অহা ২৮ অক্টোবৰত তীব্ৰ ঘূৰ্ণীবতাহ 'অৰ্ণৱ' স্থলভাগত প্ৰৱেশ কৰাৰ দিশে অগ্ৰসৰ হোৱাৰ পৰিপ্ৰেক্ষিতত ওড়িশা চৰকাৰে ৰাজ্যখনৰ দক্ষিণ দিশৰ ৬খন জিলাৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে আৰু অসুৰক্ষিত অঞ্চলৰ পৰা লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা আৰম্ভ কৰিছে ।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ শেহতীয়া বুলেটিনত প্ৰকাশ পাইছে যে ঘূৰ্ণীবতাহ জাক পশ্চিম-উত্তৰ-পশ্চিম দিশলৈ গতি কৰি থকাৰ সম্ভাৱনা আছে আৰু অহা ১২ ঘণ্টাৰ ভিতৰত একেটা অঞ্চলতে এক অতি তীব্ৰ ঘূৰ্ণীবতাহৰ ৰূপান্তৰিত হ'ব । ২৮ অক্টোবৰৰ দুপৰীয়াৰ ভিতৰত ই ঘণ্টাত সৰ্বাধিক ১১৫-১২৫ কিলোমিটৰ বেগত আৰু কেতিয়াবা ১৪০ কিলোমিটৰ বেগত বতাহ বলাৰ সম্ভাৱনা আছে।
অন্ধ্ৰপ্ৰদেশ চৰকাৰে বিষয়া-কৰ্মচাৰীসকলক বান প্ৰৱণ এলেকাৰ পৰা লোকসকলক স্থানান্তৰ কৰিবলৈ আৰু দুৰ্যোগ সঁহাৰি বাহিনী মোতায়েন কৰিবলৈ নিৰ্দেশ দিছে । বিষয়াসকলে জনোৱা মতে, মুখ্যমন্ত্ৰী এন. চন্দ্ৰবাবু নাইডুৱে সমগ্ৰ ৰাজ্যখনতে তীব্ৰ প্ৰস্তুতিৰ নিৰ্দেশ দিছে আৰু ৪,৭১১ গৰাকী গৰ্ভৱতী মহিলাক সুৰক্ষিত স্বাস্থ্য কেন্দ্ৰলৈ স্থানান্তৰ কৰা হ’ব। তেওঁলোকে লগতে কয় যে ৩০,০৪৩ খন মাছমৰীয়া নাও বন্ধ কৰা ।
এই ঘূৰ্ণীবতাহজাক (আন্দামান দ্বীপপুঞ্জৰ পৰা প্ৰায় ৫৯০ কিলোমিটৰ উত্তৰ-পশ্চিমত, বিশাখাপত্তনম (অন্ধ্ৰপ্ৰদেশ)ৰ পৰা ৬৫০ কিলোমিটৰ পূব-দক্ষিণ-পূবত, কাকিনাড়া (অন্ধ্ৰপ্ৰদেশ)ৰ পৰা ৭৩০ কিলোমিটৰ পূব-দক্ষিণ-পূবত, মছলিপত্তনম (অন্ধ্ৰপ্ৰদেশ)ৰ পৰা ৮৩০ কিলোমিটৰ পূবত আৰু বাপাটলা (অন্ধ্ৰপ্ৰদেশ)ৰ পৰা ৯১০ কিলোমিটৰ পূবত অৱস্থিত হৈ আছে ।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।