দুৰ্ঘটনাৰ সময়ত ন্যায়াধীশৰ পুত্ৰই গাড়ীখন চলাইছিল বুলি অভিযোগ উত্থাপন হৈছে। বিষয়টো পোহৰলৈ অহাৰ পিছত দেওবাৰে প্ৰথমে তেওঁক থানালৈ লৈ যোৱা হয়। কিন্তু সন্ধিয়াৰ ভিতৰতে থানাৰ পৰাই জামিনত মুকলি কৰি দিয়া হয় ন্যায়াধীশৰ পুত্ৰক। ইয়াৰ প্ৰতিবাদত থানাৰ বাহিৰত বিক্ষোভ প্ৰদৰ্শন কৰে মৃতকৰ পৰিয়ালে। পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে পুনৰ ন্যায়াধীশৰ পুত্ৰক আটক কৰি নিজৰ জিম্মাত লয়। মাৰ্চিডিজ বেঞ্জৰ খুন্দাত এজনৰ মৃত্যুৰ ঘটনাত অনিচ্ছাকৃত হত্যাৰ গোচৰো সংযোজন কৰা হৈছে।
তথ্য অনুসৰি, শনিবাৰে গভীৰ নিশা কোচিৰ সমীপৰ চেৰানাল্লুৰত সংঘটিত হয় দুৰ্ঘটনাটো। ৫৫ বছৰীয়া এজন ব্যৱসায়ীয়ে দোকান বন্ধ কৰি স্কুটাৰেৰে ঘৰলৈ উভতি গৈ আছিল। সেই সময়তে পিছফালৰ পৰা এখন মাৰ্চিডিজ বেঞ্জ গাড়ীয়ে তেওঁক খুন্দা মাৰে। দুৰ্ঘটনাস্থলীতে স্কুটাৰ আৰোহীজনৰ মৃত্যু হয়।
গাড়ীখনৰ পঞ্জীয়ন এগৰাকী আদালতৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ নামত আছে। অভিযোগ অনুসৰি, দুৰ্ঘটনাৰ সময়ত গাড়ীখন চলাই আছিল তেওঁৰ ১৭ বছৰীয়া পুত্ৰই।
আন এক তথ্য অনুসৰি, প্ৰাথমিকভাৱে এই দুৰ্ঘটনাৰ সন্দৰ্ভত BNS ৰ ১০৬ নং ধাৰাৰ অধীনত অৱহেলাৰ ফলত মৃত্যু ঘটোৱাৰ গোচৰ ৰুজু কৰা হৈছে। কিন্তু প্ৰতিবাদৰ পিছত এই ঘটনাত ১০৫ নং ধাৰাৰ অধীনত অনিচ্ছাকৃত হত্যাৰ গোচৰো সংযোজন কৰা হয়।
দেওবাৰে সন্ধিয়া চেৰানাল্লুৰ থানাৰ পৰা ন্যায়াধীশৰ পুত্ৰই জামিন লাভ কৰাৰ লগে লগে প্ৰতিবাদ আৰম্ভ কৰে মৃতকৰ পৰিয়ালে। মৃত ব্যৱসায়ীজনৰ পুত্ৰ-কন্যাৰ লগতে আন কেইবাজনো লোকে থানাৰ বাহিৰত বিক্ষোভ প্ৰদৰ্শন কৰে। তেওঁলোকে ন্যায়াধীশৰ পুত্ৰক আটক কৰি জুভেনাইল জাষ্টিচ ব’ৰ্ডৰ সন্মুখত হাজিৰ কৰোৱাৰ দাবী জনায়। প্ৰতিবাদ চলি থকাৰ সময়তে অসুস্থ হৈ পৰে মৃত ব্যৱসায়ীজনৰ কন্যাও। আৰক্ষীয়ে তেওঁক চিকিৎসালয়লৈ পঠোৱাৰ ব্যৱস্থা কৰে।
তথ্য অনুসৰি, প্ৰাথমিক তদন্তত পোহৰলৈ আহে যে, ন্যায়াধীশৰ নাবালক পুত্ৰই অতি দ্ৰুতগতিত গাড়ীখন চলাইছিল। আৰক্ষীয়ে জনোৱা মতে, ইয়াৰ পূৰ্বেও তেওঁ একেদৰে দ্ৰুতগতিত গাড়ী চলাইছিল।
পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত থানাৰ বাহিৰত প্ৰতিবাদ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰে। প্ৰতিবাদকাৰীসকলৰ সমৰ্থনত আন বহু লোকো তাত আহি গোট খায়। এনে পৰিস্থিতিত অভিযুক্তক পুনৰ জিম্মাত লোৱাৰ সিদ্ধান্ত লয় আৰক্ষীয়ে। সেই অনুসৰি, দেওবাৰে গভীৰ নিশা আৰক্ষীৰ এটা দলে ন্যায়াধীশৰ বাসগৃহত উপস্থিত হয়। তাৰ পৰা ন্যায়াধীশৰ পুত্ৰক নিজৰ জিম্মাত লৈ নিশাই জুভেনাইল জাষ্টিচ ব’ৰ্ডত হাজিৰ কৰোৱা হয়। অৱশেষত জুভেনাইল জাষ্টিচ ব’ৰ্ডৰ পৰা জামিন লাভ কৰে ন্যায়াধীশৰ পুত্ৰই।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।