নিউজ ডেস্ক : 'বাৰ এণ্ড বেঞ্চ'ৰ প্ৰতিবেদন অনুসৰি, উচ্চতম ন্যায়ালয়ে বুধবাৰে কয় যে দুটাতকৈ অধিক সন্তান থকাসকলক শাস্তি বিহা আইনসমূহৰ প্ৰাসংগিকতা এতিয়া হেৰাই গৈছে, কিয়নো বিগত কেইটামান দশকত হোৱা জনসংখ্যাৰ পৰিৱৰ্তনৰ বাবে অত্যধিক জনসংখ্যা বৃদ্ধিৰ আশংকা দূৰ হৈছে। এই সময়ছোৱাত ভাৰতৰ প্ৰজনন হাৰ ৩-ৰ পৰা ১.৯ লৈ হ্ৰাস পাইছে।
উচ্চতম ন্যায়ালয়ে মন্তব্য কৰে যে, দুটাতকৈ অধিক সন্তান থকাৰ ভিত্তিত নিৰ্বাচনত অৱতীৰ্ণ হোৱাত বাধা আৰোপ কৰা আইনে সংবিধানৰ ২১ নং অনুচ্ছেদৰ অধীনত প্ৰজনন স্বতন্ত্ৰতা বা অধিকাৰক উলংঘা কৰে।
মহাৰাষ্ট্ৰৰ প্ৰাক্তন সৰ্পঞ্চ মংগলা ভীমৰাও ইংলেই তৃতীয় সন্তান থকাৰ বাবে লাভ কৰা অযোগ্যতা প্ৰত্যাহ্বান জনাই দাখিল কৰা এখন আবেদনৰ শুনানি আদালতত চলি আছিল। ইয়াৰ পূৰ্বে বোম্বাই উচ্চ ন্যায়ালয়ে 'মহাৰাষ্ট্ৰ ভিলেজ পঞ্চায়ত এক্ট'ৰ অধীনত তেওঁৰ এই অযোগ্যতা বাহাল ৰাখিছিল।
এই আদেশটো প্ৰদান কৰাৰ সময়ত উচ্চতম ন্যায়ালয়ে কয়, "আমাৰ দৃঢ় বিশ্বাস যে দুটাতকৈ অধিক সন্তান থকাৰ বাবে শাস্তি বিহা আইনসমূহৰ প্ৰাসংগিকতা এতিয়া হেৰাই গৈছে। এনে আইনসমূহৰ মূল ভিত্তি, অৰ্থাৎ অতি-জনসংখ্যাৰ ভয়টো বিগত কেইটামান দশকত হোৱা জনসংখ্যাৰ গাঁথনিগত পৰিৱৰ্তনৰ বাবে ধূলিস্যাৎ হৈ পৰিছে। ২০০৩ চনত যেতিয়া 'জাভেদ বনাম হাৰিয়ানা ৰাজ্য'ৰ গোচৰত এনে আইনসমূহক বাহাল ৰখা হৈছিল, তেতিয়াৰ পৰা ভাৰতৰ মুঠ প্ৰজনন হাৰ (TFR) ৩-ৰ পৰা ১.৯-লৈ কেনেকৈ হ্ৰাস পাইছে, সেই কথা আমি ব্যাখ্যা কৰিছোঁ।"
তথ্য অনুসৰি, তৃতীয় সন্তান হোৱাৰ বাবে নিজৰ পদৰ পৰা অপসাৰিত হোৱা সৰ্পঞ্চগৰাকীৰ বিৰুদ্ধে মহাৰাষ্ট্ৰ আইনৰ অধীনত চলি থকা আইনী প্ৰক্ৰিয়াত আদালতে স্থগিতাদেশ জাৰি কৰে।
"ইয়াৰ বাবেই আমি ইয়াত চলি থকা কাৰ্যধাৰা স্থগিত ৰাখিবলৈ আৰু বিষয়টো এটা ডাঙৰ বিচাৰপীঠলৈ প্ৰেৰণ কৰিবলৈ বাধ্য হৈছোঁ। এনে এখন আইনক বাহাল থাকিবলৈ দিলে নাগৰিকৰ এটা সমগ্ৰ শ্ৰেণীকে ৰাজনৈতিক প্ৰতিনিধিত্বৰ পৰা বঞ্চিত কৰা হ’ব, যাৰ ভিত্তি ৰাজহুৱা পদবীত অধিষ্ঠিত হোৱাৰ যোগ্যতাৰ সৈতে অতি কম প্ৰাসংগিক বা যুক্তিসংগত সম্পৰ্ক আছে। ইয়াৰ উপৰি, ই সন্তান জন্ম দিয়া আৰু গণতান্ত্ৰিক অংশগ্ৰহণৰ ভিতৰত যিকোনো এটাক বাছি ল’বলৈ এক বিবেকহীন পছন্দ বাধ্য কৰায়, যি অনুচ্ছেদ ২১-ৰ অধীনত প্ৰজননৰ স্বতন্ত্ৰতাক ক্ষুণ্ণ কৰে।"
কি বিষয়ত হৈছিল?
এই ঘটনাটো ২০২৪ চনত মহাৰাষ্ট্ৰৰ কাকোডা গ্ৰাম পঞ্চায়তৰ সৰপঞ্চ হিচাপে মঙলা ভীমৰাও ইংলেৰ নিৰ্বাচনৰ পৰা আৰম্ভ হৈছিল। ইয়াৰ পিছত তেওঁৰ বিৰুদ্ধে এক অভিযোগ দাখিল কৰা হৈছিল, য'ত দাবী কৰা হৈছিল যে তেওঁ 'মহাৰাষ্ট্ৰ ভিলেজ পঞ্চায়ত এক্ট, ১৯৫৯'ৰ ধাৰা ১৪(১)(জে-১) ৰ অধীনত অযোগ্য ঘোষণাৰ সন্মুখীন হৈছে। এই আইন অনুসৰি, দুয়াতকৈ অধিক সন্তান থকা যিকোনো ব্যক্তিক পঞ্চায়ত সদস্য বা সৰপঞ্চ পদত অধিষ্ঠিত হোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
বুলধানাৰ অতিৰিক্ত জিলাধিকাৰীয়ে ইংলাক অযোগ্য ঘোষণা কৰে, আনহাতে অমৰাৱতী বিভাগৰ অতিৰিক্ত আয়ুক্তই তেওঁৰ আবেদন খাৰিজ কৰে।
উল্লেখ্য যে, ২০২৫ চনত, বম্বে উচ্চ ন্যায়ালয়ে দুয়োটা আদেশ বাহাল ৰাখে আৰু উল্লেখ কৰে যে, কৰ্তৃপক্ষই নিৰ্ভৰ কৰা জন্মৰ প্ৰমাণপত্ৰখন আছিল এক ৰাজহুৱা নথি, যাৰ এক আনুমানিক প্ৰমাণিক মূল্য আছে। ইয়াৰ লগতে ন্যায়ালয়ে কয় যে, ইংলে তৃতীয় সন্তানৰ জন্ম সম্পৰ্কীয় প্ৰমাণসমূহ খণ্ডন কৰাত ব্যৰ্থ হৈছিল।
ইয়াৰ পিছত ইংলে উচ্চতম ন্যায়ালয়ৰ কাষ চাপে। পূৰ্বৰ এক শুনানিৰ সময়ত শীৰ্ষ ন্যায়ালয়খনে এই নীতিক অসাৰ বুলি অভিহিত কৰিছিল। ইয়াৰোপৰি ন্যায়ালয়খনে আন ৰাজ্যসমূহতো অনুৰূপ দুই সন্তানৰ নীতিৰ বাবে অযোগ্য ঘোষণা কৰাৰ ব্যৱস্থা বাহাল আছে নে নাই, সেই বৃহৎ বিষয়টোৰ প্ৰতিও মনোযোগ দিছিল আৰু অধিবক্তাক এই স্থিতি নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।
পক্ষসমূহৰ যুক্তি বিবেচনা কৰাৰ পিছত, বুধবাৰে বিচাৰপীঠে বিষয়টো এখন ডাঙৰ বিচাৰপীঠলৈ প্ৰেৰণ কৰাটো উচিত বুলি বিবেচনা কৰে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।