Friday, 06 November 2026
লগইন
ব্ৰেকিং

১০ বছৰৰ পাছত পুনৰ কলকাতাত পদপিষ্টৰ ঘটনা, ১৯ জনৰ মৃত্যু

নিহতৰ পৰিয়ালে পাব চাকৰি

নিউজ ডেস্ক : সপ্তমীৰ নিশা কাৰ বাবে সংঘটিত হ’ল সেই শোকাবহ ঘটনাটো ? কাৰো হাতত নাই সঠিক তথ্য । আনহাতে মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে পূজা মণ্ডপটোৰ চিচিটিভিত বন্দী হোৱা সকলো দৃশ্য সংগ্ৰহ কৰি আৰক্ষীক পৰীক্ষাৰ নিৰ্দেশ দিয়া হৈছে ।

আনহাতে সংবাদ মাধ্যমসমূহত প্ৰকাশ পোৱা বাতৰি অনুসৰি, উত্তৰ কলকাতাৰ চোৰবাগান দুৰ্গা পূজা পণ্ডালত সংঘটিত পদপিষ্টৰ ঘটনাত ১৯ জন লোকৰ মৃত্যু আৰু ২৫ জন লোক আহত হৈছে ।
পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী চৰকাৰে প্ৰতিগৰাকী মৃতকৰ পৰিয়ালক ২৫ লাখ টকা আৰু এটা গ্ৰুপ-ডি চৰকাৰী চাকৰি প্ৰদান কৰিব বুলি ঘোষণা কৰে । তেওঁ লগতে কয়, “সমগ্ৰ ঘটনাৰ বাবে আৰক্ষীয়ে সোধ-পোচৰ বাবে চোৰবাগান দুৰ্গা পূজাৰ উদ্যোক্তা, ব্যক্তিগত নিৰাপত্তাৰক্ষী আৰু কৰ্তব্যৰত কৰ্মচাৰীসকলক আটক কৰিছে । “বৰ্তমানলৈকে ১৯ জন লোকৰ মৃত্যু হৈছে আৰু ২৫ জন চিকিৎসাধীন হৈ আছে ।”

ইফালে ঘটনাৰ সন্দৰ্ভ প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাক “অত্যন্ত বেদনাদায়ক” বুলি অভিহিত কৰে আৰু মৃতকৰ পৰিয়াললৈ ২ লাখ আৰু আহতসকলৰ বাবে ৫০,০০০ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰে । তেওঁ কয় যে স্থানীয় প্ৰশাসনে ক্ষতিগ্ৰস্তসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়াইছে।

মুখ্যমন্ত্ৰী অধিকাৰীয়ে কয় যে এই ঘটনা কি পৰিস্থিতিত সংঘটিত হ’ল তাৰ কাৰণ বিচাৰি উলিয়াবলৈ কলিকতা উচ্চ ন্যায়ালয়ৰ এজন কৰ্তব্যৰত প্ৰধান ন্যায়াধীশৰ অধীনত এক তদন্ত কৰা হ’ব । কলকাতা আৰক্ষীয়ে চোৰবাগান সাৰ্বজনীন দুৰ্গোৎসৱৰ চিচিটিভি ফুটেজ সংগ্ৰহ কৰিছে আৰু শনিবাৰে সন্ধিয়া ভিৰ নিয়ন্ত্ৰণৰ দায়িত্বত থকাসকলৰ ভূমিকাৰ সন্দৰ্ভত তদন্ত কৰা হ’ব বুলি ঘোষণা কৰা হৈছে ।
পিছে পূজা মণ্ডপত এয়াই প্ৰথম ঘটনা নহয়, প্ৰায় ১০ বছৰৰ পূৰ্বে ২০১৫ চনৰ ১৮ অক্টোবৰটো পূজা মণ্ডপত একেধৰণৰ পদপিষ্টৰ ঘটনা সংঘটিত হৈছিল । সেই ঘটনাটো দেশপ্ৰিয় পাৰ্কত সংঘটিত হৈছিল। য’ত ৮৮ ফুট ওখ দুৰ্গা মূৰ্তি স্থাপন কৰা হৈছিল ।
##bigupdate #newsupdate #kolkata #terrifyingincident #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।