Thursday, 05 November 2026
লগইন

অভিনেতা টাইগাৰ শ্ৰফলৈ গুলীচালনা : বিদেশত চাকৰি, আগধন হিচাপে ৫০ হাজাৰ দিছিল তিনি দুৰ্বৃত্তক !

বিদেশত চাকৰি, আগধন হিচাপে ৫০ হাজাৰ দিছিল তিনি দুৰ্বৃত্তক !

নিউজ ডেস্ক : মুম্বাইৰ জুহুত অভিনেতা টাইগাৰ শ্ৰফলৈ লক্ষ্য কৰি গুলীচালনা কৰা ঘটনাৰ তদন্তই এক নতুন মূৰ লৈছে ৷ ৰাজস্থানৰ কোটা ৰে’ল ষ্টেচনৰ পৰা সন্দেহযুক্ত তিনিজনক গ্ৰেপ্তাৰৰ পাছতে ক্ৰমান্বয়ে পোহৰলৈ আহিছে ঘটনাৰ ৰহস্য ৷ প্ৰাথমিক তথ্য অনুসৰি, আক্ৰমণটোৰ বাবে গ্ৰেপ্তাৰ কৰা সন্দেহযুক্তসকলক আগধন হিচাপে মুঠ ৫০,০০০ টকা দিয়া হৈছিল ।

ইয়াৰ উপৰি বৃহৎ পৰিমাণৰ ধন আৰু ভৱিষ্যতে বিদেশত স্থায়ীভাৱে বসবাস কৰাৰ প্ৰতিশ্ৰুতি দি তেওঁলোকক এই কামৰ বাবে প্ৰলোভিত কৰা হৈছিল । ইফালে, মুম্বাই আৰক্ষীয়ে আন্ধেৰী ৰে’ল ষ্টেচনৰ ওচৰৰ পৰা আক্ৰমণকাৰীসকলে ব্যৱহাৰ কৰা মটৰচাইকেলখন পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰিছে ।

চিচিটিভি ফুটেজত অভিযুক্তজনে বাইকখন তাত থৈ ৰে’ল ষ্টেচনৰ দিশে খোজ কাঢ়ি যোৱা দেখা গৈছে । অৱশ্যে, গুলীচালনাত ব্যৱহাৰ কৰা পিষ্টল আৰু অন্যান্য অস্ত্ৰ-শস্ত্ৰ এতিয়াও উদ্ধাৰ হোৱা নাই । অস্ত্ৰসমূহ ক’ত লুকুৱাই ৰখা হৈছে আৰু এই আক্ৰমণৰ বাবে কোনে ধন যোগান ধৰিছিল, সেই তথ্য লাভ কৰিবলৈ মুম্বাই আৰক্ষীয়ে অভিযুক্তসকলক জেৰা কৰিব।

ইফালে কটাকটীয়া নিৰাপত্তাৰ মাজেৰে ৰাজস্থানৰ কোটাৰ পৰা মুম্বাইলৈ নিয়া হয় অভিনেতা টাইগাৰ শ্ৰফলৈ লক্ষ্য কৰি গুলীচালনা কৰাৰ সন্দেহত গ্ৰেপ্তাৰ কৰা তিনিজনক ৷ 

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।