নিউজ ডেস্ক: মঙলবাৰে তাজিকিস্তানৰ দুচানবেত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থা (SCO)ৰ চৰকাৰ প্ৰধানসকলৰ পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰি সন্ত্ৰাসবাদৰ কোনো যুক্তি থাকিব নোৱাৰে আৰু ইয়াক প্ৰতিহত কৰাৰ ক্ষেত্ৰত কোনো দুমুখীয়া নীতি বা দুটা মানদণ্ড থাকিব নোৱাৰে বুলি দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
সন্ত্ৰাসবাদক উন্নয়নৰ আটাইতকৈ ভয়াৱহ ভাবুকিসমূহৰ অন্যতম বুলি অভিহিত কৰি সিঙে কয় যে, ই কেৱল মানুহৰ জীৱনৰে ক্ষতি নকৰে, বৰঞ্চ বিনিয়োগ আৰু বাণিজ্যৰো ক্ষতি সাধন কৰে।
উল্লেখ্য যে, পাকিস্তানৰ বৈদেশিক মন্ত্ৰী তথা উপ-প্ৰধানমন্ত্ৰী ইছহাক দৰৰ উপস্থিতিত সিঙে কয়, “সন্ত্ৰাসবাদে সমাজক মৌলবাদী কৰি তোলে আৰু আমাৰ যুৱপ্ৰজন্মক তেওঁলোকৰ প্ৰাপ্য সুযোগ-সুবিধাসমূহৰ পৰা বঞ্চিত কৰি ৰাখে।”
“সন্ত্ৰাসবাদৰ কোনো ঔচিত্য বা যুক্তি থাকিব নোৱাৰে। ইয়াক দমন কৰাৰ ক্ষেত্ৰত কোনো দুমুখীয়া নীতি থাকিব নোৱাৰে। যিসকলে সন্ত্ৰাসবাদীসকলক পুঁজি যোগান ধৰে, সহায় কৰে বা আশ্ৰয় প্ৰদান কৰে, তেওঁলোকৰ বাবে কোনো স্থান থাকিব নালাগে। সন্ত্ৰাসবাদৰ সমগ্ৰ পৰিস্থিতিতন্ত্ৰক দৃঢ়তাৰে আৰু সামূহিকভাৱে উৎখাত কৰিব লাগিব।”
যেতিয়া ইছহাক দৰে এই মন্তব্য কৰে, তেতিয়া তেওঁ ৰাজনাথ সিঙৰ সন্মুখত বহি আছিল। পাকিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়েও এই বৈঠকৰ এটা ভিডিঅ' শ্বেয়াৰ কৰিছে, য'ত সিঙ আৰু দৰক একেখন মেজতে বহি থকা দেখা গৈছে।
ৰাজনাথ সিঙে তাজিকিস্তানৰ ৰাজধানীত অনুষ্ঠিত SCO ৰ চৰকাৰ প্ৰধানসকলৰ বৈঠকত ভাৰতক প্ৰতিনিধিত্ব কৰিছে, য’ত এই আঞ্চলিক গোটটোৰ অধীনত আলোচনাৰ বাবে সদস্য দেশসমূহৰ নেতা আৰু প্ৰতিনিধিসকল একত্ৰিত হৈছে।
তথ্য অনুসৰি, পূৰ্বতে ছেপ্টেম্বৰ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও উল্লেখ কৰিছিল যে, SCO ৰ সদস্য ৰাষ্ট্ৰসমূহে সন্ত্ৰাসবাদৰ সমগ্ৰ 'পৰিৱেশ তন্ত্ৰ' ধূলিস্যাৎ কৰাৰ বাবে একেলগে কাম কৰাৰ প্ৰয়োজন আছে।
"আমাৰ সন্ত্ৰাসবাদৰ বিত্তীয় সাহায্য, নিযুক্তি, উগ্ৰপন্থী কৰণ আৰু সুৰক্ষিত আশ্ৰয়স্থলীৰ সমগ্ৰ পৰিৱেশ তন্ত্ৰটো ধ্বংস কৰিব লাগিব।"চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং, ৰাছিয়াৰ ভ্লাদিমিৰ পুটিন, ইৰানৰ মাছউদ পেজেশ্কিয়ান আৰু অন্যান্যসকলৰ উপস্থিতিত প্ৰধানমন্ত্ৰী মোদীয়ে এইদৰে উল্লেখ কৰে।
সন্ত্ৰাসবাদৰ ওপৰত ভাৰতৰ কঠোৰ স্থিতি
ভাৰতে পাকিস্তান চৰকাৰ আৰু সেনাক সন্ত্ৰাসবাদক সমৰ্থন আৰু আশ্ৰয় দিয়াৰ অভিযোগ উত্থাপন কৰে। ২৬ জন লোকৰ প্ৰাণ কাঢ়ি নিয়া ২০২৫ চনৰ এপ্ৰিল মাহৰ পহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ১৫ দিন পাছত, ভাৰতে পাকিস্তান আৰু পাকিস্তান-অধিকৃত কাশ্মীৰত থকা সন্ত্ৰাসবাদীৰ ঘাটিসমূহক লক্ষ্য কৰি 'অপাৰেচন সিন্দূৰ' আৰম্ভ কৰিছিল।
এই সামৰিক অভিযান আৰু তাৰ পৰৱৰ্তী যুদ্ধৰ ফলত পাকিস্তানৰ বৃহৎ সামৰিক ক্ষতি হৈছিল। শত্ৰুতাপূৰ্ণ পৰিস্থিতিৰ অন্ত পৰাৰ কথা ঘোষণা কৰাৰ কেইদিনমান পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, “ভাৰতে য’ত পৰ্যটনক বিশ্বাস কৰে, পাকিস্তানে সন্ত্ৰাসবাদক পৰ্যটন বুলি গণ্য কৰে, যিটো সমগ্ৰ বিশ্বৰ বাবে অতি বিপজ্জনক।”
ভাৰতে স্থিতি গ্ৰহণ কৰে যে, তেওঁলোকে সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদীক আশ্ৰয় বা প্ৰশ্ৰয় দিয়া শক্তিক পৃথক হিচাপে গণ্য নকৰে।
উল্লেখ্য যে, ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে SCO ৰ চৰকাৰী মুৰব্বীসকলৰ পৰিষদ (CHG)ৰ বৈঠকত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ তাজিকিস্তানত দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে উপস্থিত হয়।
এটা ৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ তথ্য অনুসৰি, দুশ্বানবে বিমান বন্দৰত উপস্থিত হোৱাৰ পিছত সিঙক আনুষ্ঠানিকভাৱে উষ্ম আদৰণি জনায়। তাজিকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী ইম’মালি ছ’বিৰজ’ডা আৰু দেশখনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ শ্বেৰালী জ’ননেও তেওঁক আদৰণি জনায়।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।