Friday, 06 November 2026
লগইন
ব্ৰেকিং

অসমসহ ১৭ খন ৰাজ্যত আকৌ আৰম্ভ হ’ব SSR প্ৰক্ৰিয়া

SIR আউট, SSR ইন

নিউজ ডেস্ক : যি সময়তSIRৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হৈছে সেই সময়তে বৃহস্পতিবাৰে নিৰ্বাচন আয়োগে ঘোষণা কৰে যে ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত নিৰ্বাচনী তালিকাৰ SSR অনুষ্ঠিত হ’ব । ইয়াৰ ভিতৰত অহা বছৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসমূহো অন্তৰ্ভুক্ত হৈ আছে ।

বিশষকৈ উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাৱ, মণিপুৰ, আৰু গোৱাকে ধৰি এই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মুখ্য নিৰ্বাচনী বিষয়াসকললৈ প্ৰেৰণ কৰা এখন পত্ৰত আয়োগে উল্লেখ কৰিছে যে ২০২৭ চনৰ ১ জানুৱাৰীক যোগ্যতাৰ তাৰিখ হিচাপে বিবেচিত কৰা হ’ব ।

SSR উদ্দেশ্য হৈছে যোগ্য ভোটাৰসকলক বিশেষকৈ যুৱক-যুৱতী আৰু প্ৰথমবাৰৰ বাবে ভোটদান কৰাসকলক নিৰ্বাচনী তালিকাত অন্তৰ্ভুক্ত কৰা, বৰ্তমানৰ প্ৰৱেশৰ উন্নতি কৰা ।

অহা বৰ্ষৰ ২২ মে’ত উত্তৰ প্ৰদেশ বিধানসভাৰ কাৰ্যকাল সমাপ্ত হোৱাৰ বিপৰীতে ২০২৭ চনৰ মাৰ্চ মাহত মণিপুৰ, গোৱা, পঞ্জাৱ আৰু উত্তৰাখণ্ড বিধানসভাৰ কাৰ্যকাল বিভিন্ন তাৰিখত শেষ হ’ব।
এই সন্দৰ্ভত ভাৰতৰ নিৰ্বাচন আয়োগে বৃহস্পতিবাৰে এই জাননী জাৰি কৰে ।
##bigupdate #newsupdate #politicalnews #sir #ssr #electioncommission #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।