Monday, 23 November 2026
লগইন
ব্ৰেকিং

কিয় আমেৰিকাৰ টাৰ্গেট হৈ পৰিছে NSA অজিত ডোভাল ?

NSA অজিত ডোভাললৈ চমন

নিউজ ডেস্ক: খালিস্তানী বিচ্ছিন্নতাবাদী নেতা গুৰপতৱন্ত সিং পান্নুনৰ হত্যাৰ ষড়যন্ত্ৰৰ অভিযোগ সম্পৰ্কীয় গোচৰত ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু RAW ৰ প্ৰাক্তন সঞ্চালক সামন্ত গোৱেললৈ চমন জাৰি কৰিছে আমেৰিকাৰ এখন আদালতে।

ভাৰতত একাধিক সন্ত্ৰাসবাদ সম্পৰ্কীয় অভিযোগত অভিযুক্ত তথা নিষিদ্ধ সংগঠন ‘শিখছ ফৰ জাষ্টিছ’ (SFJ)-ৰ আইনী উপদেষ্টা পান্নুনে তেওঁৰ প্ৰাণনাশৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰি ক্ষতিপূৰণ বিচাৰি আমেৰিকাৰ আদালতত এখন দেৱানী গোচৰ ৰুজু কৰিছে।

নিউয়ৰ্কৰ ছাউদাৰ্ণ ডিষ্ট্ৰিক্ট আদালতৰ কেৰাণীয়ে জনোৱা অনুসৰি, ২০২৬ চনৰ ২০ নৱেম্বৰ, শুকুৰবাৰে FedEx কুৰিয়ৰ সেৱাৰ জৰিয়তে নতুন দিল্লীৰ পাটিয়ালা হাউছ আদালত, তিছ হাজাৰী আদালত আৰু দ্বাৰকা জিলা আদালতলৈ চমনসমূহ প্ৰেৰণ কৰা হয়।

উল্লেখ্য যে, পান্নুন হত্যাৰ ষড়যন্ত্ৰৰ গোচৰত ভাৰতীয় নাগৰিক নিখিল গুপ্তাক ২৩৫ মাহৰ কাৰাদণ্ড বিহিছে আমেৰিকাৰ আদালতে।

হেগ কনভেনচনৰ বিধান অনুসৰি চমন জাৰি

চলিত মাহৰ আৰম্ভণিতে নিউয়ৰ্কৰ ছাউদাৰ্ণ ডিষ্ট্ৰিক্ট আদালতে অজিত ডোভাল আৰু সামন্ত গোৱেললৈ চমন জাৰি কৰাৰ নিৰ্দেশ দিছিল। আদালতে উল্লেখ কৰিছিল যে দুয়োগৰাকী ব্যক্তিক ব্যক্তিগতভাৱে জাননী প্ৰেৰণ কৰাৰ পূৰ্বৰ প্ৰচেষ্টা বাধাগ্ৰস্ত হৈছিল।

ন্যায়াধীশ কেথেৰিন পল্ক ফেইলাৰ এক নিৰ্দেশনাত উল্লেখ কৰে, “এই আদালতত বিচাৰাধীন দেৱানী গোচৰটোত অভিযুক্তসকলৰ ওপৰত আইনী জাননী জাৰি কৰাৰ ক্ষেত্ৰত ভাৰতীয় গ্ৰহণকাৰী আদালতসমূহৰ সহায় বিনম্ৰতাৰে কামনা কৰা হৈছে।”

ন্যায়াধীশগৰাকীয়ে হেগ কনভেনচন আৰু ভাৰতীয় দেৱানী কাৰ্যবিধিৰ (Code of Civil Procedure) সংশ্লিষ্ট ধাৰাসমূহৰ উল্লেখ কৰি কয় যে বিদেশী আদালতে ভাৰতীয় আদালতৰ জৰিয়তেও অজিত ডোভাল আৰু সামন্ত গোৱেললৈ চমন প্ৰেৰণ কৰিব পাৰে।
##bigupdate #newsupdate #america #nsa #ajitdoval #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।