Friday, 06 November 2026
লগইন
ব্ৰেকিং

ট্ৰাকে মহতিয়াই নিলে শীতল মা দৰ্শনৰ বাবে যোৱা ভক্তক, ১২জনৰ মৃত্যু

ট্ৰাকে মহতিয়ালে ভক্তক

নিউজ ডেস্ক : শনিবাৰে মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ শীতল মাতা মন্দিৰৰ সমীপত ভয়ংকৰ ঘটনা সংঘটিত হয় । পূজাৰ বাবে সমবেত হোৱা ভক্তক মহতিয়ই নিয়ে এখন ট্ৰাকে । যাৰ ফলত প্ৰায় ১২ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।

ঘটনাৰ সন্দৰ্ভত গোৱালিয়ৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ধৰ্মবীৰ সিঙে জনোৱা মতে,”ঘটনাটো নিশা প্ৰায় ১:৩০ বজাত সংঘটিত হয় । ছীনোৰ দিশৰ পৰা অহা ধান ভৰ্তি ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই পেলায় । ট্ৰাকখনে আৰক্ষীৰ বেৰিকেড ভাঙি পথৰ ওপৰত ভক্তক মহতিয়াই লৈ যায় আৰু মন্দিৰৰ বাহিৰৰ দেৱাল তথা গেটত খুন্দা মাৰে ।”

তেওঁ লগতে কয়, "ঘটনাস্থলীত কৰ্তব্যৰত দুজন আৰক্ষী কৰ্মীও আহত হয় আৰু তেওঁলোকৰ চিকিৎসা চলি আছে । ৩৯ জন লোকক হাস্পতাললৈ লৈ যোৱা হৈছিল যদিও ১২ জনৰ মৃত্যু হয় ।”
গোৱালিয়ৰৰ জিলা উপায়ুক্ত ৰুচিকা চৌহানেও ঘটনাৰ সন্দৰ্ভত কয়, "মাজ নিশা প্ৰায় ১:৩০ বজাত খবৰ পোৱা গৈছিল যে ছীনোৰ দিশৰ পৰা অহা ট্ৰাকে মন্দিৰত সমবেত হোৱা লোকক মহতিয়াই নিয়া বুলি । ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত ১১ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু ৫ ৰ পৰা ৬ জন গুৰুতৰভাৱে আহত হৈছে ।"

চৌহানে উল্লেখ কৰে যে নৱৰাত্ৰিৰ সময়ত পথছোৱাত স্থাপন কৰা বেৰিকেড আৰু আৰক্ষীৰ তালাচী চকী পাৰ হৈ ট্ৰাকখন কেনেকৈ ভিতৰলৈ সোমাই আহিবলৈ সক্ষম হ’ল, সেই সন্দৰ্ভত কৰ্তৃপক্ষই এক তদন্ত আৰম্ভ কৰিছে।

তেওঁ কয়, "নৱৰাত্ৰিৰ সময়ত সেই পথটোত এটা প্ৰতিৰোধক আৰু এটা আৰক্ষীৰ তালাচী চকী আছিল । গতিকে বাহনখন কেনেকৈ ভিতৰলৈ সোমাবলৈ পাৰিলে সেয়া তদন্তৰ বিষয়। ট্ৰাকখনৰ যান্ত্ৰিক পৰীক্ষা কৰিবলৈ আৰু কি সমস্যা হৈছিল তথা ই কেনেকৈ বাওঁফালে গতি কৰিলে সেয়া বিচাৰি উলিয়াবলৈ আমি এটা আৰটিঅ’ (RTO) দলো পঠিয়াইছো।"

ঘটনাস্থলীৰ এজন প্ৰত্যক্ষদৰ্শীৰ মতে, ট্ৰাকখন অতিৰিক্ত বোজা আছিল। যাৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই পেলায় আৰু থিতাতে কেইবাজনো লোকৰ মৃত্যু হয়।
##bigupdate #newsupdate #tragicincident #madhyapradesh #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।