Saturday, 07 November 2026
লগইন
ব্ৰেকিং

ৰহাত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ সভাত ওলাই আহিল সহস্ৰাধিক সংখ্যালঘু। মুখ্যমন্ত্ৰীয়ে ক'লে....!

ৰহাত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ সভাত ওলাই আহিল সহস্ৰাধিক সংখ্যালঘু।

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে অনিৰুদ্ধ গতিত প্ৰচাৰৰ বাবে নামি পৰিছে বিজেপি। সোমবাৰৰ পৰা নগাঁৱত নিৰ্বাচনী প্ৰচাৰ চলাইছে মুখ্যমন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মা। সোমবাৰে ৰহাৰ প্ৰথমখন নিৰ্বাচনী প্ৰচাৰ সভাত মঞ্চত নাচি-বাগি প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰচাৰ সভাত দলে বলে আহি অংশগ্ৰহণ কৰিলে সহস্ৰাধিক সংঘ্যালঘু ৰাইজে। 

 ৰহাত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ সভাত ওলাই আহিল সহস্ৰাধিক সংখ্যালঘু। মুখ্যমন্ত্ৰীয়ে ক'লে....!

উল্লেখ্য যে, সোমবাৰে তিনিখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মাই। প্ৰচাৰৰ সময়ত মুখ্যমন্ত্ৰীক সংগ দিয়ে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু পীযুষ হাজৰিকাই। ৰহাত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত ৰাইজক উদ্দেশ্য মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "বিধানসভাত শশীকান্ত দাসক জয়ী কৰোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰ দেৱাশীষ শৰ্মাক ৫০ হাজাৰ ভোটত জিকাব লাগিব। মোৰ বিশ্বাস আছে দেৱাশীষ শৰ্মা ৫০ হাজাৰ ভোটত জিকিব।"

তাৰোপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "ৰাইজৰ অভাৱ-অভিযোগ আমি পূৰণ কৰিছোঁ। আমি ২ লাখ চাকৰি দিমেই। আমাৰ দৰিদ্ৰ ল'ৰা-ছোৱালীয়ে চাকৰি পাবই লাগিব। দেৱাশীষ শৰ্মাক জয়ী কৰাওক, মই আৰু শক্তি পাম। দুৰ্গা পূজাৰ সময়ত অৰুণোদয়ত মহিলাসকলে ১৫০০ টকাকৈ লাভ কৰিব। ৰেচন কাৰ্ডত ১০০ টকা তে দাইল-চেনী-নিমখ লাভ কৰিব। শীঘ্ৰে ৰেচন কাৰ্ডৰ জৰিয়তে ৰাইজে মিঠাতেলো লাভ কৰিব।"

সমান্তৰালভাৱে মুখ্যমন্ত্ৰীয়ে কয়, "ৰহাৰ বাট-পথ সম্পূৰ্ণৰূপে নিৰ্মাণ কৰিম। ৫ কোটি টকা ব্যয় সাপেক্ষে অসমৰ সমষ্টিয়ে সমষ্টিয়ে মহিলা বজাৰ নিৰ্মাণ কৰা হ'ব। লগতে প্ৰতিখন গাঁৱত দুগ্ধ সমবায় সমিতি গঠন কৰা হ'ব। চৰকাৰে যোগান ধৰিব দুগ্ধ সমবায় সমিতিৰ গৰু। গো-পালন কৰা মহিলাসকলৰ চৰকাৰে সাহায্য দিব।"

তাৰোপৰি ৰহাত অসম মালাৰ অধীনত ১০০ কিঃমিঃ পকীপথ নিৰ্মাণৰো প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মাই। লগতে বন্ধ হৈ থকা সকলো চৰকাৰী আঁচনি মুকলি কৰাৰো প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। এবছৰত ৰহাৰ ১০ হাজাৰ মহিলাই অৰুণোদয় পাব। 'বিকশিত অসম' আঁচনিত ৫০ হাজাৰ কোটি টকা ব্যয় কৰা হ'ব। তাৰোপৰি আত্মসহায়ক গোটৰ মহিলাসকলক শীঘ্ৰে ২৫ হাজাৰকৈ টকা দিয়াৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মাই।
##assam#newsupdate#latestupdat#election2026#himantabiswasarma#bigupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।