অৱশ্যে মহেন্দ্ৰ সিং ধোনী এই তালিকাত নপৰে। তেওঁৰ মতে, ধাৰাবাহিকভাৱে উন্নত প্ৰদৰ্শন কৰাৰ বাবেই বেংগালুৰুৱে এই সফলতা অৰ্জন কৰে। ইয়াৰ লগতে তেওঁ নিজৰ দলৰ বেয়া প্ৰদৰ্শনকো ইয়াৰ বাবে জগৰীয়া কৰে।
বেঙ্গালুৰুৰ এটা অনুষ্ঠানত উপস্থিত হৈ ধোনীয়ে কয়, "মই সদায় বিশ্বাস কৰোঁ যে কাগজ-কলমত আপুনি কিমান শক্তিশালী সেয়া প্ৰয়োজনীয় নহয়। নিৰ্দিষ্ট দিনটোত খেলপথাৰত নামি আপুনি কি কৰিব পাৰিলে, সেইটোহে আচল কথা। ফৰ্মেটটো যিমানেই সৰু হয়, দলসমূহৰ মাজৰ পাৰ্থক্য সিমানেই কম হয়। যোৱা দুবছৰ ধৰি চেন্নায়ে খুব ভাল খেলা নাই। এইটোৱেই সত্য। আৰু RCB য়ে যে বহুত ভাল খেলিছে, এই কথাটো স্বীকাৰ নকৰাৰ কোনো উপায় নাই।"
লগতে ধোনিয়ে কয় যে, "এয়াই জীৱন। ভাল সময়ৰ পিছত বেয়া সময়ো আহে। তাৰ পৰা কেনেকৈ ওলাই আহিব লাগিব, দলৰ ভালৰ বাবে কেনেকৈ কাম কৰিব লাগিব, সেইটোহে গুৰুত্বপূৰ্ণ। আমি যেতিয়া জিকি আছিলোঁ, তেতিয়াই জানিছিলোঁ যে এনেকুৱা এটা সময়ো আহিব যেতিয়া আমি হাৰিম। পৰাজয়ৰ সময়ত আপোনাৰ মানসিকতা কেনেকুৱা থাকে তাৰ ওপৰত বহু কথা নিৰ্ভৰ কৰে। যোৱা দুবছৰত RCBয়ে অতি ভাল খেলিছে। সেইটো আমি কৰিব পৰা নাই।"
উল্লেখ্য যে, IPL ত চেন্নাই আৰু বেংগালুৰুৰ খেল সদায়ে উত্তেজনাপূৰ্ণ হয়। অৱশ্যে যোৱা পাঁচখন মুখামুখি খেলৰ ভিতৰত চাৰিবাৰতে বেংগালুৰুৱে জয়লাভ কৰে। ধোনিয়ে ভাবে যে, পিছৰ বাৰ পৰিস্থিতি সলনি হ’ব পাৰে। ধোনিৰ ভাষাত, "আশা কৰোঁ আৰু এখন তীব্ৰ প্ৰতিদ্বন্দিতাপূৰ্ণ খেল দেখিবলৈ পাম। অহা বছৰ ইয়ালৈ অহাৰ পিছত যাতে ক’ব পাৰোঁ যে এখন ধুনীয়া খেল হ’ল আৰু দৰ্শকে খেলখন চাই আনন্দ পালে।"

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।