Friday, 06 November 2026
লগইন
ব্ৰেকিং

লৰেন্স বিষ্ণৈই গোটে কিয় টাৰ্গেট কৰিছিল অভিনেতা টাইগাৰ শ্ৰফক ?

ৰক্ষা পৰিল অভিনেতা টাইগাৰ

নিউজ ডেস্ক : অভিনেতা টাইগাৰ শ্ৰফৰ ওপৰত হোৱা আক্ৰমণৰ পিছতেই তেওঁৰ এটা নতুন ভিডিঅ' পোহৰলৈ আহিছে । য'ত তেওঁক ড্ৰাইভাৰৰ আসনত বহি গাড়ীৰ ষ্টিয়েৰিং হাতলৈ লোৱা দেখা গৈছে । অভিনেতাগৰাকীয়ে ঘটনাৰ কিছু মুহূৰ্ততে তেওঁ চালকৰ আসন বহি নানাবতী হাস্পতাললৈ লৈ যায়, যাতে গুলীবিদ্ধ হোৱা ড্ৰাইভাৰজনক চিকিৎসালয়ত ভৰ্তি কৰিবলৈ ।

অভিনেতাগৰাকীৰ ওপৰত হোৱা এই হত্যাৰ প্ৰচেষ্টাৰ পিছৰে পৰা কেইবাটাও ভিডিঅ' ওলাই পৰিছে, যিবোৰত দেখা গৈছে যে মুম্বাইৰ জুহুৰ এটা ফুটবল খেলপথাৰৰ পৰা টাইগাৰ শ্ৰফ আহি থকাৰ সময়ত আক্ৰমণকাৰীসকল গাড়ীখনৰ কিমান ওচৰলৈ আহি গুলীবৰ্ষণ কৰিছিল।

প্ৰত্যক্ষদৰ্শীৰ মতে, দুই দুৰ্বৃত্তই গাড়ীখনলৈ লক্ষ্য কৰি পাঁচ জাঁই গুলী ফুটোৱা দেখা গৈছিল । তাৰ পিছতে ড্ৰাইভাৰজন গাড়ীৰ পৰা ওলাই অহাৰ লগে লগে, আক্ৰমণকাৰীয়ে সহযোগীয়ে ইতিমধ্যে সাজু কৰি ৰখা বাইক এখনত উঠি পলাই যায় ।

ইফালে লৰেন্স বিষ্ণৈই গোটটোৱে টাইগাৰ শ্ৰফৰ ওপৰত হোৱা এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে । গেংষ্টাৰ অনিল পণ্ডিতে ছচিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি এই হত্যাৰ প্ৰচেষ্টাৰ দায়িত্ব লয় । 
সূত্ৰ অনুসৰি, বাবা চিদ্দিকী হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগ থকা অনিল পণ্ডিত, হৰমন সান্ধু আৰু শুভম লোনকাৰ বৰ্তমান কেলিফৰ্ণিয়াত আছে । অনিল পণ্ডিত হাৰিয়ানাৰ বাসিন্দা । পণ্ডিতে ইয়াৰ পূৰ্বেও কেইবাটাও আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে । সূত্ৰসমূহে অনিল পণ্ডিতক লৰেন্স বিষ্ণৈইৰ এজন ঘনিষ্ঠ সহযোগী বুলি বৰ্ণনা কৰিছে ।

মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ সিন্দেয়ে শ্ৰফৰ বাসগৃহত উপস্থিত হৈ তেওঁক সাক্ষাৎ কৰে । সূত্ৰই প্ৰকাশ কৰা অনুসৰি হত্যাৰ প্ৰচেষ্টাৰ পিছত অভিযুক্তসকল আন্ধেৰী ষ্টেচনলৈ গৈছিল। অভিযুক্তসকলে জুহুৰ পৰা আন্ধেৰীলৈ পলাই যাবলৈ ব্যৱহাৰ কৰা বাইকখন আৰক্ষীয়ে জব্দ কৰিছে আৰু প্ৰাথমিক তদন্তত এই দুচকীয়া বাহনখন মুম্বাইৰে বুলি জানিব পৰা গৈছে । বাইকখন ডি এন নগৰ আৰক্ষী থানাত ৰখা হৈছে।

অভিনেতাগাৰকীয়ে ছালমান খানৰ সৈতে অভিনয় কৰাৰ বাবে বিষ্ণৈই গোটে আক্ৰমণ কৰা বুলি সন্দেহ কৰা হৈছে ।
##bbigupdate #newsupdate #celebritynews #tigershroff #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।