নিউজ ডেস্ক: টাটা কনচেলটেন্সী চাৰ্ভিচেচ (TCS)-ৰ জ্যেষ্ঠ বিষয়াই প্ৰকাশ কৰিছে যে, নতুনকৈ নিযুক্ত হ’বলগীয়া কৰ্মচাৰীসকলৰ ভিতৰত প্ৰায় ৮০ শতাংশৰে ডিজিটেল আৰু কৃত্ৰিম বুদ্ধিমত্তা (AI) সম্পৰ্কীয় দক্ষতা থকাটো প্ৰয়োজনীয়।
জুলাই-ছেপ্টেম্বৰ ত্ৰিমাসিকত যোগ দিয়া ৪,৫০০ গৰাকী কৰ্মচাৰীৰ ভিতৰত প্ৰায় ২৫ ৰ পৰা ৩০ শতাংশৰ বিশেষ AI দক্ষতা আছিল আৰু প্ৰায় ৮০ শতাংশৰ আধুনিক প্ৰযুক্তিৰ ব্যাপক জ্ঞান আছিল বুলি মুখ্য পৰিচালন বিষয়া আৰতি সুব্ৰমণিয়নে এটা ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰ আগত প্ৰকাশ কৰে।
এই নিয়োগৰ ধাৰা অব্যাহত থাকিব নেকি বুলি সোধাত সুব্ৰমণিয়মে হয় বুলি কোৱাৰ লগতে যোগ দিয়ে যে বজাৰত প্ৰয়োজনীয় প্ৰতিভা উপলব্ধ আছে।
উল্লেখ্য যে,কৃত্ৰিম বুদ্ধিমত্তা বা AI-ৰ ক্ৰমবৰ্ধিত গুৰুত্বই বৰ্তমানৰ কৰ্মক্ষেত্ৰত নতুন স্নাতক আৰু অভিজ্ঞ কৰ্মচাৰীসকলৰ মাজত কাৰ যোগ্যতা অধিক, তাক লৈ এক গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্থাপন কৰিছে। প্ৰযুক্তিৰ এই দ্ৰুত পৰিৱৰ্তনৰ যুগত নতুন স্নাতকসকলে কিছুমান বিশেষ দিশত অগ্ৰাধিকাৰ লাভ কৰা দেখা গৈছে।
তাৰোপৰি TCS-ৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু পৰিচালন সঞ্চালক কে কৃতিভাসনে কয় যে, ইয়াৰ সুবিধাটো এজন ব্যক্তিৰ শিকিবলৈ আৰু খাপ খুৱাই ল'বলৈ থকা ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিব। কৃতিভাসনে কয়, "যদি এজন মধ্য-স্তৰৰ অভিযন্তা শিকিবলৈ ইচ্ছুক হয়, তেন্তে ই এক বৃহৎ সুবিধা প্ৰদান কৰে কাৰণ তেওঁ বুজি পায় যে প্ৰযুক্তিৰ পৰিৱেশটো কি আৰু ডমেইনটো কি? লগতে তেওঁ কয় যে, এজন কনিষ্ঠ অভিযন্তাৰ হয়তো একে ধৰণৰ বুজাবুজি নাথাকিবও পাৰে।
কৃটিম বুদ্ধিমত্তা ব্যৱসায়ে টাটা কনচালিটেন্সি চাৰ্ভিচেছ (TCS)ৰ লাভৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰিব পাৰে
এই নিয়োগৰ পৰিৱৰ্তন এনে এক সময়ত আহিছে যেতিয়া TCS-এ নিজৰ কৃত্ৰিম বুদ্ধিমত্তা ব্যৱসায় সম্প্ৰসাৰণ কৰা আৰু লাভজনকতা বৃদ্ধি কৰাৰ লক্ষ্য ৰাখিছে। ছেপ্টেম্বৰ ত্ৰৈমাসিকত সামগ্ৰিক ৰাজহৰ ক্ষেত্ৰত ইয়াৰ অংশীদাৰিত্ব ১০ শতাংশলৈ বৃদ্ধি পাইছে। AI চুক্তিৰ পৰিসৰ বৃদ্ধি পোৱাৰ লগে লগে TCS-এ এই ব্যৱসায়ে লাভজনকতাত সহায় কৰিব বুলি আশা কৰিছে। কৃতিভাসনে কয়, "এই চুক্তিসমূহৰ পৰিমাণ বৃদ্ধি পোৱাৰ লগে লগে আপোনালোকে দেখিব যে ইয়াৰ পৰা লাভ হ'ব।"
ইফালে চুব্ৰামণিয়নে কয় যে, "গ্ৰাহকসকলে প্ৰায়ে কোনো এটা নিৰ্দিষ্ট ব্যৱসায়িক ক্ষেত্ৰত AI প্ৰকল্পৰ জৰিয়তে কাম আৰম্ভ কৰে। যেতিয়া তেওঁলোকে দেখে যে এই বিনিয়োগে কাম দিছে, তেতিয়া তেওঁলোকে এই কামটো অন্যান্য বিভাগ বা কাৰ্য্যকলাপলৈকো সম্প্ৰসাৰিত কৰিব পাৰে।"
কৃত্তিভাসনৰ মতে, টিচিএছে (TCS) চুক্তিসমূহক AI চুক্তি হিচাপে শ্ৰেণীভুক্ত কৰাৰ ক্ষেত্ৰত এক ৰক্ষণশীল দৃষ্টিভংগী গ্ৰহণ কৰে। যদিও কোম্পানীটোৱে ছেপ্টেম্বৰ ত্ৰিমাসিকৰ বাবে তেওঁলোকৰ মুঠ $৯.৬ বিলিয়ন মূল্যৰ চুক্তিৰ ভিতৰত এআই উপাদানৰ পৰিমাণ প্ৰকাশ কৰা নাই, তথাপিও তেওঁ কয় যে, বৰ্তমান তেওঁলোকে কৰা প্ৰায় সকলো কামতে এআই-ৰ কিছু নহয় কিছু অংশ জড়িত হৈ আছে।
কেৱল AI শিকাটোৱেই এজন কৰ্মচাৰীক সম্পূৰ্ণৰূপে চাকৰিৰ বাবে সাজু কৰি তুলিব পাৰেনে?
HR Anexi-ৰ Bots.ai-ৰ সঞ্চালক আৰু নিৰ্মাতা নিখৰ অৰোৰাই কয় যে, কোম্পানীসমূহে AI সঁজুলিৰ ব্যৱহাৰক প্ৰকৃত সাংগঠনিক দক্ষতা বুলি ভুল কৰাৰ আশংকা থাকে। অৰোৰাই কয় যে, দহজন ভাৰতীয় কৰ্মচাৰীৰ ভিতৰত ৯ জনতকৈও অধিক কৰ্মচাৰীয়ে ইতিমধ্যে এই সঁজুলিসমূহ ব্যৱহাৰ কৰাৰ বাবে ড্যাশবৰ্ডত ই AI-প্ৰস্তুত সংগঠনৰ দৰে দেখালেও বাস্তৱত ই প্ৰায় কেতিয়াও নহয়।
তেওঁ যুক্তি দিয়ে যে, কৰ্মচাৰীসকলে কোনো স্পষ্ট মানদণ্ড, ব্যৱসায়িক প্ৰক্ৰিয়াৰ সৈতে সংযোগ বা তেওঁলোকৰ আউটপুটৰ গুণগত মান পৰীক্ষা নকৰাকৈয়ে বিভিন্ন উপায়েৰে AI ব্যৱহাৰ কৰি থাকিব পাৰে। তেওঁ কয়, "ব্যৱহাৰ বৃদ্ধি পালে, কিন্তু দক্ষতা বৃদ্ধি নাপালে। এই দুয়োটা একে নহয়।"
আৰোৰাৰ মতে, কৰ্মচাৰীসকলক নিজাকৈ কৃত্ৰিম বুদ্ধিমত্তা (AI)শিকিবলৈ কোৱাটোৱেই যথেষ্ট নহয়। কোম্পানীসমূহে কোনবোৰ দক্ষতা গুৰুত্বপূৰ্ণ তাক চিনাক্ত কৰিব লাগিব, ভাল কামৰ মানদণ্ড কেনেকুৱা হ’ব লাগে তাক নিৰ্ধাৰণ কৰিব লাগিব আৰু ব্যৱসায়ৰ কোনটো অংশত AI-য়ে এক জোখিব পৰা পৰিৱৰ্তন আনিব পাৰে সেইটো সিদ্ধান্ত ল’ব লাগিব। তেওঁ কয়, "যিকোনো এজন নেতাৰ বাবে আচল প্ৰশ্নটো এয়া নহয় যে আপোনাৰ মানুহখিনিয়ে AI শিকিছে নে নাই। প্ৰায় সকলোৱেই শিকিছে। আচল প্ৰশ্নটো হৈছে আপুনি এইটো সিদ্ধান্ত লৈছে নে নাই যে তেওঁলোকে কি প্ৰস্তুত কৰিব লাগে, কিমান উন্নত মানদণ্ডৰ হ’ব লাগে আৰু আপোনাৰ ব্যৱসায়ৰ কোনটো অংশৰ বাবে কৰিব লাগে।
উল্লেখ্য যে, কৰ্মচাৰীসকলৰ বাবে, ইয়াৰ প্ৰভাৱ কেৱল ChatGPT বা আন কোনো AI সঁজুলি কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাক শিকাৰ মাজতে সীমাবদ্ধ নহয়। কোনো এটা কোম্পানীৰ ব্যৱসায় বুজি পোৱা, প্ৰযুক্তিবিদ্যা বাস্তৱিক সমস্যাত প্ৰয়োগ কৰা আৰু বিশ্বাসযোগ্য ফলাফল প্ৰদান কৰাটো AI ৰ সৈতে পৰিচিত হোৱাৰ দৰেই গুৰুত্বপূৰ্ণ হৈ পৰিব পাৰে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।