নিউজ ডেস্ক : মুম্বাই আৰক্ষীৰ বিশেষ সুত্ৰ মতে, দেওবাৰে জুহুত সংঘটিত হোৱা গুলীচালনাৰ ঘটনাত শ্বুটাৰসকলৰ আচল লক্ষ্য আছিল অভিনেতা ছলমান খান । অভিনেতা টাইগাৰ শ্ৰফ আছিল তেওঁলোকৰ দ্বিতীয় পচন্দ বা এজন "সহজ লক্ষ্য"।
দেওবাৰে সন্ধিয়া শ্ৰফৰ গাড়ীলৈ লক্ষ্য কৰি গুলী চালনা কৰা দুজন শ্বুটাৰে প্ৰকৃততে বান্দ্ৰা (পশ্চিম)ৰ বেণ্ডষ্টেণ্ডত থকা ছলমান খানৰ ঘৰত পৰ্যবেক্ষণ চলাইছিল । কিন্তু তাৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ বাবে তেওঁলোকে পৰিকল্পনা বাদ দিবলগীয়া হয় । ইয়াৰ পিছতে দলটোৱে ক্ষীপ্ৰতাৰে পৰিকল্পনা সলনি কৰি এজনক "সহজ লক্ষ্য"ৰ সন্ধান কৰে ।
আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, তেওঁলোকে সেয়ে টাইগাৰ শ্ৰফক বাচি লয়, যাৰ কোনো আৰক্ষী নিৰাপত্তা বেষ্টনী নাছিল ।অভিনেতাজনৰ অনুৰাগীসকলে ছচিয়েল মিডিয়াত কৰা পোষ্টৰ জৰিয়তে দলটোৱে জানিব পাৰিছিল যে শ্ৰফে প্ৰতি দেওবাৰে ফুটবল খেলে আৰু কোনো নিৰাপত্তা ব্যৱস্থা নথকাৰ বাবে তেওঁ এজন সহজ লক্ষ্য হৈ পৰে ।
যেতিয়া শ্বুটাৰকেইজনে বিষ্ণৈৰ ঘনিষ্ঠ সহযোগী অমিত পণ্ডিটে ছলমান খানক আক্ৰমণ কৰা সম্ভৱ নহয় বুলি জনায়, তেতিয়া দলটো শ্ৰফক টাৰ্গেট কৰে ।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।