উল্লেখ্য যে, দিল্লী প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদকাৰীসকলৰ চলাচলত বাধা প্ৰদান, মেট্ৰ’ সেৱা বন্ধ কৰা, ইণ্টাৰনেট সেৱা কৰ্তন আৰু শান্তিপূৰ্ণ প্ৰতিবাদৰ অধিকাৰ খৰ্ব কৰাৰ অভিযোগ উত্থাপন কৰা হয়। এই ঘটনা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিল্লী আৰক্ষী, আয়ুক্তকে ধৰি সংশ্লিষ্ট বিষয়াসকলৰ পৰা উত্তৰ বিচাৰিছে। সাধাৰণৰ নাগৰিকৰ চলাচলৰ স্বাধীনতা আৰু অভিবক্তাসকলৰ পেছাগত কৰ্তব্য পালনৰ ক্ষেত্ৰত বাধা আঁতৰোৱাৰ বিষয়টোও গুৰুত্বসহকাৰে বিবেচনা কৰা হয়।
প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকা আৰু আদালতৰ নিৰ্দেশ পালন কৰা সন্দৰ্ভত উত্থাপন হোৱা অভিযোগৰ পিছতে উচ্চতম ন্যায়ালয়ে দিল্লী আৰক্ষী আয়ুক্ত আৰু অন্যান্য সংশ্লিষ্ট বিষয়াসকললৈ কাৰণ ব্যাখ্যা কৰাৰ জাননী জাৰি কৰে। আদালতে সংশ্লিষ্ট বিষয়াসকলক শপতনামা দাখিল কৰি ব্যাখ্যা কৰিবলৈ নিৰ্দেশ দিয়ে যে তেওঁলোকৰ বিৰুদ্ধে কিয় আদালত অৱমাননাৰ গোচৰ আৰম্ভ কৰা নহয়। লগতে পূৰ্বে জাৰি কৰা নিৰ্দেশসমূহ পালন কৰা হৈছে নে নাই, সেই সন্দৰ্ভতো প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হয়। অৰ্থাৎ আদালতৰ নিৰ্দেশ উলংঘা কৰাৰ অভিযোগৰ ক্ষেত্ৰত আৰক্ষী আৰু সংশ্লিষ্ট বিষয়াসকলৰ পৰা স্পষ্ট উত্তৰ বিচৰা হৈছে।
মেট্ৰ’ ইণ্টাৰনেট সেৱা সন্দৰ্ভত আদালতৰ ভাষ্য
তথ্য অনুসৰি, শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে মেট্ৰ’ সেৱা, ইণ্টাৰনেট সংযোগ আৰু সাধাৰণ জনতাৰ মুক্ত চলাচলৰ বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰে। আদালতৰ বক্তব্য অনুসৰি, আইন-শৃংখলাৰ এনে কোনো পৰিস্থিতিৰ সৃষ্টি নহ’লে, যাৰ বাবে বাধা-নিষেধ আৰোপ কৰাটো প্ৰয়োজনীয়, তেন্তে মেট্ৰ’ সেৱা স্বাভাৱিকভাৱে চলাচল কৰিব লাগে। সাধাৰণ মানুহৰ চলাচলৰ স্বাধীনতা পুনৰ উভতাই অনা আৰু ইণ্টাৰনেট সেৱা পুনৰুদ্ধাৰ কৰা বিষয়টো নিৰ্দেশনা দিয়া হয়। ইয়াৰোপৰি অধিবক্তাসকলে যাতে নিজৰ পেছাগত দায়িত্ব পালন কৰোঁতে বাধাৰ সন্মুখীন হ’বলগীয়া নহয়, সেই বিষয়েও আদালতে উল্লেখ কৰে।
৪৫ টা মেট্ৰ’ ষ্টেচন কিয় বন্ধ ৰখা হৈছিল?
শুনানিৰ সময়ত মেট্ৰ’ ষ্টেচন বন্ধ ৰখাৰ বিষয়টোও চৰ্চাৰ মাজলৈ আহে। কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা আদালতক জনোৱা হৈছিল যে মুঠ মেট্ৰ’ ষ্টেচনৰ প্ৰায় ১৫% , অৰ্থাৎ ৪৫ টা ষ্টেচন বন্ধ কৰা হৈছিল। ইয়াৰ পিছতে উচ্চতম ন্যায়ালয়ে দিল্লী মেট্ৰ’ ৰে’ল কৰ্প’ৰেচনক (DMRC) কোন কোন ষ্টেচন বন্ধ ৰখা হৈছিল, সেই কথা স্পষ্টকৈ দেখুওৱা এখন মানচিত্ৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। প্ৰতিবাদৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে ইমান সংখ্যক মেট্ৰ’ ষ্টেচন বন্ধ ৰখাৰ প্ৰয়োজনীয়তা কিমান আছিল, সেই বিষয়ে ন্যায়ালয়ে স্পষ্ট তথ্য বিচাৰিছে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।