এই নিষেধাজ্ঞাসমূহৰ অধীনত দিল্লী চৰকাৰ আৰু ব্যক্তিগত কাৰ্যালয়সমূহে বাধ্যতামূলকভাৱে ৫০% ঘৰৰ পৰা কাম কৰাৰ নিয়ম কাৰ্যকৰী কৰিব লাগিব আৰু ব্যক্তিগত বাহনৰ ব্যৱহাৰ নিৰুৎসাহিত কৰিবলৈ দেওবাৰৰ অৰ্থাৎ ১ নৱেম্বৰৰ পৰা কৰ্তৃত্বপ্ৰাপ্ত পাৰ্কিং স্থানসমূহত বৰ্তমানৰ পাৰ্কিং মাছুল দুগুণ কৰা হ’ব বুলি তথ্য অনুসৰি জানিব পৰা গৈছে।
দিল্লীত নিৰ্মাণ কাৰ্য আৰু BS-VI ৰ তলৰ আন ৰাজ্যৰ বাহনৰ প্ৰৱেশত নিষেধাজ্ঞা আৰোপ। কিন্তু কিয়?
দিল্লীত নিষেধাজ্ঞা!

নিউজ ডেস্ক : শীত কালত দিল্লীত বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ বাবে দিল্লী চৰকাৰে নিৰ্দিষ্ট সময়সীমাৰ বাবে কেইটামান কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে। ইয়াৰ ভিতৰত আছে ধূলি সৃষ্টি কৰা ভাঙনি আৰু মুকলি ঠাইত নিৰ্মাণ কাৰ্য্যৰ ওপৰত নিষেধাজ্ঞা, আৰু BS-VI নিৰ্গমন মানদণ্ডৰ তলৰ দিল্লীৰ বাহ্যিক পঞ্জীয়নভুক্ত সকলো বাহনৰ প্ৰৱেশ তথা চলাচলত নিষেধাজ্ঞা । এই সকলোবোৰ নিয়ম ১ নৱেম্বৰৰ পৰা কাৰ্যকৰী হৈছে।
মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।