Saturday, 07 November 2026
লগইন
ব্ৰেকিং

নেপালত ১০ জন সন্ধানহীন, ১৫০ তকৈও অধিক বিদেশী পৰ্যটক আৱদ্ধ

নেপালত মৃত্যুৰ কিৰিলী !

নিউজ ডেস্ক: দেওবাৰে পুৱাতে নেপালৰ মানাস্লু ট্ৰেকিং অঞ্চলত হোৱা আকস্মিক বানে প্ৰায় ৪০ টা ঘৰ, ছয়খন দলং আৰু জলবিদ্যুৎ প্ৰকল্পৰ আন্তঃগাঁথনি উটুৱাই লৈ যায় । বৰ্তমানলৈকে ১০ জন লোক সন্ধানহীন হৈ আছে আৰু ১৫০ তকৈও অধিক বিদেশী পৰ্যটক আৱদ্ধ হৈ পৰিছে বুলি জানিব পৰা গৈছে।

আগতীয়া দিয়া সতৰ্কবাণীৰ বাবে অঞ্চলটোৰ ৰাইজ ওখ ঠাইলৈ যাবলৈ সক্ষম হয় । বৰ্তমানলৈ সেনাই ৪৯ জন লোকক উদ্ধাৰ কৰিছে লগতে কৰ্তৃপক্ষই অঞ্চলসমূহ খালী কৰাৰ নিৰ্দেশ দিছে আৰু নামনিৰ জিলাসমূহক সতৰ্ক কৰি দিছে ।

উল্লেখ্য যে, ভোটো কোশী-ত্ৰিশূলী নদীৰ ভয়াৱহ বানত ১,৪৫০ জনতকৈও অধিক লোকৰ মৃত্যু হোৱা আৰু ৫,২৫০ জন লোক সন্ধানহীন হোৱাৰ মাত্ৰ ৪৫ দিনৰ পিছতে এই দুৰ্যোগ সংঘটিত হৈছে । কাঠমাণ্ডুৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ পশ্চিমে অৱস্থিত ত্ৰিশূলীৰ উপনৈ বুঢ়ী গণ্ডকীত দেওবাৰে পুৱা প্ৰায় ৪ বজাত এই বান হৈছিল । দেওবাৰে হোৱা বানৰ বাবে প্ৰায় ১০০ গৰাকীৰো অধিক বিদেশী লোক অঞ্চলটোত আবদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে ।

কৰ্তৃপক্ষই সন্দেহ কৰিছে যে ভূমিস্খলনৰ ফলত সাময়িকভাৱে এখন উপনৈ বন্ধ হৈ পৰিছিল । অৱশ্যে, বিষয়াসকলে এতিয়াও ইয়াৰ সঠিক কাৰণ নিশ্চিত কৰিব পৰা নাই । ইফালে উনগিলুং নদীৰ ওচৰত থকা দুগৰাকী মহিলা আৰু তিনিজন পুৰুষসহ পাঁচজন লোক বৰ্তমান সন্ধানহীন হৈ আছে। ইয়াৰ উপৰিও ৪ ৰ পৰা ৫ জন পশুপালকৰ সৈতেও যোগাযোগ বিচ্ছিন্ন হৈছে ।

বানপানীয়ে চাল্লেৰীত নিৰ্মীয়মাণ ৩৪১ মেগাৱাটৰ বুঢ়ী গণ্ডকী জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ শিবিৰ আৰু সঁজুলিসমূহো ধ্বংস কৰে । আৰুগাটত, বুঢ়ী গণ্ডকী নদীৰ পানীৰ স্তৰ বিপদসীমা ৫ মিটাৰৰ বিপৰীতে ৮.৪ মিটাৰলৈ বৃদ্ধি পায় ।

ধাদিঙ, তনহু, চিতৱন আৰু পূব তথা পশ্চিম নাৱালপৰাচীত কৰ্তৃপক্ষই স্থান খালী কৰাৰ সতৰ্কবাণী জাৰি কৰিছে আৰু ত্ৰিশূলী তথা নাৰায়ণী নদীৰ পাৰৰ বাসিন্দাসকলক নদীৰ পাৰৰ পৰা আঁতৰি থাকিবলৈ সাৱধান কৰি দিছে ।
##bigupdate #newsupdate #wetharupdate #nepal #tragicincident #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।