Saturday, 21 November 2026
লগইন

আকৌ ভয়ংকৰ দুৰ্ঘটনা, ১২ জনৰ মৃত্যুৰ আশংকা

উত্তৰাখণ্ডত ভয়ংকৰ দুৰ্ঘটনা

নিউজ ডেস্ক : মঙলবাৰে পুৱা উত্তৰাখণ্ডৰ টিহৰী গড়ৱাল জিলাৰ গুলাৰ বজাৰৰ সমীপৰ এখন দলঙৰ পৰা প্ৰায় ১০০ মিটাৰ তলৰ এটা দ খাৱৈত এখন বাছ বাগৰি পৰে । যাৰ ফলত কমেও আঠজন লোক নিহত হোৱাৰ লগতে প্ৰায় ২০ জন লোক আহত হয়। বৰ্তমান উদ্ধাৰ অভিযান অব্যাহত আছে।

আৰক্ষীৰ তথ্য অনুসৰি দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত বাছখনত প্ৰায় ৩০-৩৫ জন যাত্ৰী আছিল। ঘটনাৰ পাছতে ব্যাসী আৰু ঢালৱালাত থকা ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ (SDRF) দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। এতিয়ালৈকে প্ৰায় ২০ জন আহত যাত্ৰীক উদ্ধাৰ কৰা হৈছে আৰু এম্বুলেন্সৰ জৰিয়তে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

টিহৰীৰ জিলা দণ্ডাধীশ নিতিকা খাণ্ডেলৱাল আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক (SSP) শ্বেতা চৌবেও দুৰ্ঘটনাস্থলীলৈ ৰাওনা হৈছে। ইফালে, আন এক পৃথক ঘটনাত সোমবাৰে গভীৰ নিশা উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাৰ বাঁশৱাড়া-মোহনখাল মটৰ পথত এখন বলেৰো বাহন এটা দ খাৱৈত বাগৰি পৰাত ছয়জন লোক নিহত হোৱাৰ লগতে আন কেইবাজনো আহত হয়।

আৰক্ষীয়ে জনোৱা মতে, বাহনখন পোখৰী অঞ্চলৰ পৰা ৰানসী অভিমুখে গৈ থকা অৱস্থাত ভাটৱাৰী-কান্দাৰাৰ ওচৰত চালকজনে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়।
##bigupdate #newsupdate #tragicaccident #uttarakhand #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।