Thursday, 05 November 2026
লগইন
ব্ৰেকিং

স্পেইনত ভয়ংকৰ ৰে'ল দুৰ্ঘটনা, ৬৪জনৰ মৃত্যু

ভয়ংকৰ ৰে'ল দুৰ্ঘটনা

নিউজ ডেস্ক : স্পেইনৰ ৰাজধানী মাদ্ৰিদৰ সমীপত বুধবাৰে পুৱতি নিশা সংঘটিত এক ভয়ংকৰ ৰে'ল দুৰ্ঘটনা । কমেও ৬৪জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হৈছে। এই দুৰ্ঘটনাৰ পিছতে মাদ্ৰিদ, চিউডাড ৰিয়েল আৰু আন্দালুছিয়াৰ মাজৰ ৰে'ল সেৱা বন্ধ কৰি দিয়া হয়।

দেশখনৰ ৰে'ল পৰিবহণ ব্যৱস্থাৰ পৰিচালন সংস্থা ADIF-এ জনোৱা অনুসৰি, স্থানীয় সময় অনুসৰি পুৱা ৯ বজাত টলেডো প্ৰদেশত এই দুৰ্ঘটনা সংঘটিত হয়।

ABC Newsৰ প্ৰতিবেদন অনুসৰি, চালকৰ ভুলৰ ফলতে এই ৰে'ল দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি, ৰে'লৰ মূল সংকেত ব্যৱস্থাত দেখা দিয়া বিজুতি মেৰামতি কৰি থকা এগৰাকী ৰাজহুৱা সেৱাৰ কৰ্মচাৰীয়ে আহি থকা এখন Iryo ৰে'লৰ বিষয়ে AVE উচ্চবেগী ৰে'লখনক সতৰ্ক কৰিবলৈ ব্যৰ্থ হয়।

বুধবাৰে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম X-ত প্ৰকাশ কৰা এটা বাৰ্তাত ADIF-এ কয়, "দুখন ৰে'লৰ মাজত পিছফালৰ পৰা সংঘৰ্ষ হোৱাৰ পিছত মাদ্ৰিদ-আন্দালুছিয়া উচ্চবেগী ৰে'লপথত ৰে'ল চলাচল বন্ধ কৰি দিয়া হৈছে।"

জানিব পৰা মতে, দক্ষিণমুখী চৰকাৰী মালিকানাধীন Renfe AVE ৰে'লখনে মাদ্ৰিদ-আন্দালুছিয়া উচ্চবেগী ৰে'লপথত ৰৈ থকা এখন Iryo ৰে'লত পিছফালৰ পৰা খুন্দা মাৰে। সংঘৰ্ষৰ ফলত কেইবাটাও ৰে'লৰ ডবা ঢালৰ তললৈ বাগৰি পৰে।

কাষ্টিলা-লা মাঞ্চা অঞ্চলৰ মুখপাত্ৰ এস্থাৰ পাডিলাই জনোৱা অনুসৰি, দুৰ্ঘটনাত পতিত Renfe ৰে'লখনত ৩৯৭জন যাত্ৰী আৰু Iryo ৰে'লখনত ১৪৭জন যাত্ৰী আছিল।
ইটালীৰ মালিকানাধীন ৰে'ল কোম্পানী Iryo-ই এক বিবৃতিযোগে কয় যে তেওঁলোকে "নিৰাপত্তা সম্পৰ্কীয় জৰুৰী ব্যৱস্থাসমূহ কাৰ্যকৰী কৰিছে আৰু কৰ্তৃপক্ষৰ সৈতে ঘনিষ্ঠভাৱে সহযোগিতা কৰি আছে।"

স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ' ছানচেজৰ প্ৰতিক্ৰিয়া
বুধবাৰে স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ' ছানচেজে দেশখনৰ উচ্চবেগী ৰে'ল নেটৱৰ্কত এই বছৰ দ্বিতীয়বাৰৰ বাবে সংঘটিত ৰে'ল দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰে। তেওঁ এই ঘটনাত "স্তম্ভিত" হোৱা বুলি উল্লেখ কৰে।
উল্লেখযোগ্য যে চলিত বছৰৰ জানুৱাৰী মাহত আদামুছত এখন ৰে'ল লাইনচ্যুত হোৱাৰ পিছত আন এখন ৰে'লৰ সৈতে সংঘৰ্ষ হৈছিল। সেই ভয়ংকৰ দুৰ্ঘটনাত ৪৫জন লোকৰ মৃত্যু হৈছিল।


এই বছৰ স্পেইনৰ উচ্চবেগী ৰে'ল নেটৱৰ্কত সংঘটিত এয়া দ্বিতীয়টো ভয়ংকৰ ৰে'ল দুৰ্ঘটনা। ২০১৩ চনৰ পিছত স্পেইনত সংঘটিত হোৱা এয়াই আটাইতকৈ প্ৰাণঘাতী ৰে'ল দুৰ্ঘটনা বুলি উল্লেখ কৰা হৈছে। ২০১৩ চনত সংঘটিত এটা ৰে'ল দুৰ্ঘটনাত ৮০জন লোকৰ মৃত্যু হৈছিল।
জানুৱাৰী মাহৰ দুৰ্ঘটনাটোৱে দেশখনৰ বিস্তৃত উচ্চবেগী ৰে'ল পৰিবহণ ব্যৱস্থাৰ সুৰক্ষাৰ ওপৰত জনসাধাৰণৰ আস্থা জোকাৰি গৈছিল।
##bigupdate #newsupdate #horrificincident #spain #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।