Saturday, 07 November 2026
লগইন
ব্ৰেকিং

ন্যায়িক জিম্মাৰ পৰা মুক্তি লাভ সৌৰভ-আশুতোষৰ

প্ৰতিবাদ নকৰে দাস-ৰাংকাই!

নিউজ ডেস্ক: শান্তি-শৃংখলা ভংগ নকৰাৰ লিখিত প্ৰতিশ্ৰুতি দিয়াৰ লগতে প্ৰতিবাদস্থলী হিচাপে যন্তৰ-মন্তৰক ডি-নটিফাইড কৰি ৰখালৈকে তাত কোনো প্ৰতিবাদৰ আহ্বান নজনোৱাৰ আশ্বাস দিয়াৰ পিছত দিল্লীৰ এগৰাকী বিশেষ কাৰ্যবাহী দণ্ডাধীশে CJPৰ নেতা আশুতোষ ৰাংকা আৰু সৌৰভ দাসক ন্যায়িক জিম্মাৰ পৰা মুক্তিৰ নিৰ্দেশ প্ৰদান কৰে।

লগতে CJP ৰ নেতা দুগৰাকীয়ে কয় যে, তেওঁলোকে ভাৰতীয় সংবিধানৰ পৰিসীমাৰ থাকিহে যিকোনো প্ৰতিবাদ সাব্যস্ত কৰিব।

বুধবাৰে বিশেষ কাৰ্যবাহী দণ্ডাধীশ ঋতু ৰাজে দুই নেতাক মুক্তিৰ নিৰ্দেশ প্ৰদান কৰে। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (BNSS)-ৰ ১২৬ আৰু ১৭০ নং ধাৰাৰ অধীনত আৰম্ভ কৰা প্ৰতিৰোধমূলক কাৰ্যবিধিৰ অধীনত দুয়োগৰাকীৰ ন্যায়িক জিম্মাৰ ম্যাদ আৰু তিনিদিন বৃদ্ধি কৰাৰ বাবে দিল্লী আৰক্ষীয়ে দাখিল কৰা আবেদনখনৰ শুনানি গ্ৰহণ কৰি তেওঁ এই নিৰ্দেশ দিয়ে।

লিখিত প্ৰতিশ্ৰুতিপত্ৰত ৰংকা আৰু দাসে আদালতক আশ্বাস দিয়ে যে, তেওঁলোকে কোনো ধৰণৰ শান্তি-শৃংখলাৰ বিঘিনি নঘটায়। লগতে, তেওঁলোকে ন্যায়পালিকা আৰু ইয়াৰ প্ৰতিষ্ঠানসমূহৰ প্ৰতি, বিশেষকৈ বিশেষ কাৰ্যবাহী দণ্ডাধীশৰ আদালতৰ প্ৰতি নিজৰ আস্থা প্ৰকাশ কৰে।

দণ্ডাধীশগৰাকীয়ে তেওঁলোকৰ লিখিত প্ৰতিশ্ৰুতিসমূহ নথিভুক্ত কৰে।

তথ্য অনুসৰি, আৰক্ষীয়ে ন্যায়িক জিম্মাৰ ম্যাদ আৰু তিনিদিন বৃদ্ধি কৰিবলৈ আবেদন জনাইছিল। আৰক্ষীৰ যুক্তি আছিল যে আবেদনকাৰীসকলৰ বক্তব্য আৰু পৰৱৰ্তী কাৰ্যকলাপৰ পৰিপ্ৰেক্ষিতত শান্তি-শৃংখলা ভংগ আৰু আইন-শৃংখলাজনিত পৰিস্থিতিৰ অৱনতি ঘটাৰ আশংকা এতিয়াও অব্যাহত আছে।

আনহাতে, আৰক্ষীয়ে তেওঁলোকৰ দলৰ আন এজন সদস্যক তিহাৰ কাৰাগাৰলৈ লৈ যোৱাৰ সময়ত সংবাদ মাধ্যমক দিয়া এটা মন্তব্যৰ কথাও উল্লেখ কৰে। আৰক্ষীৰ দাবী অনুসৰি, এই মন্তব্যই আদালতৰ কৰ্তৃত্বক অৱমাননা কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত, প্ৰতিপক্ষৰ অধিবক্তাই বিনাচৰ্তে মৌখিকভাৱে ক্ষমা প্ৰাৰ্থনা কৰে আৰু ভৱিষ্যতে এনে আচৰণৰ পুনৰাবৃত্তি নহ’ব বুলি আশ্বাস দিয়ে।

উভয় পক্ষৰ বক্তব্য আৰু লিখিত প্ৰতিশ্ৰুতিসমূহ বিবেচনা কৰাৰ পিছত দণ্ডাধীশে কয় যে, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (BNSS)-ৰ ১৩৫(৩) ধাৰাৰ অধীনত তাৎক্ষণিকভাৱে গ্ৰহণ কৰিবলগীয়া প্ৰতিৰোধমূলক ব্যৱস্থাসমূহ সংশ্লিষ্ট ব্যক্তিসকলৰ পৰা শান্তি-শৃংখলা বজাই ৰখাৰ বাবে বণ্ড সম্পাদন কৰোৱাৰ জৰিয়তে পৰ্যাপ্তভাৱে নিশ্চিত কৰিব পৰা যাব।

দণ্ডাধীশে পৰ্যবেক্ষণ কৰে যে, এই পৰ্যায়ত আৰু অধিক ন্যায়িক জিম্মাত ৰখাৰ প্ৰয়োজনীয়তা আছে বুলি অনুভৱ নহয়, বিশেষকৈ আদালতৰ সন্মুখত দাখিল কৰা লিখিত প্ৰতিশ্ৰুতিসমূহৰ পৰিপ্ৰেক্ষিতত।

সেই অনুসৰি, তদন্তৰ সামৰণি নপৰালৈকে দাস আৰু ৰংকাক ৫০,০০০ টকাকৈ ব্যক্তিগত বণ্ড আৰু জামিনদাৰৰ বণ্ড দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হয়। জামিনদাৰসকলৰ বিষয়ে নিশ্চিত হোৱাৰ পিছত দণ্ডাধীশগৰাকীয়ে তেওঁলোকক মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে আৰু সেই নিৰ্দেশ কাৰ্যকৰী কৰিবলৈ তিহাৰ কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষকলৈ মুক্তিৰ পৰোৱানা জাৰি কৰে।

উল্লেখ্য যে, এই গোচৰটোৰ তদন্ত অব্যাহত থাকিব। নেতাসকলক শুনানিৰ প্ৰতিটো তাৰিখতে আদালতত উপস্থিত থাকিবলৈ আৰু তেওঁলোকে দাখিল কৰা বণ্ড আৰু লিখিত প্ৰতিশ্ৰুতিৰ চৰ্ত অনুসৰি শান্তি-শৃংখলা আৰু ৰাজহুৱা শান্তি-সম্প্ৰীতি বজাই ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে।

তথ্য অনুসৰি, বিষয়টোৰ পৰৱৰ্তী শুনানিৰ বাবে ২৩ অক্টোবৰৰ বিয়লি ৩ বজাত দিন ধাৰ্য কৰা হৈছে।

ৰংকা আৰু দাসৰ হৈ অধিবক্তা অভিক চিমনিৰ লগতে অধিবক্তা প্ৰাঞ্জল আব্ৰোলে আদালতত উপস্থিত থাকে।
##bigupdate #newsupdate #cjp #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।