
এই বিশাল জনসভাত উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, বিজেপি অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী পীযুষ হাজৰিকা, কেশৱ মহন্ত, বিধায়ক প্ৰদ্যুৎ বৰদলৈ, বিধায়ক ৰূপক শৰ্মা, নীলিমা দেৱী, বিজেপিৰ ভাৰপ্ৰাপ্ত সভাপতি সুবৰ্ণ সিং। সভাত ভাষণ প্ৰদান কৰে বিধায়ক প্ৰদ্যুৎ বৰদলৈয়ে। তাৰ পিছতে সভাপতি দিলীপ শইকীয়া, কেশৱ মহন্ত আৰু বিধায়ক ৰূপক শৰ্মাইও সভাত বক্তব্য আগবঢ়ায়।
উল্লেখ্য যে, সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত কয়, 'এই নিৰ্বাচন দিছপুৰৰ চৰকাৰ সলনি কৰাৰ নিৰ্বাচন নহয়, চৰকাৰখনক অধিক শক্তিশালী কৰাৰহে নিৰ্বাচন। নিৰ্বাচনৰ পিছতো দিছপুৰত মুখ্যমন্ত্ৰী "মামা"ই থাকিব আৰু দিল্লীত মোডী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হৈ থাকিব।'
তাৰোপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে, AIUDF পাম্প নথকা ফুটবল, কংগ্ৰেছক ভোট দি লাভ নাই, নগাঁৱত বিজেপি জয়ী হ'ব। প্ৰচাৰ চলাই আত্মবিশ্বাসী আজমলক জিৰণি লোৱাৰ পৰামৰ্শ প্ৰদান কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বিজেপিক ভোট দিলে মহিলাসকলে পাব অৰুণোদয় আৰু মহিলা উদ্যমীতা আঁচনিৰ ধন। ৰহাৰ ১০ হাজাৰ মহিলাই নতুনকৈ লাভ কৰিব লাভ কৰিব অৰুণোদয় আঁচনি। ৰাজ্যৰ প্ৰতিটো সমষ্টিত ৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব মহিলাৰ বজাৰ। তাৰোপৰি ৰহাত নিৰ্মাণ হ'ব জাগীৰোডৰ দৰেই বৃহৎ উদ্যোগ। শিৱামণি বৰাই বিধায়ক হিচাপে কি কাম কৰিছিল?
ইয়াৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ক মডে'ল স্কুললৈ উন্নীতকৰণ কৰা, আইলক্ষী থান আৰু কৰচোং সত্ৰৰ ব্যাপক উন্নয়ন, বটদ্ৰৱা থানৰ কৃত্ৰিম বানপানী নিষ্কাষণৰ স্থায়ী ব্যৱস্থা, নগাঁও বিশ্ববিদ্যালয়ৰ উন্নয়ন আৰু ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ সন্মুখত এখন উৰণীয়া সেঁতু আদি কাম দুবছৰত সম্পূৰ্ণ কৰাৰ কথা উল্লেখ কৰে।
আনহাতে, দুৰ্গা পূজাৰ সময়ত অৰুণোদয় আঁচনিৰ ধন ১২৫০ টকাৰ সলনি ১৫০০ টকালৈ বৃদ্ধি কৰা হ'ব বুলিও মন্তব্য কৰে। ৰেচন কাৰ্ডত সুলভ মূল্যৰ দাইল-চেনিৰ পেকেটত লিখা ১০৫ টকাৰ সামগ্ৰী ৰাইজে মাত্ৰ ১০০ টকাতে লাভ কৰিব । অতি শীঘ্ৰে সুলভ মূল্যত মিঠাতেলো দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, গ্ৰামাঞ্চলত মহিলাসকলৰ বাবে দুগ্ধ সমবায় সমিতি গঠন কৰা হ'ব আৰু চৰকাৰে নিজে গাই গৰু দি তাৰ খৰচ বহন কৰিব। নগাঁও-বটদ্ৰৱা সমষ্টিত ADRE চাকৰি আৰু মেডিকেলৰ শিক্ষাৰ্থীৰ সুবিধাৰ্থে বিনামূলীয়া কোচিং চেণ্টাৰ মুকলি কৰা হ'ব। সমষ্টিটোৰ প্ৰতিটো অঞ্চলত সৰ্বাংগ সুন্দৰ প্ৰেক্ষাগৃহ আৰু উন্নতমানৰ খেলপথাৰ নিৰ্মাণ কৰা হ'ব।
উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নগাঁৱৰ আসনখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক উপহাৰ হিচাপে দিয়াৰ আহ্বান জনোৱাৰ লগতে কংগ্ৰেছক কটু বাক্যৰে সমালোচনা কৰি ভাষণ সমাপ্ত কৰে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।