Thursday, 05 November 2026
লগইন
ব্ৰেকিং

SCO বৈঠকলৈ পাকিস্তানক নিমন্ত্ৰণ ভাৰতৰ, পাকিস্তানৰ প্ৰতিনিধি ভাৰতলৈ আহিব নে ?

ভাৰতলৈ আহিব পাকিস্তানৰ প্ৰতিনিধি !

নিউজ ডেস্ক : নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া আগন্তুক এছ চি অ’ অনুষ্ঠানলৈ পাকিস্তানক নিমন্ত্ৰণ জনালে ভাৰতে। কেৱল পাকিস্তানকেই নহয়, চাংহাই ক’অপাৰেচন অৰ্গেনাইজেশ্যন (SCO) ৰ বাকী সদস্যসকলকো একেই নিমন্ত্ৰণ প্ৰেৰণ কৰা হৈছে । ২০২৩ চনৰ মে’ মাহত গোৱাত অনুষ্ঠিত এছ চি অ’ৰ বৈদেশিক মন্ত্ৰীসকলৰ সন্মিলনত পাকিস্তানে অংশগ্ৰহণ কৰিছিল ।

অহা ২০ ৰ পৰা ২২ নৱেম্বৰলৈ দিল্লীত এছ চি অ’ৰ এই অনুষ্ঠান অনুষ্ঠিত হোৱাৰ কথা আছে। সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাকিস্তানৰ সংস্কৃতি মন্ত্ৰী ঔৰংজেৱ খানক নিমন্ত্ৰণ জনোৱা হৈছে বুলি খবৰ ওলাইছে । এই সন্মিলনৰ সৈতে জড়িত বিষয়াসকলৰ মতে, দিল্লীত হ’বলগীয়া এই আলোচনাত এছ চি অ’ৰ সকলো সদস্য দেশৰ প্ৰতিনিধিকে আমন্ত্ৰণ কৰা হৈছে। এয়া এক বহুপাক্ষিক পদক্ষেপ। ই ভাৰত-পাকিস্তান দ্বিপাক্ষিক সম্পৰ্কৰ সৈতে সেইদৰে জড়িত নহয়।

উল্লেখ্য যে, ভাৰত আৰু পাকিস্তানৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ উত্তেজনা অব্যাহত আছে। পহেলগামত সন্ত্ৰাসবাদী আক্ৰমণ আৰু তাৰ প্ৰত্যুত্তৰ হিচাপে ভাৰতৰ ‘অপাৰেচন সেন্দূৰ’ (Operation Sindoor) ৰ পিছৰে পৰা দুয়োখন দেশৰ সম্পৰ্ক তিক্ততা হৈ পৰিছিল । 
বিশ্বমঞ্চত ভাৰতে বাৰে বাৰে সন্ত্ৰাসবাদক লৈ নিজৰ অৱস্থান স্পষ্ট কৰি আহিছে। তেওঁলোকে জনাইছে যে সন্ত্ৰাসবাদ দমনৰ ক্ষেত্ৰত নতুন দিল্লীয়ে সদায় ‘জিৰ’ টলাৰেন্স’ (zero tolerance) নীতিত বিশ্বাস কৰে।
চলিত বৰ্ষৰ ছেপ্টেম্বৰৰ আৰম্ভণিতে কিৰ্গিজস্তানৰ ৰাজধানী বিছকেকত আয়োজিত ২৬ সংখ্যক এছ চি অ’ সন্মিলনত মোদীয়ে কৈছিল, "সন্ত্ৰাসবাদ মোকাবিলা কৰাৰ ক্ষেত্ৰত দুমুখীয়া নীতিৰ কোনো স্থান নাই।" ভাৰতে সদায় পাকিস্তানৰ বিৰুদ্ধে সীমান্তৰ সিপাৰৰ পৰা সন্ত্ৰাসবাদক উচটনি দিয়াৰ অভিযোগ উত্থাপন কৰি আহিছে।
##bigupdate #newsupdate #SCO #india #pakistan #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।