Friday, 06 November 2026
লগইন
ব্ৰেকিং

ৰবীন্দ্ৰ জাডেজাৰ এদিনীয়া ক্ৰিকেটৰ ভৱিষ্যতক লৈ সন্দেহ প্ৰকাশ প্ৰাক্তন ক্ৰিকেটাৰ চেতেশ্বৰ পূজাৰাৰ

চেতেশ্বৰ পূজাৰাৰ সন্দেহ! কিন্তু কি?

নিউজ ডেস্ক: প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ চেতেশ্বৰ পূজাৰাই কয় যে, নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ৰবীন্দ্ৰ জাডেজাক দলত অন্তৰ্ভুক্ত কৰিব লাগিছিল আৰু তেওঁৰ অনুপস্থিতিয়ে এইটোৱে বুজায় যে ৫০ অভাৰৰ ফৰ্মেটত তেওঁৰ সময় হয়তো শেষ হৈ গৈছে, কিয়নো এতিয়া অক্সৰ পেটেলক দলৰ মুখ্য স্পিন-বলিং অলৰাউণ্ডাৰ হিচাপে দেখা গৈছে।

নিউজিলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া পাঁচখন খেলৰ এদিনীয়া শৃংখলাটোৰ বাবে ভাৰতীয় দলৰ পৰা ৰবীন্দ্ৰ জাদেজাক বাদ দিয়া হৈছে। বৰ্তমান দলৰ প্ৰথম পচন্দৰ বাওঁহতীয়া স্পিনাৰ হিচাপে জাদেজাতকৈ অক্ষৰ পেটেলক অগ্ৰাধিকাৰ দিয়া হৈছে।

এদিনীয়া বিশ্বকাপলৈ মাজত মাত্ৰ এটা বছৰ বাকী থকা অৱস্থাত আৰু বিদেশৰ মাটিত ভাৰতৰ পৰিকল্পনাৰ পৰা ৰবীন্দ্ৰ জাডেজা বাহিৰ হোৱাৰ পাছত, এই ফৰ্মেটত তেওঁৰ ভৱিষ্যতক লৈ প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে।

পূজাৰাই কয়, "মই ভাবো এয়া সঁচা,কাৰণ আপুনি যদি ৰবীন্দ্ৰ জাডেজাক এদিনীয়া ক্ৰিকেটত ৰাখিব বিচাৰে তেন্তে তেওঁক দলত বাছনি কৰিব লাগিছিল। মই নিশ্চিত যে, তেওঁ বাছনি নহ’বও পাৰে বুলি পূৰ্বেই জনোৱা হৈছিল, কাৰণ অক্ষৰ পেটেল বৰ্তমান এদিনীয়াত মুখ্য অলৰাউণ্ডাৰ হিচাপে খেলি আছে আৰু তেওঁক অধিক সুযোগ দিয়া হৈছে।"

"তেওঁৰ বয়সটো দেখি মোৰ অনুভৱ হৈছে যে, দল পৰিচালনা সমিতিয়ে চাগে তেওঁক কৈছে যে তেওঁ এতিয়া কেৱল টেষ্ট দলৰহে অংশ, গতিকে তেওঁ তাতেই মনোনিৱেশ কৰা উচিত আৰু তেওঁলোকে তেওঁক সীমিত অভাৰৰ ক্ৰিকেটৰবাবে বিবেচনা কৰা নাই।"

কিন্তু অভিষেক নায়াৰৰ বিশ্বাস যে জাদেজা এতিয়াও ভাৰতীয় দলৰ 'ইনশ্বুৰেঞ্চ পলিচি' হৈ আছে আৰু এদিনীয়া বিশ্বকাপত তেওঁ এতিয়াও অক্ষৰৰ বেক-আপ হ'ব পাৰে।

 নায়াৰে কয়, "জড্ডু হয়তো দললৈ ঘূৰি নাহিবও পাৰে, কিন্তু যদি কোনোবা আঘাতপ্ৰাপ্ত হয়, তেন্তে মনলৈ অহা প্ৰথম নামটো হ’ব জড্ডু। কিয়নো অক্ষৰৰ পিছত কোনো নাই। এই মুহূৰ্তত প্ৰকৃত প্ৰশ্নটো হ’ব: অক্ষৰৰ পিছত দৌৰত কোন আগবাঢ়ি আছে?"

"বৰ্তমান আগৰণুৱা গৰাকী হ'ল অক্ষৰ পেটেল আৰু তেওঁৰ পিছত জড্ডু এতিয়াও আপোনাৰ বীমা পলিসি । বিশ্বকাপৰ আগতে অক্ষৰ পেটেলৰ কিবা হ'লে, ৰবীন্দ্ৰ জাডেজা দললৈ আহিব। "

২০২৬ চনৰ আগন্তুক বিশ্বকাপৰ প্ৰস্তুতি হিচাপে নিজৰ শক্তি পৰীক্ষা কৰিবলৈ ভাৰতীয় ক্ৰিকেট দলৰ বাবে এই ছিৰিজখন অতি গুৰুত্বপূৰ্ণ। নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ এই গুৰুত্বপূৰ্ণ এদিনীয়া শৃংখলা অহা বুধবাৰৰ পৰা আৰম্ভ হ’ব। এই শৃংখলাই দলটোক প্ৰত্যাহ্বানজনক পৰিস্থিতিত এজন শক্তিশালী প্ৰতিদ্বন্দীৰ বিৰুদ্ধে নিজৰ প্ৰদৰ্শন পৰীক্ষা কৰাৰ আৰু খেলুৱৈসকলৰ সঠিক সংমিশ্ৰণ বাছনি কৰাৰ এক সুন্দৰ সুযোগ প্ৰদান কৰিব।
##bigupdate #newsupdate #cheteshwarpujara #odicricket #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।