নিউজ ডেস্ক : সোমবাৰে বিজেপিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আৰু দলটোৰ অনুসূচিত জাতি মৰ্চাৰ প্ৰাক্তন সভাপতি দুষ্যন্ত গৌতমক ছিক্কিমৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হয়।
তাৰ পিছতে অৰ্থাৎ মঙলবাৰে কংগ্ৰেছে এই নিযুক্তিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। দলটোৱে অভিযোগ কৰে যে, উত্তৰাখণ্ডৰ এখন ৰিজৰ্টৰ ১৯ বছৰীয়া ৰিচিপচনিষ্ট অংকিতা ভণ্ডাৰীৰ নৃশংস হত্যাকাণ্ডৰ ঘটনাত দুষ্যন্ত গৌতমৰ নাম সাঙোৰ খাই পৰিছিল, যাৰ মৃতদেহ ২০২২ চনৰ ছেপ্টেম্বৰ মাহত এটা খালৰ পৰা উদ্ধাৰ কৰা হৈছিল।
বিজেপিয়ে কংগ্ৰেছ সাংসদ এ বিমল আকোইজামৰ প্ৰসংগটো উত্থাপন কৰে, যাক ১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে (JNU) চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। যৌন নিৰ্যাতন প্ৰতিৰোধ (POSH) আইনৰ অধীনত গঠিত এক আভ্যন্তৰীণ কমিটীৰ তদন্তৰ অন্তত তেওঁক দোষী সাব্যস্ত কৰি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
উল্লেখ্য যে,উত্তৰাখণ্ড বিজেপিৰ ৰাজ্যিক মিডিয়া ইন-চার্জ মনবীৰ সিং চৌহানে JNU ৰ ছাত্ৰীয়ে কংগ্ৰেছ সাংসদৰ বিৰুদ্ধে কৰা যৌন উৎপীড়নৰ অভিযোগৰ সন্দৰ্ভত কংগ্ৰেছ দলৰ নিৰৱতাক তীব্ৰ সমালোচনা কৰে।
চৌহানে কয়, "ৰাজনৈতিক লাভালাভৰ বাবে ৰাজ্যিক কংগ্ৰেছৰ নেতাসকলে লজ্জিত অনুভৱ কৰি ধৰ্না বা অনশন কাৰ্যসূচী ৰূপায়ণ কৰাৰ প্ৰয়োজন নাই; বৰঞ্চ তেওঁলোকে নিজৰ দলৰে মহিলা নেতাসকলৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ডিগ্বিজয় সিং আৰু অজয় ৰায়ৰ দৰে কংগ্ৰেছ নেতাৰ বিৰুদ্ধে মুখ খোলা উচিত; যিসকল নেতাই লক্ষ্ণৌত এগৰাকী নতুন (দলীয়) সভাপতিৰ আদৰণি অনুষ্ঠানত এগৰাকী মহিলা সতীৰ্থক জোতাৰে মৰিয়াবলৈ চেষ্টা কৰে, অথবা যিসকলে নিজৰ দলৰ মহিলা নেতা আৰু মুখপাত্ৰসকলক অপমানজনক ব্যৱহাৰৰ দ্বাৰা দল ত্যাগ কৰিবলৈ বাধ্য কৰে।"
উত্তৰাখণ্ড কংগ্ৰেছৰ মুৰব্বী গণেশ গোদিয়ালে দুষ্যন্ত গৌতমক ছিকিমৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ প্ৰতিবাদত মঙলবাৰে ডেৰাডুনত এক ঘণ্টাৰ মৌন ব্ৰত ঘোষণা কৰে। গোদিয়ালে অভিযোগ উত্থাপন কৰে যে এই নিযুক্তি গৌতমক বচোৱাৰ এক প্ৰত্যক্ষ প্ৰয়াস, কিয়নো এজন ৰাজ্যপালৰ বিৰুদ্ধে কোনো গোচৰ ৰুজু কৰিব নোৱাৰি।
তেওঁ কয়, "অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডত অংকিতা ভাণ্ডাৰীৰ পিতৃ-মাতৃয়ে স্পষ্টভাৱে নাম উল্লেখ কৰা VIP জনক ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াটো উত্তৰাখণ্ডৰ সৰ্বসাধাৰণ ৰাইজৰ আৱেগক গভীৰভাৱে আঘাত কৰাৰ সৈতে একে।"
লগতে তেওঁ অভিযোগ কৰে যে, CBI ৰ তদন্তৰ কোনো অগ্ৰগতি হোৱা নাই।
ইতিমধ্যে CBI ৰ তদন্ত অলো আগবঢ়া নাই আৰু CBI য়ে নাম থকা অভিযুক্তসকলৰ বিৰুদ্ধে কোনো এজাহাৰ দাখিল কৰা নাই। এনে এজন ব্যক্তিক ৰাজ্যপালৰ পদত নিযুক্তি দিয়াটো অত্যন্ত আপত্তিজনক বুলিও গোদিয়ালে দাবী কৰে।
কংগ্ৰেছৰ ৰাজ্যিক ইনচাৰ্জ প্ৰভাৰী কুমাৰী চেলজায়ো গৌতমক ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্তক প্ৰশ্ন উত্থাপন কৰি ছ'চিয়েল মিডিয়াত সৰৱ হৈ পৰে।
"বিজেপি চৰকাৰে সেইজন বিশেষ VIP ক ৰাজ্যপালৰ দৰে এক সাংবিধানিক পদত নিযুক্তি দিছে, যাৰ নাম অংকিতা ভাণ্ডাৰীৰ পিতৃ-মাতৃয়ে নিজৰ জীয়ৰীৰ ন্যায় বিচাৰি আবেদন কৰোঁতে উল্লেখ কৰিছে। প্ৰকৃততে CBI তদন্ত দ্ৰুতগতিত আগবাঢ়িব লাগিছিল আৰু নাম উল্লেখ থকা অভিযুক্তজনৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন হ’ব লাগিছিল; কিন্তু তাৰ পৰিৱৰ্তে বিজেপি চৰকাৰে তেওঁক ৰাজ্যপাল হিচাপে নিযুক্তি দিলে" বুলি চেলজাই উল্লেখ কৰে।
তথ্য অনুসৰি, দলিত নেতা দুষ্যন্ত গৌতমে বিজেপিৰ BJP ভিতৰত কেইবাটাও সাংগঠনিক পদবীত কাৰ্যনিৰ্বাহ কৰিছে আৰু অনুসূচিত জাতি সম্প্ৰদায়ৰ সৈতে জড়িত বিভিন্ন পদক্ষেপৰ সৈতে তেওঁ সক্ৰিয়ভাৱে জড়িত আছিল।
অংকিতা ভাণ্ডাৰী হত্যাকাণ্ড
অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডটো হৈছে ২০২২ চনত উত্তৰাখণ্ডত সংঘটিত হোৱা এক অতি স্পৰ্শকাতৰ আৰু চাঞ্চল্যকৰ অপৰাধমূলক ঘটনা। ১৯ বছৰীয়া এগৰাকী যুৱতী অংকিতা ভাণ্ডাৰীক তেওঁ কৰ্মৰত ৰিচৰ্টখনৰ মালিকে অনৈতিক কাৰ্য্যৰ প্ৰতিবাদ কৰাৰ বাবে অতি নৃশংসভাৱে হত্যা কৰিছিল। এই ঘটনাই সমগ্ৰ দেশজুৰি তীব্ৰ ক্ষোভ আৰু প্ৰতিবাদৰ সৃষ্টি কৰিছিল।
২০২৬ চনৰ জানুৱাৰী মাহত এজন অচিনাক্ত VIP ৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ণ হোৱাৰ পিছত আৰু এজন VIP ৰ জড়িত থকাৰ দিশটোৰ ইংগিত দি কেতবোৰ অডিঅ’ আৰু ভিডিঅ’ ক্লিপ ভাইৰেল হোৱাৰ লগতে কেতবোৰ অভিযোগ উত্থাপন হোৱাৰ পিছত এই গোচৰটোৱে পুনৰ বিশেষ চৰ্চা লাভ কৰে।
২০২৬ চনৰ ৯ জানুৱাৰীত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে CBI তদন্তৰ অনুৰোধ কৰাৰ পিছত কেন্দ্ৰীয় অন্বেষণ ব্যুৰোৱে ইয়াৰ বিশেষ অপৰাধ শাখাৰ জৰিয়তে পৰৱৰ্তী সময়ত গোচৰটো ৰুজু কৰে।
CBI য়ে ইতিমধ্যে এই গোচৰৰ সৈতে জড়িত নথিপত্ৰসমূহ নিজৰ জিম্মাত লৈছে, যাৰ ভিতৰত বিশেষ তদন্তকাৰী গোটৰ প্ৰতিবেদন, আৰক্ষীৰ প্ৰাথমিক এজাহাৰ আৰু অন্যান্য দস্তাবেজ অন্তৰ্ভুক্ত হৈ আছে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।