Wednesday, 25 November 2026
লগইন

লণ্ডনলৈ যোৱাত দিল্লী বিমানবন্দৰতে বাধা দিলে CJPৰ নেতা সৌৰভ দাসক

দিল্লী বিমানবন্দৰতে থমকি ৰবলগীয়া হ’ল সৌৰভ দাস

নিউজ ডেস্ক : দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত CJPৰ নেতা সৌৰভ দাসক লণ্ডনলৈ যোৱাত বাধা প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে। সোমবাৰে নিশা তেওঁ সামাজিক মাধ্যমৰ জৰিয়তে এই অভিযোগ উত্থাপন কৰে।

সৌৰভ দাসৰ অভিযোগ অনুসৰি, লণ্ডনৰ অক্সফৰ্ড বিশ্ববিদ্যালয়ত এটা বক্তৃতা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ কথা আছিল তেওঁ । কিন্তু বিমানত উঠাৰ পূৰ্বে দিল্লী বিমানবন্দৰৰ ইমিগ্ৰেচন কাউণ্টাৰত তেওঁক বাধা দিয়া হয়।

তেওঁৰ দাবী অনুসৰি, অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ লগতে কেমব্ৰিজ বিশ্ববিদ্যালয়, লণ্ডন স্কুল অৱ ইকনমিক্স (LSE) আৰু এডিনবাৰ্গ বিশ্ববিদ্যালয়ৰ পৰাও তেওঁ আমন্ত্ৰণ লাভ কৰিছিল। এই প্ৰতিষ্ঠানসমূহত 'কক্ৰোচ মুভমেণ্ট' সন্দৰ্ভত বক্তব্য প্ৰদান কৰাৰ কথা আছিল।

সামাজিক মাধ্যমৰ এটা পোষ্টত সৌৰভ দাসে লিখিছে, "এই কাপুৰুষ চৰকাৰখনে মোক লণ্ডনলৈ যোৱা বিমানত উঠিবলৈ অনুমতি নিদিলে। অক্সফৰ্ড, কেমব্ৰিজ, LSE আৰু এডিনবাৰ্গৰ দৰে প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়ৰ পৰা মোক আমন্ত্ৰণ জনোৱা হৈছিল। ভাৰতীয় শিক্ষাৰ্থীসকলে এই অনুষ্ঠানসমূহ আয়োজন কৰিবলৈ যথেষ্ট পৰিশ্ৰম কৰিছিল। কিন্তু চৰকাৰখনে মোক এই প্ৰতিষ্ঠিত শিক্ষানুষ্ঠানসমূহলৈ যোৱাত বাধা দিবলৈ ভয় খালে।"

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও অক্টোবৰ মাহত দিল্লীৰ যন্তৰ-মন্তৰত প্ৰতিবাদৰ পৰিকল্পনা কৰাৰ সময়ত CJPৰ কেইবাজনো নেতাক আৰক্ষীয়ে আটক কৰিছিল। নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দলটোৱে প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিকল্পনা কৰিছিল।
##bigupdate #newsupdate #cjp #sauravdas #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।