Friday, 06 November 2026
লগইন
ব্ৰেকিং

৩ দিনীয়া ধৰ্মঘট স্থগিত! কিয় গ্ৰহণ কৰা হ'ল এই সিদ্ধান্ত?

৩ দিনীয়া ধৰ্মঘট স্থগিত!

আজিৰ পৰা তিনিদিনীয়াকৈ বেংক ধৰ্মঘটৰ কথা ঘোষণা কৰিছিল কেইবাটাও বেংক কৰ্তৃপক্ষই। যাৰ বাবে দেওবাৰৰ দিনটোতো বেংকসমূহ খোলা ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছিল। ষ্টেট বেংক অব্ ইণ্ডিয়া, পঞ্জাব নেচনেল বেংক, কানাড়া বেংক,ইউনিয়ন আদি চৰকাৰী বেংকৰ দৰে HDFC বেংক আৰু এক্সিছ বেংকৰ দৰে ব্যক্তিগত বেংকসমূহো দেওবাৰৰ দিনটোত খোলা আছিল।

  কিন্তু এএনআইয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ২৭ ছেপ্টেম্বৰ অৰ্থাৎ দেওবাৰে ইউনাইটেড ফ'ৰাম অৱ বেংক ইউনিয়নে এক বিবৃতিযোগে ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ প্ৰস্তাৱিত তিনিদিনীয়া বেংক ধৰ্মঘট স্থগিত কৰাৰ কথা প্ৰকাশ কৰিছে।

উল্লেখ্য যে, দেওবাৰে নিশা ৯.৩০ বজাত ইণ্ডিয়ান বেংক এছ'চিয়েশ্যন (IBA)আৰু ইউ এফ বি উৰ (UFBU) ৰ মাজত হোৱা বৈঠকৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইউনিয়নসমূহে উত্থাপন কৰা অন্যান্য বিষয়সমূহৰ লগতে বেংক কৰ্মচাৰীসকলৰ বাবে সকলো শনিবাৰ বন্ধৰ দিন হিচাপে লোৱাৰ দীৰ্ঘদিনীয়া দাবীৰ ওপৰত দুয়োপক্ষই আলোচনা কৰে। 

কিয় বেংক ধৰ্মঘট স্থগিত ৰখা হ'ল?

ইউ এফ বি ইউয়ে কয় যে, PTIৰ তথ্য অনুসৰি, ইউনিয়নসমূহে উত্থাপিত কৰা দাবীৰ ওপৰত আই বি এৰ আশ্বাসৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছে। কিন্তু শনিবাৰক শনিবাৰক বন্ধৰ দিন হিচাপে ঘোষণা কৰা দাবী সন্দৰ্ভত আলোচনা কৰিবলৈ আই বি এ আৰু ইউ এফ বি ইউৰ এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰা হ'ব।

কমিটীয়ে সম্ভাৱ্য বিকল্পসমূহৰ ওপৰত বিশ্লেষণ কৰিব আৰু সকলো অংশীদাৰৰ সৈতে আলোচনাত মিলিত হ'ব। ইয়াৰোপৰিও সকলোৰে গ্ৰহণযোগ্য সমাধানৰ বিষয়ত আলোচনা কৰাৰ লগতে বেংকৰ গ্ৰাহকৰ স্বাৰ্থৰ কথাও বিবেচনা কৰা হ'ব। 

উল্লেখ্য যে, বেংকিং সপ্তাহৰ দাবী কিছুদিন ধৰি চলি আছে। বৰ্তমানৰ ব্যৱস্থা অনুসৰি প্ৰতিমাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে বেংক বন্ধ থাকে। কিন্তু বেংক ইউনিয়নে সকলো শনিবাৰে ছুটী বিচাৰি আহিছে। এই বিষয়টো ২০২৪ চনৰ মাৰ্চ মাহত মজুৰি নিষ্পত্তিৰ অংশ আছিল যদিও এই প্ৰস্তাৱৰ বাবে অধিক ব্যৱস্থা গ্ৰহণৰ অপেক্ষা কৰি আছে।

পিএলআইৰ আঁচনিৰ বিষয়ে ইউ এফ বি ইউয়ে কি কয়?

চতুৰ্থ স্কেল আৰু তাৰ ওপৰৰ বিষয়াসকলৰ বাবে পাৰফৰমেন্স লিংকডত ইনচেণ্টিভ আঁচনিখন বেংক ইউনিয়নসমূহে উত্থাপন কৰা আন এটা গুৰুত্বপূৰ্ণ বিষয়। 

ইউ এফ বি ইউয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, পি এল আইৰ আঁচনিৰ ওপৰত আলোচনা এতিয়া আই বি এৰ পৰা আৰম্ভ হ'ব পাৰে। উল্লেখ্য চৰকাৰলৈ কোনো প্ৰস্তাৱ প্ৰেৰণ কৰাৰ পূৰ্বে ইউনিয়ন আৰু এছ'চিয়েশ্যনে তেওঁলোকৰ উদ্বেগ সমাধানৰ উদ্দেশ্য আঁচনিখনৰ সালসলনি কৰিব বিচাৰিছে।

তাৰোপৰি ইউ এফ বি এয়ে কয় যে, ২০২৪ চনৰ ৮ মাৰ্চৰ আলোচনাৰ কাৰ্যবিৱৰণীত তালিকাভুক্ত অন্যান্য বাকী থকা বিযয়ৰ ওপৰত দলসমূহে আলোচনা কৰিব। এই আলোচনাত বাকী থকা বিষয়সমূহৰ ওপৰত অতি সোনকালে সমাধানৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে।

২৮ ছেপ্টেম্বৰত বেংক খোলা থাকিব নেকি?

ধৰ্মঘট স্থগিত কৰাৰ বাবেই ২৮ ছেপ্টেম্বৰ অৰ্থাৎ সোমবাৰে বেংকসমূহে কাম-কাজ কৰাৰ সম্ভাৱনা আছে। 

পৰিকল্পিত তিনিদিনীয়া বন্ধৰ পূৰ্বে গ্ৰাহকসকলক লেনদেন সম্পূৰ্ণ কৰাত সহায় কৰিবলৈ দেওবাৰে কেইবাটাও বেংক শাখা খোলা ৰখা হৈছিল। তথ্য অনুসৰি, দেওবাৰে বেংক খোলা ৰখাৰ লক্ষ্য আছিল ধৰ্মঘটৰ পূৰ্বে গ্ৰাহকৰ বাকী থকা কামবোৰ সম্পূৰ্ণ কৰাত সহায় কৰা। 

আই বি এৰ সৈতে হোৱা শেহতীয়া আলোচনাৰ পিছত ইউ এফ বি ইউ-এ পৰিকল্পিত আন্দোলন আৰু ধৰ্মঘটৰ ব্যৱস্থা স্থগিত কৰিছে। অৰ্থাৎ এই পৰ্যায়ত ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ তিনিদিনীয়া দেশজোৰা বেংক ধৰ্মঘট নহয়। এতিয়া আই বি এ আৰু বেংক ইউনিয়নৰ মাজত অধিক আলোচনাৰ ওপৰত ভিত্তি কৰি পাঁচদিনীয়া কৰ্মসপ্তাহ, শনিবাৰৰ বন্ধ, পিএলআই আঁচনি আৰু অন্যান্য বাকী থকা দাবীসমূহৰ ওপৰত অধিক গুৰুত্ব দিয়া হ'ব।
##assam#latestupdate#bigupdate#breakingnews#bankstrike

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।