নিউজ ডেস্ক : দক্ষিণ গাজাৰ খান ইউনিছৰ আল-মাৱাছি অঞ্চলত ইজৰাইলৰ বিমান আক্ৰমণ । এই আক্ৰমণত হামাছৰ ৰাফাহ ব্ৰিগেডৰ কমাণ্ডাৰ ছামিৰ আবু ইউনিছ নিহত হোৱা বুলি হামাছে নিশ্চিত কৰিছে । ইজৰাইলৰ সামৰিক বাহিনী আৰু ছিন বেট নিৰাপত্তা সংস্থাই ইয়াৰ পূৰ্বে এক যুটীয়া বিবৃতিত কৈছিল যে তেওঁলোকে শনিবাৰে খান ইউনিছত চলোৱা এক ড্ৰোন আক্ৰমণত হামাছৰ এজন জ্যেষ্ঠ সামৰিক কমাণ্ডাৰক লক্ষ্য কৰি লৈছিল ।
আহতসকলক খান ইউনিছৰ নাছেৰ মেডিকেল কমপ্লেক্সলৈ লৈ যোৱা হয় বুলি শনিবাৰে চিকিৎসা কৰ্মীসকলে জানিবলৈ দিছে ।
ভূমধ্যসাগৰৰ উপকূলীয় অঞ্চল আল-মাৱাছিত তম্বু তৰি বাস কৰা গৃহহীন পেলেষ্টাইনীসকলৰ যথেষ্ট ভিৰ থাকে । পূৰ্বে এই অঞ্চলটোক মানৱীয় ক্ষেত্ৰ (humanitarian zone) হিচাপে ঘোষণা কৰা সত্ত্বেও ইজৰাইলে ইয়াত বাৰে বাৰে আক্ৰমণ চলাই আহিছে।
গাজাৰ স্বাস্থ্য মন্ত্ৰণালয়ে শনিবাৰে প্ৰকাশ কৰা শেহতীয়া তথ্যত কয় যে বিগত ৪৮ ঘণ্টাত ইজৰাইলৰ আক্ৰমণত ১৬ জন লোক নিহত হোৱাৰ লগতে আন ৬৮ জন আহত হৈছে।
২০২৫ চনৰ ১১ অক্টোবৰত গাজাত “যুদ্ধবিৰতি” কাৰ্যকৰী হোৱাৰ পাছৰে পৰা ইজৰাইলে কমেও ১,৬৪৩ জন পেলেষ্টাইনীক হত্যা কৰিছে আৰু ৫,৯৬৪ জনক আহত কৰিছে। ধ্বংসাৱশেষৰ তলৰ পৰা কমেও ৮৫০ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে।
স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, ২০২৩ চনৰ অক্টোবৰ মাহত ইজৰাইলে গাজাত গণহত্যামূলক যুদ্ধ আৰম্ভ কৰাৰ পাছৰে পৰা এতিয়ালৈকে কমেও ৭৪,৬৯৫ জন লোক নিহত হৈছে আৰু ১,৭৬,০৯৩ জন আহত হৈছে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।