Thursday, 05 November 2026
লগইন
ব্ৰেকিং

আৰক্ষীক আক্ৰমণ কৰি কাৰাগাৰৰ পৰা পলায়ন ১৭ জন কয়দী

কাৰাগাৰৰ পৰা পলায়ন ১৭ জন কয়দী

নিউজ ডেস্ক : সোমবাৰে গভীৰ নিশা তামিলনাডুৰ থেনী উপ-কাৰাগাৰত বন্দী হৈ থকা ১৭ জন কয়দীয়ে এজন আৰক্ষী বিষয়াক আক্ৰমণ কৰি পলায়ন কৰে । পলাই যোৱা ১৭ জন কয়দীৰ ভিতৰত এজনক গ্ৰেপ্তাৰ কৰা হৈছে । আনহাতে বাকী থকা পলায়নকাৰীসকলক বিচাৰি উলিয়াবলৈ আৰু আটক কৰিবলৈ ১৭ টা বিশেষ দল গঠন কৰা হৈছে ।

দক্ষিণ মণ্ডলৰ আৰক্ষী মহাপৰিদৰ্শক (আইজিটি) বিজয়েন্দ্ৰ বিদায়ীয়ে কয় যে তালাচী অভিযানৰ সময়ত পলাই যোৱা এজন কয়দীক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁ কয়, "তালাচী অভিযানৰ সময়ত আৰক্ষীয়ে পলাই যোৱা এজন কয়দীক গ্ৰেপ্তাৰ কৰিছে।"

এই ঘটনাৰ পিছতে নিৰাপত্তা বাহিনীয়ে তীব্ৰ যান-বাহন পৰীক্ষা চলাইছে। ডিন্ডিগুলৰ আৰক্ষী অধীক্ষক এছ জয়কুমাৰে এএনআইক নিশ্চিত কৰিছে যে সাৱধানতা অৱলম্বন কৰি ওচৰৰ ডিন্ডিগুল জিলাৰ ১৬ টা স্থানত চেক পোষ্ট স্থাপন কৰা হৈছে।

আৰক্ষীৰ মতে, আটাইকেইজন ১৭ গৰাকী অভিযুক্ত একেটা চেলতে বন্দী আছিল। কাৰাগাৰৰ এজন কয়দী অসুস্থ বুলি খবৰ পোৱাৰ পিছত যেতিয়া কাৰাগাৰৰ কৰ্মচাৰীসকলে চেলটোত প্ৰৱেশ কৰিছিল, তেতিয়া তেওঁলোকে কৰ্মচাৰীসকলক আক্ৰমণ কৰি কাৰাগাৰৰ পৰা পলাই যায়।

এই ঘটনাত থেনী জিলা কাৰাগাৰৰ সৈতে জড়িত দ্বিতীয় শ্ৰেণীৰ আৰক্ষী কৰ্মী থংগাপাণ্ডি মূৰত আঘাতপ্ৰাপ্ত হয় আৰু তেওঁক জি ভিলাক্কুৰ চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰা হয়। আৰক্ষীৰ প্ৰতিবেদন অনুসায়ী কাৰাগাৰৰ আন দুজন আৰক্ষী কৰ্মীও সামান্য আঘাতপ্ৰাপ্ত হয়।

এই পলায়নৰ ঘটনাৰ পিছতে ওচৰ-পাজৰৰ জিলাসমূহৰ আৰক্ষীক সতৰ্ক কৰি দিয়াৰ লগতে হাই এলাৰ্ট জাৰি কৰা হৈছে। এই ঘটনাৰ তথ্য ইডুক্কি, মাদুৰাই আৰু ডিন্ডিগুল জিলাৰ আৰক্ষীৰ সৈতে বিনিময় কৰা হৈছে, আনহাতে পলাই যোৱা অভিযুক্তসকলৰ চিনাক্তকৰণত সহায় হ’বলৈ আৰক্ষী বিষয়াসকলৰ মাজত ফটো বিতৰণ কৰা হৈছে।
##tamilnadu #tamilnadujailbreak #tamilnadupolice #vijaythalapati

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।