Saturday, 21 November 2026
লগইন
ব্ৰেকিং

ট্ৰাম্প-পুটিন-জিনপিঙৰ গুৰুত্বপূৰ্ণ বৈঠক, পৰমাণু-শক্তিৰ সন্দৰ্ভত আলোচনাৰ সম্ভাৱনা

তিনি ৰাষ্ট্ৰ মুৰব্বী মিলিত হ’ব আলোচনাত

নিউজ ডেস্ক : অহা সপ্তাহত চীনত অনুষ্ঠিত হ’বলগীয়া এক সন্মিলন আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং বৈঠকত মিলিত হোৱাৰ কথা প্ৰকাশ কৰিছে । তিনি নেতাৰ বৈঠকৰ পৰিকল্পনাৰ কথা উল্লেখ কৰিছে হোৱাইট হাউছে ।

হোৱাইট হাউছৰ মুখপাত্ৰ অলিভিয়া ৱেলছে সাংবাদিকক জনোৱা অনুসৰি, এছিয়া-পেচিফিক ইকনমিক ক’অপাৰেচন (APEC) সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ট্ৰাম্পে চীনৰ শ্বেনঝেন চহৰ ভ্ৰমণ কৰিব । সেই সময়তে আমেৰিকা, ৰাছিয়া আৰু চীনৰ ৰাষ্ট্ৰমুৰব্বীৰ নেতাসকলৰ মাজত এই ঐতিহাসিক বৈঠক অনুষ্ঠিত হ’ব।

ৱেলছে কয়, "ৰাষ্ট্ৰপতিগৰাকীয়ে স্পষ্ট কৰি দিছে যে আন বিষয়সমূহৰ লগতে বিশ্বত পাৰমাণৱিক অস্ত্ৰৰ সংখ্যা হ্ৰাস কৰাৰ বিষয়টোও তেওঁ আলোচনাত উত্থাপন কৰিব। ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মতে, পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰ অতি বিপজ্জনক।"

বুজা গৈছে যে বিশ্বৰ সৰ্বাধিক পাৰমাণৱিক অস্ত্ৰৰ অধিকাৰী তিনিখন দেশৰ নেতাৰ এই বৈঠকত ইৰানৰ বিষয়টোও আলোচনা হ’ব পাৰে। অৱশ্যে ইউক্ৰেইনৰ বিষয়টো আলোচনাৰ তালিকাত নথকাৰ সম্ভাৱনা আছে। এই সন্দৰ্ভত মস্কো আৰু বেইজিঙে এতিয়ালৈকে কোনো মন্তব্য প্ৰকাশ কৰা নাই।

২১খন সদস্য ৰাষ্ট্ৰৰ মাজত অনুষ্ঠিত হ’বলগীয়া দুদিনীয়া APEC সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ট্ৰাম্পে বুধবাৰে নিশা শ্বেনঝেনত উপস্থিত হ’ব। ইয়াৰ উপৰি বৃহস্পতিবাৰে চীনৰ ৰাষ্ট্ৰপতি জিনপিঙৰ সৈতে দ্বিপাক্ষিক বৈঠকতো মিলিত হ’ব ট্ৰাম্প। ২০২৫ চনত পুনৰ ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত দুয়োগৰাকী নেতাৰ মাজত এয়া হ’ব চতুৰ্থখন বৈঠক।

হোৱাইট হাউছৰ মুখপাত্ৰ অলিভিয়া ৱেলছে কয়, "চীন ভ্ৰমণৰ অন্তিম কাৰ্যসূচী হিচাপে আমেৰিকাৰ ৰাষ্ট্ৰপতি, চীনৰ ৰাষ্ট্ৰপতি আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ মাজত এখন ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হ’ব।"
##Trump #Putin #Xi #China #WhiteHouse #TrumpPutin Xijointmeeting #WhiteHousesays

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।