন জনসভাৰ পৰা মাতি পঠিওৱা তেওঁৰ স্বামী তথা ইন্দিৰা গান্ধীৰ জ্যেষ্ঠ পুত্ৰ ৰাজীৱ গান্ধীয়ে আহি তেওঁক জনালে যে দলৰ নেতাসকলে তেওঁক প্ৰধানমন্ত্ৰী হোৱাটো বিচাৰিছে।

ছোনিয়াৰ প্ৰতিক্ৰিয়া আছিল খং আৰু আতংকৰে ভৰা। "তেওঁলোকে তোমাকো মাৰি পেলাব; তেওঁলোকে তোমাকো মাৰি পেলাব!" বুলি তেওঁ কাকূতি কৰিছিল। ৰাজীৱে উত্তৰ দিছিল: "তেওঁলোকে মোক এনেও মাৰি পেলাব।" সেইদিনা সন্ধিয়া ঘৰত ইন্দিৰাৰ নশ্বৰ দেহ পৰি থকা অৱস্থাতেই ৰাজীৱে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

ছোনিয়া গান্ধীৰ নতুন আত্মকথাত 'Belonging: A Journey of Love' ৰ এইটো অন্যতম হৃদয়বিদাৰক অংশ— য’ত ৰাজহুৱা জীৱনৰ চাপৰ সমান্তৰালকৈ ব্যক্তিগত জীৱনৰ চৰম দুখ-যন্ত্ৰণাৰ কথা ফুটি উঠিছে ।
এই অংশটোৱে আন এক ভয়াৱহ ক্ষতিৰো পূৰ্বাভাস দিছিল। ১৯৯১ চনত ৰাজীৱ গান্ধীকো হত্যা কৰা হয়। ছোনিয়াৰ বাবে ইয়াৰ পাছৰ বছৰবোৰ আছিল একপ্ৰকাৰৰ নিৰ্বাসন বা নিজকে আঁতৰাই ৰখাৰ সময়।

১৯ বছৰ বয়সত ইটালীৰ এখন সৰু চহৰৰ এগৰাকী যুৱতী হিচাপে তেওঁ ইংলেণ্ডত এজন ভাৰতীয় ছাত্ৰ ৰাজীৱক লগ পাইছিল। তেওঁলোকৰ সম্পৰ্কই ছোনিয়াক এখন নতুন দেশ আৰু নতুন পৰিয়াললৈ লৈ আহিছিল, আৰু পৰৱৰ্তী সময়ত ইন্দিৰাৰ সৈতে তেওঁৰ এক গভীৰ আত্মীয়তা গঢ় লৈ উঠিছিল। স্বামী আৰু শাহুৱেকৰ জৰিয়তে ভাৰতবৰ্ষ তেওঁৰ নিজৰ ঘৰ হৈ পৰিছিল।

ৰাজীৱৰ হত্যাকাণ্ডৰ পাছত তেওঁ নেতৃত্ব দিয়া স্মাৰক ন্যাসসমূহৰ কামত ৰাজহুৱা অনুষ্ঠানত উপস্থিত থকাটোও তেওঁৰ বাবে এক কঠিন পৰীক্ষা হৈ পৰিছিল। ভাষণ দিয়াৰ আগতে তেওঁ ভয় খাইছিল যে চকুপানীয়ে তেওঁক আৱৰি ধৰিব।

যেতিয়া দালাই লামাই তেওঁক সুধিছিল যে স্বামীৰ হত্যাকাৰীসকলৰ প্ৰতি তেওঁৰ মনত প্ৰতিশোধৰ ভাৱ জাগেনেকি, তেতিয়া তেওঁ উত্তৰ দিছিল, "নাই, মোৰ তেনে ভাৱ নাহে," আৰু এইবুলি কৈয়েই তেওঁ হুকহুকাই কান্দি উঠিছিল। তেওঁ লিখিছে যে লাহে লাহে ৰাজীৱ তেওঁৰ বাবে "এক তীব্ৰ শূন্যতাৰ পৰিৱৰ্তে মোৰ ভিতৰতেই থকা এক উপস্থিতি" হৈ পৰিছিল।

কিন্তু পৰিয়ালৰ বিশেষ দিনবোৰত সেই শোক আকৌ উভতি আহিছিল। ১৯৯৫ চনত পুত্ৰ ৰাহুলৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ স্নাতক সমাৰোহত ৰাজীৱ জীয়াই থকা হ’লে কিমান গৌৰৱান্বিত হ’লহেঁতেন সেই কথা ভাবি তেওঁ আৰু তেওঁৰ সন্তান দুটা আৱেগিক হৈ পৰিছিল।
##bigupdate #newsupdate #soniagandhi #rajivgandhi #autobiography #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।