Saturday, 07 November 2026
লগইন
ব্ৰেকিং

প্ৰতিশ্ৰুতি পূৰণ নকিৰলে কেন্দ্ৰই, সোণমক আলোচনালৈ মাতি কেন্দ্ৰৰ প্ৰতিনিধি নবহিল

লাডাখকবাসীক কেন্দ্ৰীৰ বিশ্বাস ঘাটক !

নিউজ ডেস্ক : জলবায়ু কৰ্মী সোণম ৱাংচুকে কেন্দ্ৰৰ বিৰুদ্ধে ২০২৬ চনৰ মে’ মাহত লাডাখৰ গোটসমূহৰ সৈতে হোৱা বুজাপৰাৰ পৰা পিছহুহকি অহাৰ অভিযোগ উত্থাপন কৰিছে। ইয়াৰ ভিতৰত কেন্দ্ৰীয় শাসিত অঞ্চল (UT) পৰ্যায়ৰ এটা নিৰ্বাচিত সংস্থাও অন্তৰ্ভুক্ত আছিল। বৃহস্পতিবাৰে দিল্লীত হ’বলগীয়া আলোচনা অনুষ্ঠিত নকৰাক তেওঁ “বিশ্বাসঘাটকতাৰ আন এক উদাহৰণ” বুলি অভিহিত কৰে।

তেওঁ কয়, “চৰকাৰে কৈছিল যে পূৰ্ণ ৰাজ্যৰ মৰ্যাদাৰ বাবে লাডাখৰ পৰ্যাপ্ত সম্পদ নাই। আমি বিধানসভা থকা এটা কেন্দ্ৰীয় শাসিত অঞ্চল আৰু অনুচ্ছেদ ৩৭১-ৰ অধীনত সুৰক্ষা কৱচ বিচাৰিছিলোঁ। চৰকাৰে ২২ মে’ৰ বৈঠকত এই কথাত সন্মতি প্ৰকাশ কৰিছিল, কিন্তু এতিয়া কৈছে যে পূৰ্ণ ৰাজ্যৰ মৰ্যাদাও দিয়া নহ’ব আৰু বিধানসভাও দিয়া নহ’ব। ইয়াৰ পৰিৱৰ্তে এখন সৰু পৰিষদ গঠনৰ কথা কোৱা হৈছে, যিটো লাডাখৰ বাবে অতি লজ্জাজনক আৰু মৰ্যাদাহানিকাৰক।”

ৱাংচুকে লগতে কয়, “আমি এতিয়া কৈছোঁ যে লাডাখক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰিব লাগে।” ইয়াৰ দ্বাৰা চীন আৰু সমগ্ৰ বিশ্বলৈ এটা বাৰ্তা যাব বুলিও তেওঁ লগতে কয়।

লেহ-ত ১৫ অক্টোবৰত অনুষ্ঠিত এখন বৈঠকৰ পিছত LAB (লেহ এপেক্স বডী) আৰু KDA (কাৰ্গিল ডেম’ক্ৰেটিক এলায়েন্স)-ৰ প্ৰতিনিধিসকলে ২২ অক্টোবৰৰ আলোচনাৰ বাবে প্ৰস্তুতি চলাইছিল। তেওঁলোকে কেন্দ্ৰীয় শাসিত অঞ্চল পৰ্যায়ৰ সংস্থা আৰু জিলা পৰিষদসমূহৰ ক্ষমতা সম্পৰ্কীয় খচৰাৰ ওপৰত আলোচনা হ’ব বুলি আশা কৰিছিল। ৱাংচুকে অভিযোগ কৰে যে লাডাখ প্ৰশাসনে একপক্ষীয়ভাৱে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু জিলা পৰিষদসমূহৰ ক্ষমতা কৰ্তন কৰিছে।

ইফালে, ‘চিভিল চছাইটি ফৰাম অৱ লাডাখ’ৰ এক সন্মিলনে LAB আৰু KDA-ৰ বিৰুদ্ধে পৰীক্ষা-নিৰীক্ষা নকৰাকৈয়ে গৃহ মন্ত্ৰালয়ৰ (MHA) খচৰা প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ অভিযোগ উত্থাপন কৰে। প্ৰাক্তন সাংসদ থুপষ্টান ছেৱাঙৰ নেতৃত্বত অনুষ্ঠিত এই সন্মিলনে আলোচনা বাতিল হোৱাৰ বাবে LAB আৰু KDA-ৰ নেতাসকলৰ “ভুল তথ্য আৰু সৰ্বসন্মতিৰ প্ৰতি অৱজ্ঞা”ক দায়ী কৰে। ইয়াৰ লগতে জিলাসমূহৰ নিৰ্বাচিত প্ৰতিনিধিসকলক লৈ LAB পুনৰ গঠন কৰাৰ দাবী জনায়।

লাডাখ প্ৰশাসনৰ এজন বিষয়াই জনায় যে আলোচনা বাতিল কৰা হোৱা নাই। তেওঁ লগতে কয় যে দিল্লীৰ বৈঠকৰ তাৰিখ অতি সোনকালে জনোৱা হ’ব বুলি LAB-ৰ অধ্যক্ষক অৱগত কৰা হৈছে।
##bigupdate #newsupdate #sonamwangchuk #ladakh #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।