Thursday, 05 November 2026
লগইন
ব্ৰেকিং

SIR ত ব্যৱহাৰ হোৱা চফটৱেৰৰ নাম প্ৰকাশৰ বাবে অস্বীকাৰ ECI ৰ

SIR ত কি কি চফট্ ৱেৰ ব্যৱহাৰ কৰা হয়?

নিউজ ডেস্ক : ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধন (SIR)ৰ সময়ত আসোঁৱাহ বা ত্ৰুটি ধৰা পেলাবলৈ কোনটো ছফ্টৱেৰ ব্যৱহাৰ কৰা হৈছিল, সেই তথ্য প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰিছে নিৰ্বাচন আয়োগে। 

এখন ৰাষ্ট্ৰীয় বাতৰিকাকতৰ প্ৰতিবেদন অনুসৰি, নিৰ্বাচন আয়োগে জনায় যে, এই তথ্য ‘বাণিজ্যিকভাৱে গোপনীয় আৰু মেধা-স্বত্ব সম্পৰ্কীয়’। আয়োগৰ দাবী যে, তথ্য জনাৰ অধিকাৰ (RTI) আইনৰ ৮(১)(ডি) ধাৰা অনুসৰি, বাণিজ্যিক গোপনীয়তা, ট্ৰেড ছিক্ৰেট বা মেধা-স্বত্বৰ সৈতে জড়িত নিৰ্দিষ্ট তথ্য প্ৰকাশ কৰাৰ পৰা ৰেহাই পোৱা যায়। অৱশ্যে, আয়োগে ইয়াৰ লগতে স্পষ্ট কৰি দিয়ে যে, এই বিশেষ নিবিড় সংশোধন (SIR) কাৰ্যসূচীৰ বাবে কোনো নতুন ছফ্টৱেৰ প্ৰস্তুত কৰা হোৱা নাছিল।

তেলেংগানাৰ কৰিমনগৰৰ সমাজকৰ্মী এম এ মুজিব আয়ুবে RTI আইনৰ অধীনত আবেদন দাখিল কৰে। তেওঁ জানিব বিচাৰিছিল, ভোটাৰ তালিকাৰ ভুল আৰু অসামঞ্জস্য ধৰা পেলাবলৈ কোনটো সংস্কৰণৰ চফট্ ৱেৰ, এপ্লিকেচন বা এআই প্লেটফৰ্ম ব্যৱহাৰ কৰা হৈছিল? সেই ব্যৱস্থাপ্ৰণালীয়ে স্বয়ংক্ৰিয়ভাৱে সত্যাপন, সংশোধন, আৰু নাম আঁতৰোৱাৰ বাবে ভুল ধৰা পেলায়নে? কৃত্ৰিম বুদ্ধিমত্তাৰ সহায় লোৱা হ’ল নে AI?চফট্ ৱেৰে স্বয়ংক্ৰিয়ভাৱে নামটো মচি পেলায় নেকি? কোনে পৰ্যালোচনা কৰিছিল?

তথ্য অনুসৰি, ১৬ অক্টোবৰত আয়ুবৰ প্ৰশ্নৰ উত্তৰ দিছিল আয়োগে। SIR ক লৈ চলি থকা বিতৰ্কৰ মাজতেই তেওঁলোকে জনায় যে, সেই কামৰ বাবে সুকীয়াভাৱে কোনো ছফ্টৱেৰ তৈয়াৰ কৰা হোৱা নাই। তালিকাত ভোটাৰৰ নাম অন্তৰ্ভুক্ত কৰা বা বাদ দিয়াৰ সন্দৰ্ভত সিদ্ধান্ত লৈছে ইআৰঅ’। তেওঁলোকে নথি-পত্ৰ আৰু তথ্যৰ ভিত্তিতহে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। আয়োগৰ পেনেলৰ ভাষ্য অনুসৰি, ‘‘সংশ্লিষ্ট নিৰ্বাচনী এলেকাৰ ইআৰঅ’ সেই এলেকাৰ ভোটাৰ তালিকা প্ৰস্তুত আৰু সংশোধনৰ বাবে দায়বদ্ধ।’’

আইয়ুবৰ প্ৰথম প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ আয়োগে RTI আইনৰ ৮(১)(D) ধাৰাৰ কথা উল্লেখ কৰে। সেই আইন অনুসৰি, ব্যৱসায়ৰ কোনো গোপন তথ্য বা মেধা-সম্পত্তি সম্পৰ্কীয় তথ্য, যাৰ বাবে তৃতীয় পক্ষৰ বাণিজ্যিক প্ৰতিযোগিতাত ক্ষতি হ’ব পাৰে, তেনে তথ্য প্ৰকাশ কৰিব নোৱাৰিব।

তাৰোপৰি কমিশনে জনায় যে, স্বয়ংক্ৰিয়ভাৱে ক্ৰটি চিনাক্তকৰণ, AI বা মেচিন লাৰ্নিঙৰ ব্যৱহাৰ আৰু ভুল চিনাক্তকৰণ প্ৰতিৰোধ কৰাৰ সুৰক্ষা ব্যৱস্থা সম্পৰ্কে আবেদনকাৰীৰ প্ৰশ্নসমূহ ব্যাখ্যা বিচৰাৰ সমতুল্য। কমিছনৰ মতে, আৰটিআই (RTI) আইনৰ ২(F) ধাৰাৰ অধীনত এইধৰণৰ ব্যাখ্যা বিচৰাটো 'তথ্য' হিচাপে গণ্য কৰা নহয়।

আবেদনকাৰীয়ে প্ৰশ্ন কৰে যে, ভোটাৰৰ তথ্য আৰু তালিকাৰ ত্ৰুটিসমূহ কোনে পৰ্যালোচনা কৰিছিল? এই প্ৰশ্নৰ উত্তৰত আয়োগে জনায় যে, তথ্য জনাৰ অধিকাৰ (RTI) আইনৰ ৮(১)(জি) ধাৰা অনুসৰি, যদি কোনো তথ্য প্ৰকাশ কৰিলে কাৰোবাৰ জীৱন বা শাৰীৰিক নিৰাপত্তা বিপন্ন হ’ব পাৰে, তেন্তে সেই তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকিব পাৰি। ১৯৫০ চনৰ জনপ্ৰতিনিধিত্ব আইনৰ ১৩বি(১) আৰু ১৩বি(২) ধাৰা অনুসৰি, সংশ্লিষ্ট নিৰ্বাচনী সমষ্টিৰ ইআৰঅ’ সেই অঞ্চলৰ ভোটাৰ তালিকা প্ৰস্তুত আৰু সংশোধনৰ বাবে দায়বদ্ধ।

তথ্য অনুসৰি, নিৰ্বাচন আয়ুক্ত সুখবীৰ সিং সান্ধু আৰু বিবেক জোশীয়ে ২০২৫ চনৰ অক্টোবৰৰ পৰা ২০২৬ চনৰ আগষ্ট মাহৰ ভিতৰত আয়োগৰ বিভিন্ন সিদ্ধান্তৰ বিৰুদ্ধে অন্ততঃ ১৪ বাৰ লিখিত আপত্তি দৰ্শাইছিল। এই আপত্তিৰ পৰিসৰত ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন, নতুন নাম অন্তৰ্ভুক্ত কৰা আৰু ছফ্টৱেৰৰ অধিকাৰ সংক্ৰান্তীয় বিষয়সমূহ অন্তৰ্ভুক্ত আছিল। 

এই বিষয়টো পোহৰলৈ অহাৰ পিছৰে পৰা বিতৰ্কৰ সৃষ্টি হয়। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত বিৰোধী ৰাজনৈতিক দলসমূহ আৰু ককৰোচ জনতা পাৰ্টীয়ে ৰাজপথলৈ ওলাই আহে। তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ অনুৰোধ জনাই উচ্চতম ন্যায়ালয়ত ৰীট আবেদনো দাখিল কৰা হৈছে। পশ্চিম বংগত যি প্ৰক্ৰিয়াৰে লাখ লাখ ভোটাৰৰ নাম তালিকাৰ পৰা কৰ্তন কৰা হৈছে, তাক লৈ বিভিন্ন প্ৰশ্নৰ উত্তৰ বিচাৰি নিৰ্বাচন আয়োগক শেহতীয়াকৈ পত্ৰ প্ৰেৰণ কৰে ৰাজ্যখনৰে প্ৰাক্তন নিৰ্বাচনী বিষয়া তথা প্ৰাক্তন সাংসদ জহৰ চৰকাৰে। দুটা পৰ্যায়ৰ পৰীক্ষণ অতিক্ৰম কৰি ন্যায়িক বিষয়াসকলৰ জৰিয়তে যিসকলে ভোটাৰ তালিকালৈ ঘূৰি অহাৰ অনুমতি লাভ কৰিছিল, তেওঁলোকৰ মাজৰ পৰা পুনৰ প্ৰায় ৫০ শতাংশ লোকৰ নাম বাদ দিবলৈ আয়োগৰ তৰফৰ পৰা কোনটো নিয়মৰ আধাৰত আবেদন কৰা হ’ল— সেই গুৰুতৰ প্ৰশ্নও তেওঁ উত্থাপন কৰে। এতিয়া এই পৰিস্থিতিৰ মাজতে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত আবেদন কৰাৰ পিছত আয়োগে কি উত্তৰ দিছে, সেয়া পোহৰলৈ আহিছে।
##bigupdate #newsupdate #eci #sir #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।